--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰয়াত হাৰিয়ানা বিজেপি নেত্ৰী সোণালী ফোগটৰ পৰিয়ালৰ লোকে লাভ কৰিছে দুখন বেনামী পত্ৰ। এই পত্ৰসমূহত ১০ কোটি টকাৰ চুক্তিৰ কথা উল্লেখ কৰা হৈছে। সোণালী ফোগাটৰ ভাতৃ অমন পুণিয়াই সংবাদ সংস্থা এএনআইক জনাইছে যে দুয়োখন চিঠিৰ তদন্ত হ’ব লাগে কাৰণ ইয়াত গোচৰৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আছে। প্ৰথমখন পত্ৰত কোৱা হৈছিল যে হত্যাকাণ্ডৰ গোচৰত ১০কোটিৰ চুক্তি কৰা হৈছিল। দ্বিতীয়খন চিঠিত ৰাজনৈতিক নেতাৰ নাম উল্লেখক আছে।

অমন পুনিয়াই আৰু কয় যে এখন চিঠি এমাহৰ আগতে আহিছিল, আনহাতে আনখন চিঠি কেইদিনমান পাছত পাইছিল। যোৱা ২৩ আগষ্টত উত্তৰ গোৱাৰ এখন চিকিৎসালয়ত মৃত অৱস্থাত আনিছিল অভিনেত্ৰী তথা ৰাজনীতিবিদ সোণালী ফোগাটক। ইয়াৰ পিছতে তেওঁৰ দুজন সহযোগীকে ধৰি পাঁচজন লোকক তেওঁৰ হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে সোণালী ফোগাটক পানীয়ত মিহলাই বলপূৰ্বকভাৱে ড্ৰাগছ দিছিল তেওঁৰ সহযোগীসকলে।

অভিযুক্ত বিজেপি নেতা

ইয়াৰ পূৰ্বে সোণালী ফোগাটৰ ভাতৃয়ে বিজেপি নেতা কুলদীপ বিষ্ণয়ক ভগ্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। হিছাৰত আয়োজিত সৰ্ব খাপ মহাপঞ্চায়তত এই কথা প্ৰকাশ কৰিছে ৰিংকুৱে। খাপৰ মুখপাত্ৰ সন্দীপ ভাৰতীয়ে কৈছিল যে সোণালী ফোগাটৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰাৰ পাছতে সৰ্ব খাপ মহাপঞ্চায়তে কুলদীপ বিষ্ণোইয়ে মহাপঞ্চায়তৰ সন্মুখত নিজৰ স্থিতি ব্যাখ্যা কৰিব লাগে।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সোণালীৰ ভগ্নীয়ে

ইফালে অমন পুনিয়াই লগতে জনায় যে আদমপুৰৰ পৰা সোণালীৰ ভগ্নী ৰুকেশে প্ৰতিদ্বন্দ্বিতা কৰিব। আমন পুনিয়াই কয়, "সোনালীৰ ভগ্নী ৰুকেশে আদমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আম আদমী পাৰ্টিৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। আমি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিত আছো। আমি এই বিষয়ে জনসাধাৰণৰ সৈতে আলোচনা কৰিম আৰু তাৰ পাছত সিদ্ধান্ত লম।" তাৎপৰ্যপূৰ্ণভাৱে চিবিআইয়ে এতিয়া সোণালী ফোগাটৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ