--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশত বৈবাহিক ধৰ্ষণৰ বিষয়টোৱে আদালতৰ মজিয়াত পাকঘূৰণি খাই থকাৰ সময়তে হিন্দু মহাপঞ্চায়তৰ আহ্বায়ক প্ৰীত সিং, তেওঁৰ ভাতৃ আৰু পিতৃৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰীত সিঙৰ পত্নীয়ে।

স্বামীৰ অপ্ৰাকৃতিক যৌন লালসা আৰু শহুৰ, দেৱৰেকৰ বলাৎকাৰৰ বলি হোৱা প্ৰীত সিঙৰ পত্নী নিত্যই তেওঁৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰি কৈছে— '১৬ মে'ৰ নিশা প্ৰায় ১২:০০ বজাত মই উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিণী অঞ্চলত শহুৰৰ  ঘৰৰ পৰা পলাই গৈছিলো। সুযোগ পোৱাৰ লগে লগে মই মোৰ পুত্ৰৰ হাতত ধৰি পলাই গৈছিলো'। 

স্বামীৰ ঘৰৰ পৰা কেইকিলোমিটাৰ দূৰত থকা নিজৰ মাক-দেউতাকৰ ঘৰত উপস্থিত হোৱাৰ পিছতে ৩২ বছৰীয়া নিত্যই বেগমপুৰ আৰক্ষী থানালৈ গৈছিল আৰু যোৱা দুবছৰ ধৰি তেওঁক তেওঁৰ শহুৰেক আৰু দেৱৰেকে কেইবাবাৰো ধৰ্ষণ কৰা বুলি অভিযোগ কৰিছিল।তেওঁৰ অভিযোগৰ ভিত্তিত তেওঁৰ স্বামী, ভায়েক, শহুৰেকৰ বিৰুদ্ধে ধৰ্ষণ, অপ্ৰাকৃতিক যৌন কামনা আৰু শাৰীৰিক হিংসাৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য নিত্য হৈছে চেভ ইণ্ডিয়া ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক প্ৰীত সিঙৰ পত্নী। একেটা ফাউণ্ডেচনে হিন্দু মহাপঞ্চায়তৰ দৰে কাৰ্যসূচী আয়োজন কৰিছিল।  উক্ত কাৰ্যসূচীতে য়াতি নৰসিংহানন্দ আৰু সুদৰ্শন নিউজৰ সুৰেশ চৱঙ্কেৰে ঘৃণাভৰা ভাষণ প্ৰদান কৰি দেশজুৰি তোলপাৰ লগাইছিল।  প্ৰীত সিঙেও  যোৱা বছৰৰ আগষ্ট মাহত দিল্লীৰ  যন্তৰ মন্তৰত ঘৃণাভৰা ভাষণ দি গ্ৰেপ্তাৰ হৈছিল। তেওঁ বৰ্তমান জামিনত আছে।

নিত্যই কৰা অভিযোগৰ তদন্ত চলাই থকা তদন্তকাৰী বিষয়া মীনাক্ষী সিঙে কয়  যে প্ৰীত  সিং আৰু তেওঁৰ পিতৃ সুন্দৰ পাল পলাতক হৈ আছে।

মীনাক্ষীয়ে লগতে কয় যে প্ৰীত সিঙৰ ভাতৃ যোগেন্দ্ৰ আৰু মাতৃ হেমলতাই ২৫ মে'ত আগতীয়া জামিন লৈছিল। ধৰ্ষণ আৰু গাৰ্হস্থ্য  হিংসাৰ অভিযোগ কৰা  নিত্যৰ স্বাস্থ্য পৰীক্ষা কওৱা হৈছে আৰু তেওঁৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে। 
উল্লেখ্য  প্ৰীত সিঙে ২০০৯ চনত নিত্যক বিয়া কৰাইছিল আৰু ২০১৩ চনত চাৰিমহীয়া গৰ্ভৱতী  নিত্যক এৰি থৈ বেলেগে থাকিবলৈ লৈছিল।

স্বামীয়ে এৰি থৈ যোৱাৰ পিছতে নিত্যই তেওঁৰ শহুৰেকৰ ঘৰত থাকিবলৈ লৈছিল। তাতো শহুৰেকে তেওঁক দুবছৰে যৌন উৎপীড়ণ চলাই গৈছিল।

প্ৰীত সিঙৰ অপকৰ্ম উদঙাই দি নিত্যই কয়—'এদিন ৰাতি তেওঁ তেওঁৰ এজন বন্ধুক লৈ আমাৰ ঘৰলৈ আহিছিল। তেওঁলোকে মোৰ পুত্ৰক কোঠাৰ পৰা বাহিৰলৈ উলিয়াই দিছিল। তাৰ পিছত প্ৰীতে কোঠাটোত তেওঁৰ বন্ধুৰ হতুৱাই মোক ধৰ্ষণ কৰাইছিল।"

প্ৰীতৰ সৰু ভায়েক যোগেন্দ্ৰয়ো নিত্যক  ধৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। হিন্দু মহাপঞ্চায়তৰ নেতাৰ এনে কাণ্ডই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল