--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’বলৈ অধিক সময় লাগিব পাৰে। হৰিদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান চলোৱাৰ কথা কয়। মুখ্যমন্ত্ৰী ধামীয়ে কয়, "উদ্ধাৰ অভিযান চূড়ান্ত পৰ্যায়ত আছে। 

প্ৰধানমন্ত্ৰী মোদীয়ে অহৰহ শ্ৰমিকসকলৰ সম্পূৰ্ণ তথ্য গ্ৰহণ কৰি সমাধানৰ বিষয়ে আলোচনা কৰে। উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো সংস্থাই একেলগে কাম কৰি আছে। আমি আশা কৰিছো যে এই অভিযান সফল হ'ব। এয়া সোনকালে সম্পূৰ্ণ হ'ব আৰু সকলো শ্ৰমিক ওলাই আহিব।"

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ উদ্ধাৰৰ কাম চলি আছে আৰু আৰু দুটা পাইপ এতিয়াও ভিতৰলৈ যাবলৈ বাকী আছে। বৰ্তমান প্ৰায় ৪৬.৮ মিটাৰ আৰু ৬ মিটাৰ পাইপ ৫১-৫২ মিটাৰ পোৱাৰ সম্ভাৱনা আছে। এতিয়া পাইপ সংযোগ কৰিবলৈ প্ৰায় ২ ঘণ্টা সময় লাগিব। যোৱা ২৪ ঘন্টাত ১ মিটাৰমানো লৰচৰ কৰা নাই পাইপটো।

সুৰংগটোত ড্ৰিলিঙৰ কাম আৰম্ভ হৈছে আৰু বৰ্তমান ভিতৰত ৮০০ মিমিৰ পাইপ সুমুৱাই দিয়া হৈছে যদিও এই পাইপ পুনৰ আবদ্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ বাবে সুৰংগটোৰ ভিতৰলৈ ৭০০ মিমি পাইপো লৈ যোৱা হৈছে।

বৃহস্পতিবাৰে নিশাৰ পৰা ছিলকিয়াৰা সুৰংগত খনন কৰি থকা উদ্ধাৰকাৰী দলসমূহে ইটোৰ পিছত সিটোকৈ বহু বাধাৰ সন্মুখীন হ’বলগীয়া হয়। এতিয়া সেই বাধাবোৰ আঁতৰি গৈছে। এতিয়া আশা কৰা হৈছে যে শুকুৰবাৰে সন্ধিয়াৰ ভিতৰত উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’ব। পিএমঅ’ৰ প্ৰাক্তন উপদেষ্টা তথা উত্তৰকাশী সুৰংগ উদ্ধাৰ স্থানত উদ্ধাৰ অভিযানৰ নেতৃত্ব দিয়া ভাস্কৰ খুলবে কয় যে আজি সন্ধিয়াৰ ভিতৰত সাহায্য আৰু উদ্ধাৰৰ কাম সম্পূৰ্ণ হ’ব। খুলবে জনোৱা মতে, পুৱা ১১.৩০ বজাৰ ভিতৰত ড্ৰিলিং আৰম্ভ কৰা হৈছে। এতিয়া ছিলকিয়াৰা সুৰংগত প্ৰায় ১২ মিটাৰ ড্ৰিলিং বাকী আছে।

ছিলকিয়াৰা সুৰংগ দুৰ্ঘটনাৰ ১৩ দিন হ’ল। সুৰংগটোত ৪১ জন শ্ৰমিকে প্ৰাণ-মৃত্যুৰ বাবে যুঁজি আছে। তেওঁলোকক বচাবলৈ দেশ-বিদেশৰ সকলো সংস্থা, বিজ্ঞানী, বিশেষজ্ঞ আৰু NDRF, SDRF, BRO সকলোৱে যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক