--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’বলৈ অধিক সময় লাগিব পাৰে। হৰিদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান চলোৱাৰ কথা কয়। মুখ্যমন্ত্ৰী ধামীয়ে কয়, "উদ্ধাৰ অভিযান চূড়ান্ত পৰ্যায়ত আছে। 

প্ৰধানমন্ত্ৰী মোদীয়ে অহৰহ শ্ৰমিকসকলৰ সম্পূৰ্ণ তথ্য গ্ৰহণ কৰি সমাধানৰ বিষয়ে আলোচনা কৰে। উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো সংস্থাই একেলগে কাম কৰি আছে। আমি আশা কৰিছো যে এই অভিযান সফল হ'ব। এয়া সোনকালে সম্পূৰ্ণ হ'ব আৰু সকলো শ্ৰমিক ওলাই আহিব।"

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ উদ্ধাৰৰ কাম চলি আছে আৰু আৰু দুটা পাইপ এতিয়াও ভিতৰলৈ যাবলৈ বাকী আছে। বৰ্তমান প্ৰায় ৪৬.৮ মিটাৰ আৰু ৬ মিটাৰ পাইপ ৫১-৫২ মিটাৰ পোৱাৰ সম্ভাৱনা আছে। এতিয়া পাইপ সংযোগ কৰিবলৈ প্ৰায় ২ ঘণ্টা সময় লাগিব। যোৱা ২৪ ঘন্টাত ১ মিটাৰমানো লৰচৰ কৰা নাই পাইপটো।

সুৰংগটোত ড্ৰিলিঙৰ কাম আৰম্ভ হৈছে আৰু বৰ্তমান ভিতৰত ৮০০ মিমিৰ পাইপ সুমুৱাই দিয়া হৈছে যদিও এই পাইপ পুনৰ আবদ্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ বাবে সুৰংগটোৰ ভিতৰলৈ ৭০০ মিমি পাইপো লৈ যোৱা হৈছে।

বৃহস্পতিবাৰে নিশাৰ পৰা ছিলকিয়াৰা সুৰংগত খনন কৰি থকা উদ্ধাৰকাৰী দলসমূহে ইটোৰ পিছত সিটোকৈ বহু বাধাৰ সন্মুখীন হ’বলগীয়া হয়। এতিয়া সেই বাধাবোৰ আঁতৰি গৈছে। এতিয়া আশা কৰা হৈছে যে শুকুৰবাৰে সন্ধিয়াৰ ভিতৰত উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’ব। পিএমঅ’ৰ প্ৰাক্তন উপদেষ্টা তথা উত্তৰকাশী সুৰংগ উদ্ধাৰ স্থানত উদ্ধাৰ অভিযানৰ নেতৃত্ব দিয়া ভাস্কৰ খুলবে কয় যে আজি সন্ধিয়াৰ ভিতৰত সাহায্য আৰু উদ্ধাৰৰ কাম সম্পূৰ্ণ হ’ব। খুলবে জনোৱা মতে, পুৱা ১১.৩০ বজাৰ ভিতৰত ড্ৰিলিং আৰম্ভ কৰা হৈছে। এতিয়া ছিলকিয়াৰা সুৰংগত প্ৰায় ১২ মিটাৰ ড্ৰিলিং বাকী আছে।

ছিলকিয়াৰা সুৰংগ দুৰ্ঘটনাৰ ১৩ দিন হ’ল। সুৰংগটোত ৪১ জন শ্ৰমিকে প্ৰাণ-মৃত্যুৰ বাবে যুঁজি আছে। তেওঁলোকক বচাবলৈ দেশ-বিদেশৰ সকলো সংস্থা, বিজ্ঞানী, বিশেষজ্ঞ আৰু NDRF, SDRF, BRO সকলোৱে যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ