--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত হিন্দুত্ববাদী শক্তিয়ে এতিয়া শিক্ষাৰ ক্ষেত্ৰতো হাত দিছে।তাৰেই শেহতীয়া প্ৰমাণপোৱা গৈছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত এতিয়াৰে পৰা আৰু নচলিব 'এ ফৰ এপল ' ।শিশুৱে ইংৰাজী আখৰ চিনাক্ত কৰিবলৈ শিকাৰ প্ৰথম পদক্ষেপ হৈছে 'এ ফৰ আপেল', 'বি ফৰ বল'। কিন্তু উত্তৰ প্ৰদেশত এতিয়া সেই নিয়ম সলনি হৈছে।

শিশুসকলক ইংৰাজী  শিকোৱা এখন বিদ্যালয়ৰ কিতাপত  'এ ফৰ এপল ' ৰ সলনি 'অৰ্জুন'ৰ বুলিহে দিয়া হৈছে।একে দৰে বি ফৰ  বল নহয়, এতিয়াৰে পৰা শিশুৱে 'বলৰাম'ৰ শিকিব লাগিব। বৰ্ণমালাত চিৰ বাবে কেটৰ  পৰিৱৰ্তে চাণক্যৰ নাম ৰখা হৈছে। ইংৰাজী বৰ্ণমালাৰ সকলো ২৬ টা আখৰ এনেদৰে পুৰাণ বা ভাৰতৰ ঐতিহাসিক ব্যক্তিত্বৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে। আমিনাবাদ ইণ্টাৰ কলেজ, লক্ষ্ণৌয়ে শিশুৰ বাবে যুগুতকৰা  কিতাপত ইংৰাজী বৰ্ণমালাত এনে 'পৰিৱৰ্তন' কৰিছে। উদ্দেশ্য টো হ'ল শিশুসকলৰ মাজত কম বয়সৰ পৰাই দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিষয়ে সজাগতা সৃষ্টি কৰা। 

বিদ্যালয় কৰ্তৃপক্ষই শিশুসকলক দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিভিন্ন চৰিত্ৰৰ বিষয়ে জনাব বিচাৰিছে। এই ক্ষেত্ৰত লক্ষ্ণৌৰ সেই মহাবিদ্যালয়খনৰ অধ্যক্ষ  লাল মিশ্ৰাই কয়, "ভাৰতীয় সংস্কৃতিৰ বিষয়ে শিক্ষাৰ্থীসকলৰ খুব কম ধাৰণা আছে। গতিকে আমি তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিবলৈ এই পদক্ষেপ লৈছো। কিন্তু যিহেতু হিন্দীত চৰিত্ৰৰ সংখ্যা যথেষ্ট বেছি, ইয়াৰ তালিকা প্ৰস্তুত কৰিবলৈ অধিক সময় লাগে।"

 শিশুগ্ৰন্থত কেৱল পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰৰ নামেই নহয়, সেইবোৰৰ বৰ্ণনাও আছে। লক্ষ্ণৌৰ এই বিদ্যালয়খন ১২৫ বছৰ পুৰণি। বিদ্যালয়খন ১৮৯৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। শিশুৰ বাবে প্ৰস্তুত কৰা কিতাপখনত এতি.আ এনেবোৰ কথাই অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক