--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত হিন্দুত্ববাদী শক্তিয়ে এতিয়া শিক্ষাৰ ক্ষেত্ৰতো হাত দিছে।তাৰেই শেহতীয়া প্ৰমাণপোৱা গৈছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত এতিয়াৰে পৰা আৰু নচলিব 'এ ফৰ এপল ' ।শিশুৱে ইংৰাজী আখৰ চিনাক্ত কৰিবলৈ শিকাৰ প্ৰথম পদক্ষেপ হৈছে 'এ ফৰ আপেল', 'বি ফৰ বল'। কিন্তু উত্তৰ প্ৰদেশত এতিয়া সেই নিয়ম সলনি হৈছে।

শিশুসকলক ইংৰাজী  শিকোৱা এখন বিদ্যালয়ৰ কিতাপত  'এ ফৰ এপল ' ৰ সলনি 'অৰ্জুন'ৰ বুলিহে দিয়া হৈছে।একে দৰে বি ফৰ  বল নহয়, এতিয়াৰে পৰা শিশুৱে 'বলৰাম'ৰ শিকিব লাগিব। বৰ্ণমালাত চিৰ বাবে কেটৰ  পৰিৱৰ্তে চাণক্যৰ নাম ৰখা হৈছে। ইংৰাজী বৰ্ণমালাৰ সকলো ২৬ টা আখৰ এনেদৰে পুৰাণ বা ভাৰতৰ ঐতিহাসিক ব্যক্তিত্বৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে। আমিনাবাদ ইণ্টাৰ কলেজ, লক্ষ্ণৌয়ে শিশুৰ বাবে যুগুতকৰা  কিতাপত ইংৰাজী বৰ্ণমালাত এনে 'পৰিৱৰ্তন' কৰিছে। উদ্দেশ্য টো হ'ল শিশুসকলৰ মাজত কম বয়সৰ পৰাই দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিষয়ে সজাগতা সৃষ্টি কৰা। 

বিদ্যালয় কৰ্তৃপক্ষই শিশুসকলক দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিভিন্ন চৰিত্ৰৰ বিষয়ে জনাব বিচাৰিছে। এই ক্ষেত্ৰত লক্ষ্ণৌৰ সেই মহাবিদ্যালয়খনৰ অধ্যক্ষ  লাল মিশ্ৰাই কয়, "ভাৰতীয় সংস্কৃতিৰ বিষয়ে শিক্ষাৰ্থীসকলৰ খুব কম ধাৰণা আছে। গতিকে আমি তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিবলৈ এই পদক্ষেপ লৈছো। কিন্তু যিহেতু হিন্দীত চৰিত্ৰৰ সংখ্যা যথেষ্ট বেছি, ইয়াৰ তালিকা প্ৰস্তুত কৰিবলৈ অধিক সময় লাগে।"

 শিশুগ্ৰন্থত কেৱল পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰৰ নামেই নহয়, সেইবোৰৰ বৰ্ণনাও আছে। লক্ষ্ণৌৰ এই বিদ্যালয়খন ১২৫ বছৰ পুৰণি। বিদ্যালয়খন ১৮৯৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। শিশুৰ বাবে প্ৰস্তুত কৰা কিতাপখনত এতি.আ এনেবোৰ কথাই অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু