--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কি হৈ আছে...এজনী হিন্দু ছোৱালীৰ কাষত বহাই কাল হল এজন মুছলমান ল'ৰাৰ বাবে। হৰিদ্বাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ভিডিঅ’টো বুধবাৰৰ দুপৰীয়াৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’টোত দেখা অনুসৰি হিন্দু ছোৱালীৰ কাষত বহি থকা মুছলমান লকাটোক বেয়াকৈ প্ৰহাৰ কৰে এটা হিন্দু সংগঠনে।

হৰকি পৌৰী অঞ্চলৰ গংগা ঘাটত বহি আছিল দুয়ো। মুছলমান যুৱকজনক মাৰপিট কৰাৰ লগতে মূৰৰ চুলি খুৰাই দিয়ে। ইয়াৰ পিছত ভিডিঅ’টো ফেচবুকত পোষ্ট কৰাৰ পাছত ইণ্টাৰনেট মিডিয়াত ভাইৰেল হৈ পৰে। ছোৱালীজনীৰ সৈতে থিয় হৈ থকা মুছলমান যুৱকজনক ইটোৰ পিছত সিটোকৈ চৰ মাৰে সংগঠনৰ সদস্যই। 

তেওঁলোকৰ বিৰুদ্ধে লাভ জেহাদৰ অভিযোগ উত্থাপন কৰিছে। ছোৱালীজনীয়ে বাৰে বাৰে কৈ আছে যে এনেকুৱা একো নহয়। ছোৱালীজনীয়ে যুৱকজনৰ হাতত ধৰি বচাবলৈ চেষ্টা চলাইছে যদিও অভিযুক্তই তেওঁক ধৰি পুনৰ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। কেৱল এয়াই নহয়, ডেকাজনক বহিবলৈ দিয়া হ’ল আৰু এজন নাপিতক মাতি আনি চুলি খুৰাই দিয়া হ’ল। তেওঁলোকৰ লগত থকা আন এজন যুৱক-যুৱতীকো ধৰি জেৰা কৰি থকা হৈছে।

ল’ৰাটো কাশীপুৰৰ আৰু ছোৱালীজনী বিজনুৰৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষী তদন্তত নামি পৰিছে। এছ এছ পি প্ৰমেন্দ্ৰ সিং ডোবালে কয় যে বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে। এক গোচৰ ৰুজু কৰা হৈছে। কাকো আইন নিজৰ হাতত ল’বলৈ দিয়া নহ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক