--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰয়াত হাৰিয়ানা বিজেপি নেত্ৰী সোণালী ফোগটৰ পৰিয়ালৰ লোকে লাভ কৰিছে দুখন বেনামী পত্ৰ। এই পত্ৰসমূহত ১০ কোটি টকাৰ চুক্তিৰ কথা উল্লেখ কৰা হৈছে। সোণালী ফোগাটৰ ভাতৃ অমন পুণিয়াই সংবাদ সংস্থা এএনআইক জনাইছে যে দুয়োখন চিঠিৰ তদন্ত হ’ব লাগে কাৰণ ইয়াত গোচৰৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আছে। প্ৰথমখন পত্ৰত কোৱা হৈছিল যে হত্যাকাণ্ডৰ গোচৰত ১০কোটিৰ চুক্তি কৰা হৈছিল। দ্বিতীয়খন চিঠিত ৰাজনৈতিক নেতাৰ নাম উল্লেখক আছে।

অমন পুনিয়াই আৰু কয় যে এখন চিঠি এমাহৰ আগতে আহিছিল, আনহাতে আনখন চিঠি কেইদিনমান পাছত পাইছিল। যোৱা ২৩ আগষ্টত উত্তৰ গোৱাৰ এখন চিকিৎসালয়ত মৃত অৱস্থাত আনিছিল অভিনেত্ৰী তথা ৰাজনীতিবিদ সোণালী ফোগাটক। ইয়াৰ পিছতে তেওঁৰ দুজন সহযোগীকে ধৰি পাঁচজন লোকক তেওঁৰ হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে সোণালী ফোগাটক পানীয়ত মিহলাই বলপূৰ্বকভাৱে ড্ৰাগছ দিছিল তেওঁৰ সহযোগীসকলে।

অভিযুক্ত বিজেপি নেতা

ইয়াৰ পূৰ্বে সোণালী ফোগাটৰ ভাতৃয়ে বিজেপি নেতা কুলদীপ বিষ্ণয়ক ভগ্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। হিছাৰত আয়োজিত সৰ্ব খাপ মহাপঞ্চায়তত এই কথা প্ৰকাশ কৰিছে ৰিংকুৱে। খাপৰ মুখপাত্ৰ সন্দীপ ভাৰতীয়ে কৈছিল যে সোণালী ফোগাটৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰাৰ পাছতে সৰ্ব খাপ মহাপঞ্চায়তে কুলদীপ বিষ্ণোইয়ে মহাপঞ্চায়তৰ সন্মুখত নিজৰ স্থিতি ব্যাখ্যা কৰিব লাগে।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সোণালীৰ ভগ্নীয়ে

ইফালে অমন পুনিয়াই লগতে জনায় যে আদমপুৰৰ পৰা সোণালীৰ ভগ্নী ৰুকেশে প্ৰতিদ্বন্দ্বিতা কৰিব। আমন পুনিয়াই কয়, "সোনালীৰ ভগ্নী ৰুকেশে আদমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আম আদমী পাৰ্টিৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। আমি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিত আছো। আমি এই বিষয়ে জনসাধাৰণৰ সৈতে আলোচনা কৰিম আৰু তাৰ পাছত সিদ্ধান্ত লম।" তাৎপৰ্যপূৰ্ণভাৱে চিবিআইয়ে এতিয়া সোণালী ফোগাটৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু