--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনকল নোটেৰে ভৰিছে দেশৰ বজাৰ। আপোনাৰ মানিবেগত থকা নোটৰ মাজৰে কোন খন প্ৰকৃত নোট অথবা কোনো জাল নোট সেয়া নিৰ্ধাৰণ কৰাটো এতিয়া কঠিন হৈ পৰিছে। কাৰণ জালনোট প্ৰস্তুত কৰা চক্ৰই অতি উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি জাল নোট প্ৰস্তুত কৰিবলৈ লৈছে। অৱশ্যে দক্ষ লোকে সহজেই জাল নোট চিনি উলিয়াব পাৰে। শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰি জাল নোট সম্পৰ্কীয় কেতবোৰ ভয়ংকৰ তথ্য।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মতে জাল নোটৰ ভিতৰত  ৫০০ টকীয়া নোটেই সৰ্বাধিক জাল হৈছে।
 ঙয়ংকৰ কথাটো হ'ল বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৫০০ টকীয়া নোট টকাৰ ১০১.৯ শতাংশ জাল হৈছে।
একেদৰে বিগত বৰ্ষত  ২০০০ টকীয়া নোট ৫৪.১৬ শতাংশ জাল হৈছিল।

এতিয়া অৱশ্যে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট ছপোৱা বন্ধ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষত সকলো মূল্যৰ জাল  নোটৰ সংখ্যা  বৃদ্ধি পাইছে।

 উল্লেখ্য মূল্যৰ হিচাপত ৰিজাৰ্ভ বেংকে প্ৰচলন কৰা নোটৰ ৫০০ আৰু  ২০০০ টকীয়া নোটে  ৩১  মাৰ্চ, ২০২২ পৰ্যন্ত মুঠ প্ৰচলিত বেংক নোটৰ  ৮৭.১ শতাংশ মূল্যক সামৰি আছিল।৫০০ টকীয়া নোটে  সৰ্বাধিক ৩৪.৯ শতাংশ মূল্যক প্ৰতিনিধিত্ব কৰিছিল।

১০ টকীয়া নোটে মুঠ বেংকনোটৰ ২১.৩ শতাংশক প্ৰতিনিধিত্ব কৰিছিল।ৰিজাৰ্ভ বেংকে দিয়া তথ্য অনুসৰি বজাৰত দুষ্ট চক্ৰই মেলি দিয়া  ১০ টকীয়া, ২০০ টকীয়া, ৫০০ টকীয়া (নতুন আৰ্হিৰ) আৰু ২০০০ টকীয়া নোট  ক্ৰমে ১৬.৪, ১৬.৫, ১১.৭, ১০১.৯ আৰু ৫৪.৬ শতাংশ জাল হৈছে।

৫০ আৰু ১০০ টকীয়া নোট জাল হোৱাৰ শতাংশ হাৰ হৈছে ক্ৰমে ২৮.৭ আৰু ১৬.৭ শতাংশ।ভাৰতৰ অৰ্থনীতিক ভাৰসাম্যহীন কৰি তোলাৰ বাবে পাকিস্তানেও ভাৰতৰ বজাৰত বিশাল অংকৰ জাল নোট বিয়পাই দি অহা বুলি বিভিন্ন সময়ত তথ্য প্ৰকাশ পাই আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল