--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনতুন দিল্লীত চলি থকা জি ২০ শীৰ্ষ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিন। ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কনভয়ৰ এজন গাড়ী চালকক  দিল্লীত অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবে আটক কৰা হৈছে।অৱশ্যে   সোধা-পোছাৰ পিছত তেওঁক মুক্তি দিয়া হৈছে।

 জানিব পৰা মতে মাৰ্কিন ৰাষ্ট্ৰপতিৰ কনভয়ৰ এখন গাড়ীয়ে হঠাতে  তাজ হোটেলত প্ৰৱেশ কৰাৰ পিছতে হুৱা-দুৱা লাগে।  তাজ হোটেলত সংযুক্ত আৰৱ গণৰাজ্যৰ   ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ান আছিল। সংযুক্ত আৰৱ গণৰাজ্যৰ   ৰাষ্ট্ৰপতিৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি ধাৰণা কৰিয়েই আৰক্ষীয়ে বাইডেনৰ কনভয়ৰ গাড়ী চালক জনক আটক কৰে। বাইডেনৰ কনভয়ৰ গাড়ী চালকজনে ভুলতে নে আন কিবা কাৰণত হোটেল খনৰ ভিতৰলৈ অনুমতি অবিহনে গাড়ী প্ৰৱেশ কৰোৱাইছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

 যিহেতু নতুন দিল্লীত জি-২০ সন্মিলন চলি আছে, সেয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো বিশেষ সতৰ্কতা অৱসম্বন কৰা হৈছে।  ইপিনে গাড়ীখনৰ চালকজনে কৈছিল যে তেওঁ পুৱা ৯.৩০ বজাত আইটিচি মৌৰ্যত উপস্থিত হোৱাৰ কথা আছিল, য'ত বাইডেন আছিল। অৱশ্যে, তেওঁ প্ৰথমে  তাজত উপস্থিত হৈছিল। কাৰণ  তেওঁ লোধি ইষ্টেট এলেকাৰ পৰা তেওঁৰ গাড়ী খনতে অহা  এজন ব্যৱসায়ীক তাজত নমাই  দিবলগীয়া  হৈছিল।

 চালকজনে কৈছে যে তেওঁ প্ৰটোকলৰ  বিষয়ে অৱগত নহয়। নিৰাপত্তা বিষয়াসকলে তেওঁক সোধা-পোছা কৰাৰ পিছত তেওঁক  মুকলি কৰি দিয়া হয়। উল্লেখ্য  দুদিনীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বাইডেনে শুকুৰবাৰে নতুন দিল্লীত  উপস্থিত হৈছিল আৰু একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰিছিল। দেওবাৰে পুৱা দিল্লীত মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ  ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ ভিয়েটনামলৈ ৰাওনা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা