--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কি হৈ আছে...এজনী হিন্দু ছোৱালীৰ কাষত বহাই কাল হল এজন মুছলমান ল'ৰাৰ বাবে। হৰিদ্বাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ভিডিঅ’টো বুধবাৰৰ দুপৰীয়াৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’টোত দেখা অনুসৰি হিন্দু ছোৱালীৰ কাষত বহি থকা মুছলমান লকাটোক বেয়াকৈ প্ৰহাৰ কৰে এটা হিন্দু সংগঠনে।

হৰকি পৌৰী অঞ্চলৰ গংগা ঘাটত বহি আছিল দুয়ো। মুছলমান যুৱকজনক মাৰপিট কৰাৰ লগতে মূৰৰ চুলি খুৰাই দিয়ে। ইয়াৰ পিছত ভিডিঅ’টো ফেচবুকত পোষ্ট কৰাৰ পাছত ইণ্টাৰনেট মিডিয়াত ভাইৰেল হৈ পৰে। ছোৱালীজনীৰ সৈতে থিয় হৈ থকা মুছলমান যুৱকজনক ইটোৰ পিছত সিটোকৈ চৰ মাৰে সংগঠনৰ সদস্যই। 

তেওঁলোকৰ বিৰুদ্ধে লাভ জেহাদৰ অভিযোগ উত্থাপন কৰিছে। ছোৱালীজনীয়ে বাৰে বাৰে কৈ আছে যে এনেকুৱা একো নহয়। ছোৱালীজনীয়ে যুৱকজনৰ হাতত ধৰি বচাবলৈ চেষ্টা চলাইছে যদিও অভিযুক্তই তেওঁক ধৰি পুনৰ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। কেৱল এয়াই নহয়, ডেকাজনক বহিবলৈ দিয়া হ’ল আৰু এজন নাপিতক মাতি আনি চুলি খুৰাই দিয়া হ’ল। তেওঁলোকৰ লগত থকা আন এজন যুৱক-যুৱতীকো ধৰি জেৰা কৰি থকা হৈছে।

ল’ৰাটো কাশীপুৰৰ আৰু ছোৱালীজনী বিজনুৰৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষী তদন্তত নামি পৰিছে। এছ এছ পি প্ৰমেন্দ্ৰ সিং ডোবালে কয় যে বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে। এক গোচৰ ৰুজু কৰা হৈছে। কাকো আইন নিজৰ হাতত ল’বলৈ দিয়া নহ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ