--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূব দিল্লীত এজন হিন্দু যুৱকৰ হত্যাৰ পিছতে এলেকাটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ মাজতে এজন বিজেপি সাংসদে জনোৱা এক আহ্বানে যেন জ্বলা জুইত ঘিউহে ঢালিছে। হিন্দু যুৱকজনৰ হত্যাৰ প্ৰতিবাদতে সাংসদজনে  এটা বিশেষ সম্প্ৰদায়ক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আহ্বান জনাইছে৷ দিল্লীৰ  সুন্দৰ নাগৰীত কিছুদিন পূৰ্বে  মনীষ (১৯) নামৰ যুৱকজনক ছুৰীকাঘাত কৰি হত্যা কৰা হৈছিল৷ 

আৰক্ষীয়ে গোচৰটোৰ তদন্ত চলাই  অভিযুক্ত - আলম, বিলাল আৰু ফাইজানক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে  তেওঁলোকে পুৰণি শত্ৰুতাৰ বাবেই  মনীষক  হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ বিৰুদ্ধে বিভিন্ন হিন্দু সংগঠনে আয়োজন কৰা প্ৰতিবাদী সভাত ভাগ লৈ বিজেপিৰ সাংসদ পৰবেশ বাৰ্মাক এইদৰে কোৱা শুনা গৈছিল, "আপোনালোকে তেওঁলোক য'তেই দেখে , তেওঁলোকক পোন কৰাৰ একমাত্ৰ উপায় হৈছে -তেওঁলোকক সম্পূৰ্ণৰূপে  বৰ্জন কৰা। আপোনালোক মোৰ সৈতে একমত নে?" বাৰ্মৰ ভাষণৰ এনে  ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে উত্তেজনা অধিক বৃদ্ধি পাইছে। 


 দিল্লী আৰক্ষীয়ে কয়  যে তেওঁলোকে পূব দিল্লীৰ দিলশাদ গাৰ্ডেনত অনুষ্ঠিত অনুষ্ঠানটোৰ বিষয়ে খা-খবৰ লৈ আছে। কোনো অনুমতি নোলোৱকৈ সেয়া  আয়োজন কৰা হৈছিল। সাংসদজনে কৰা ভাষ্যৰ বিৰুদ্ধে এতিয়ালৈকে কোনো অভিযোগ পোৱা হোৱা নাই। অৱশ্যে, অনুষ্ঠানটোত দিয়া ভাষণৰ সৈতে সম্পৰ্কিত ফুটেজ পৰীক্ষা কৰা হ'ব বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়। অৱশ্যে এই সন্দৰ্ভত পশ্চিম দিল্লীৰ বিজেপি সাংসদ বাৰ্মাৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া উপলব্ধ হোৱা নাই। বাৰ্মাই বিশেষ  সম্প্ৰদায়"টোক সম্পূৰ্ণ বৰ্জন"  কৰিবলৈ আহ্বান জনাই  সমবেত লোকসকলক তেওঁৰ মতৰ সৈতে সহমত থাকিলে হাত দাঙিবলৈ কোৱাৰ  ভিডিঅ'টো আৰক্ষীয়ে পৰীক্ষা কৰি আছে। 

 সাংসদ বাৰ্মাই কৈছিল—"আমি তেওঁলোকৰ দোকানৰ পৰা একো ক্ৰয় নকৰোঁ বা তেওঁলোকক কোনো কামত লগাই মজুৰি নিদিওঁ। এইটোৱেই তেওঁলোকৰ বাবে একমাত্ৰ চিকিৎসা" । উল্লেখ্য মনীষৰ হত্যাৰ দৃশ্য  চিচিটিভি কেমেৰাত বন্দী হৈছিল। ফুটেজত তিনিজন যুৱকক এটা গলিৰে  খোজকাঢ়ি যোৱা আৰু তাতেই মনীষক  আক্ৰমণ কৰা দেখা গৈছে। ফুটেজটোত আৰু দেখা গৈছে যে তিনিজনৰ মাজৰ এজনে মনীষক তেওঁৰ কলাৰত  ধৰিছিল আৰু তেওঁক চৰিয়াইছিল। বাকী দুজনেও মনীষক প্ৰথমে মাৰধৰ কৰিছিল। পিছত তিনিওজনে  মনীষক চুৰিৰে আঘাত কৰা আৰম্ভ কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু