--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশত বৈবাহিক ধৰ্ষণৰ বিষয়টোৱে আদালতৰ মজিয়াত পাকঘূৰণি খাই থকাৰ সময়তে হিন্দু মহাপঞ্চায়তৰ আহ্বায়ক প্ৰীত সিং, তেওঁৰ ভাতৃ আৰু পিতৃৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰীত সিঙৰ পত্নীয়ে।

স্বামীৰ অপ্ৰাকৃতিক যৌন লালসা আৰু শহুৰ, দেৱৰেকৰ বলাৎকাৰৰ বলি হোৱা প্ৰীত সিঙৰ পত্নী নিত্যই তেওঁৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰি কৈছে— '১৬ মে'ৰ নিশা প্ৰায় ১২:০০ বজাত মই উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিণী অঞ্চলত শহুৰৰ  ঘৰৰ পৰা পলাই গৈছিলো। সুযোগ পোৱাৰ লগে লগে মই মোৰ পুত্ৰৰ হাতত ধৰি পলাই গৈছিলো'। 

স্বামীৰ ঘৰৰ পৰা কেইকিলোমিটাৰ দূৰত থকা নিজৰ মাক-দেউতাকৰ ঘৰত উপস্থিত হোৱাৰ পিছতে ৩২ বছৰীয়া নিত্যই বেগমপুৰ আৰক্ষী থানালৈ গৈছিল আৰু যোৱা দুবছৰ ধৰি তেওঁক তেওঁৰ শহুৰেক আৰু দেৱৰেকে কেইবাবাৰো ধৰ্ষণ কৰা বুলি অভিযোগ কৰিছিল।তেওঁৰ অভিযোগৰ ভিত্তিত তেওঁৰ স্বামী, ভায়েক, শহুৰেকৰ বিৰুদ্ধে ধৰ্ষণ, অপ্ৰাকৃতিক যৌন কামনা আৰু শাৰীৰিক হিংসাৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য নিত্য হৈছে চেভ ইণ্ডিয়া ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক প্ৰীত সিঙৰ পত্নী। একেটা ফাউণ্ডেচনে হিন্দু মহাপঞ্চায়তৰ দৰে কাৰ্যসূচী আয়োজন কৰিছিল।  উক্ত কাৰ্যসূচীতে য়াতি নৰসিংহানন্দ আৰু সুদৰ্শন নিউজৰ সুৰেশ চৱঙ্কেৰে ঘৃণাভৰা ভাষণ প্ৰদান কৰি দেশজুৰি তোলপাৰ লগাইছিল।  প্ৰীত সিঙেও  যোৱা বছৰৰ আগষ্ট মাহত দিল্লীৰ  যন্তৰ মন্তৰত ঘৃণাভৰা ভাষণ দি গ্ৰেপ্তাৰ হৈছিল। তেওঁ বৰ্তমান জামিনত আছে।

নিত্যই কৰা অভিযোগৰ তদন্ত চলাই থকা তদন্তকাৰী বিষয়া মীনাক্ষী সিঙে কয়  যে প্ৰীত  সিং আৰু তেওঁৰ পিতৃ সুন্দৰ পাল পলাতক হৈ আছে।

মীনাক্ষীয়ে লগতে কয় যে প্ৰীত সিঙৰ ভাতৃ যোগেন্দ্ৰ আৰু মাতৃ হেমলতাই ২৫ মে'ত আগতীয়া জামিন লৈছিল। ধৰ্ষণ আৰু গাৰ্হস্থ্য  হিংসাৰ অভিযোগ কৰা  নিত্যৰ স্বাস্থ্য পৰীক্ষা কওৱা হৈছে আৰু তেওঁৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে। 
উল্লেখ্য  প্ৰীত সিঙে ২০০৯ চনত নিত্যক বিয়া কৰাইছিল আৰু ২০১৩ চনত চাৰিমহীয়া গৰ্ভৱতী  নিত্যক এৰি থৈ বেলেগে থাকিবলৈ লৈছিল।

স্বামীয়ে এৰি থৈ যোৱাৰ পিছতে নিত্যই তেওঁৰ শহুৰেকৰ ঘৰত থাকিবলৈ লৈছিল। তাতো শহুৰেকে তেওঁক দুবছৰে যৌন উৎপীড়ণ চলাই গৈছিল।

প্ৰীত সিঙৰ অপকৰ্ম উদঙাই দি নিত্যই কয়—'এদিন ৰাতি তেওঁ তেওঁৰ এজন বন্ধুক লৈ আমাৰ ঘৰলৈ আহিছিল। তেওঁলোকে মোৰ পুত্ৰক কোঠাৰ পৰা বাহিৰলৈ উলিয়াই দিছিল। তাৰ পিছত প্ৰীতে কোঠাটোত তেওঁৰ বন্ধুৰ হতুৱাই মোক ধৰ্ষণ কৰাইছিল।"

প্ৰীতৰ সৰু ভায়েক যোগেন্দ্ৰয়ো নিত্যক  ধৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। হিন্দু মহাপঞ্চায়তৰ নেতাৰ এনে কাণ্ডই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত