--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনকল নোটেৰে ভৰিছে দেশৰ বজাৰ। আপোনাৰ মানিবেগত থকা নোটৰ মাজৰে কোন খন প্ৰকৃত নোট অথবা কোনো জাল নোট সেয়া নিৰ্ধাৰণ কৰাটো এতিয়া কঠিন হৈ পৰিছে। কাৰণ জালনোট প্ৰস্তুত কৰা চক্ৰই অতি উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি জাল নোট প্ৰস্তুত কৰিবলৈ লৈছে। অৱশ্যে দক্ষ লোকে সহজেই জাল নোট চিনি উলিয়াব পাৰে। শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰি জাল নোট সম্পৰ্কীয় কেতবোৰ ভয়ংকৰ তথ্য।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মতে জাল নোটৰ ভিতৰত  ৫০০ টকীয়া নোটেই সৰ্বাধিক জাল হৈছে।
 ঙয়ংকৰ কথাটো হ'ল বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৫০০ টকীয়া নোট টকাৰ ১০১.৯ শতাংশ জাল হৈছে।
একেদৰে বিগত বৰ্ষত  ২০০০ টকীয়া নোট ৫৪.১৬ শতাংশ জাল হৈছিল।

এতিয়া অৱশ্যে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট ছপোৱা বন্ধ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষত সকলো মূল্যৰ জাল  নোটৰ সংখ্যা  বৃদ্ধি পাইছে।

 উল্লেখ্য মূল্যৰ হিচাপত ৰিজাৰ্ভ বেংকে প্ৰচলন কৰা নোটৰ ৫০০ আৰু  ২০০০ টকীয়া নোটে  ৩১  মাৰ্চ, ২০২২ পৰ্যন্ত মুঠ প্ৰচলিত বেংক নোটৰ  ৮৭.১ শতাংশ মূল্যক সামৰি আছিল।৫০০ টকীয়া নোটে  সৰ্বাধিক ৩৪.৯ শতাংশ মূল্যক প্ৰতিনিধিত্ব কৰিছিল।

১০ টকীয়া নোটে মুঠ বেংকনোটৰ ২১.৩ শতাংশক প্ৰতিনিধিত্ব কৰিছিল।ৰিজাৰ্ভ বেংকে দিয়া তথ্য অনুসৰি বজাৰত দুষ্ট চক্ৰই মেলি দিয়া  ১০ টকীয়া, ২০০ টকীয়া, ৫০০ টকীয়া (নতুন আৰ্হিৰ) আৰু ২০০০ টকীয়া নোট  ক্ৰমে ১৬.৪, ১৬.৫, ১১.৭, ১০১.৯ আৰু ৫৪.৬ শতাংশ জাল হৈছে।

৫০ আৰু ১০০ টকীয়া নোট জাল হোৱাৰ শতাংশ হাৰ হৈছে ক্ৰমে ২৮.৭ আৰু ১৬.৭ শতাংশ।ভাৰতৰ অৰ্থনীতিক ভাৰসাম্যহীন কৰি তোলাৰ বাবে পাকিস্তানেও ভাৰতৰ বজাৰত বিশাল অংকৰ জাল নোট বিয়পাই দি অহা বুলি বিভিন্ন সময়ত তথ্য প্ৰকাশ পাই আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত