--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূব দিল্লীত এজন হিন্দু যুৱকৰ হত্যাৰ পিছতে এলেকাটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ মাজতে এজন বিজেপি সাংসদে জনোৱা এক আহ্বানে যেন জ্বলা জুইত ঘিউহে ঢালিছে। হিন্দু যুৱকজনৰ হত্যাৰ প্ৰতিবাদতে সাংসদজনে  এটা বিশেষ সম্প্ৰদায়ক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আহ্বান জনাইছে৷ দিল্লীৰ  সুন্দৰ নাগৰীত কিছুদিন পূৰ্বে  মনীষ (১৯) নামৰ যুৱকজনক ছুৰীকাঘাত কৰি হত্যা কৰা হৈছিল৷ 

আৰক্ষীয়ে গোচৰটোৰ তদন্ত চলাই  অভিযুক্ত - আলম, বিলাল আৰু ফাইজানক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে  তেওঁলোকে পুৰণি শত্ৰুতাৰ বাবেই  মনীষক  হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ বিৰুদ্ধে বিভিন্ন হিন্দু সংগঠনে আয়োজন কৰা প্ৰতিবাদী সভাত ভাগ লৈ বিজেপিৰ সাংসদ পৰবেশ বাৰ্মাক এইদৰে কোৱা শুনা গৈছিল, "আপোনালোকে তেওঁলোক য'তেই দেখে , তেওঁলোকক পোন কৰাৰ একমাত্ৰ উপায় হৈছে -তেওঁলোকক সম্পূৰ্ণৰূপে  বৰ্জন কৰা। আপোনালোক মোৰ সৈতে একমত নে?" বাৰ্মৰ ভাষণৰ এনে  ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে উত্তেজনা অধিক বৃদ্ধি পাইছে। 


 দিল্লী আৰক্ষীয়ে কয়  যে তেওঁলোকে পূব দিল্লীৰ দিলশাদ গাৰ্ডেনত অনুষ্ঠিত অনুষ্ঠানটোৰ বিষয়ে খা-খবৰ লৈ আছে। কোনো অনুমতি নোলোৱকৈ সেয়া  আয়োজন কৰা হৈছিল। সাংসদজনে কৰা ভাষ্যৰ বিৰুদ্ধে এতিয়ালৈকে কোনো অভিযোগ পোৱা হোৱা নাই। অৱশ্যে, অনুষ্ঠানটোত দিয়া ভাষণৰ সৈতে সম্পৰ্কিত ফুটেজ পৰীক্ষা কৰা হ'ব বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়। অৱশ্যে এই সন্দৰ্ভত পশ্চিম দিল্লীৰ বিজেপি সাংসদ বাৰ্মাৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া উপলব্ধ হোৱা নাই। বাৰ্মাই বিশেষ  সম্প্ৰদায়"টোক সম্পূৰ্ণ বৰ্জন"  কৰিবলৈ আহ্বান জনাই  সমবেত লোকসকলক তেওঁৰ মতৰ সৈতে সহমত থাকিলে হাত দাঙিবলৈ কোৱাৰ  ভিডিঅ'টো আৰক্ষীয়ে পৰীক্ষা কৰি আছে। 

 সাংসদ বাৰ্মাই কৈছিল—"আমি তেওঁলোকৰ দোকানৰ পৰা একো ক্ৰয় নকৰোঁ বা তেওঁলোকক কোনো কামত লগাই মজুৰি নিদিওঁ। এইটোৱেই তেওঁলোকৰ বাবে একমাত্ৰ চিকিৎসা" । উল্লেখ্য মনীষৰ হত্যাৰ দৃশ্য  চিচিটিভি কেমেৰাত বন্দী হৈছিল। ফুটেজত তিনিজন যুৱকক এটা গলিৰে  খোজকাঢ়ি যোৱা আৰু তাতেই মনীষক  আক্ৰমণ কৰা দেখা গৈছে। ফুটেজটোত আৰু দেখা গৈছে যে তিনিজনৰ মাজৰ এজনে মনীষক তেওঁৰ কলাৰত  ধৰিছিল আৰু তেওঁক চৰিয়াইছিল। বাকী দুজনেও মনীষক প্ৰথমে মাৰধৰ কৰিছিল। পিছত তিনিওজনে  মনীষক চুৰিৰে আঘাত কৰা আৰম্ভ কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক