--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ হিন্দু লোকৰ বসতিৰে পূৰ্ণ এটা ৱাৰ্ডত এগৰাকী নিৰ্দলীয় মুছলমান প্ৰাৰ্থী বিজয়ী হৈছে অযোধ্যাত৷ শেহতীয়াকৈ ঘোষণিত অযোধ্যাৰ পৌৰ নিৰ্বাচনৰ ফলাফলত এজন নিৰ্দলীয়  মুছলমান প্ৰাৰ্থীয়ে অযোধ্যাৰ হিন্দুত্ববাদী স্নায়ু কেন্দ্ৰ হিচাবে পৰিচিত  ৱাৰ্ডটোত জয়লাভ কৰাৰ কথাই এতিয়া বহুতকে  আচৰিত কৰি তুলিছে৷ সামগ্ৰীকভাবে বিজেপিয়ে অযোধ্যাত মেয়ৰ নিৰ্বাচনত জয়ী হৈছে৷ দলটোৱে ৬০ টা ৱাৰ্ডৰ ভিতৰত ২৭  টা লাভ কৰিছে।

 এছ.পি. আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে  ক্ৰমান্বয়ে ১৭  আৰু ১০  টা ৱাৰ্ডত জয়লাভ কৰিছে৷  স্থানীয় যুৱক চুলতান আনছাৰীয়ে ৰাম জন্মভূমি মন্দিৰ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিৰ নামেৰে থকা ৰাম অভিৰাম দাস ৱাৰ্ডত জয়লাভ কৰিছে।বিজয়ৰ পিছতে আনচাৰীয়ে কয়"এয়া হৈছে হিন্দু-মুছলমান ভাতৃত্ববোধ আৰু অযোধ্যাৰ দুয়োটা সম্প্ৰদায়ৰ শান্তিপূৰ্ণ সহাবস্থানৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। 

আমাৰ হিন্দু ভাতৃসকলৰ পৰা কোনো  পক্ষপাতিত্ব হোৱা নাছিল  লগতে তেওঁলোকে মোক আন ধৰ্মৰ লোকৰ দৰে  ব্যৱহাৰ কৰা নাছিল। তেওঁলোকে মোক সমৰ্থন কৰিছিল আৰু মোৰ বিজয় নিশ্চিত কৰিছিল," ।ৰাম জন্মভূমিত  অৱস্থিত এই ৱাৰ্ডত মুছলমান ভোটৰ অংশ হৈছে মুঠ ভোটৰ মাত্ৰ ১১ শতাংশ৷ ৱাৰ্ডটোত  ৪৪০ টা মুছলমান ভোট আছে৷ ইয়াৰ বিপৰীতে হিন্দু ভোটাৰৰ সংখ্যা হৈছে  ৩,৮৪৪ গৰাকী৷ এক কথাথ ক’বলৈ গ’লে হিন্দু ভোটাৰৰ ভোটেৰেই আনচাৰীয়ে পৌৰ নিৰ্বাচনত বিজয়ী হ’বলৈ সক্ষম হৈছে৷ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে মুঠ ২,৩৮৮ টা ভোটৰ ৪২ শতাংশ লাভ কৰিছে।

 তেওঁ আন এজন নিৰ্দলীয় প্ৰাৰ্থী নগেন্দ্ৰ মাঁঝিক ৪৪২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৱাৰ্ডটোত বিজেপিয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।হিন্দু অধ্যুষিত অঞ্চলৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ কোনো দ্বিধাবোধ কৰিছিল নেকি বুলি  সাংবাদিকে  সোধাত আনচাৰীয়ে কয়  "মই এই অঞ্চলৰ বাসিন্দা আৰু মোৰ জ্ঞান অনুসৰি মোৰ পূৰ্বপুৰুষসকলে ইয়াত ২০০ বছৰৰো অধিক কাল ধৰি বাস কৰি আহিছিল। যেতিয়া মই মোৰ হিন্দু বন্ধুবৰ্গৰ ওচৰত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিলো, তেওঁলোকে মোক আন্তৰিকতাৰে সমৰ্থন কৰিছিল আৰু মোক আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছিল।"

ৱাৰ্ডৰ স্থানীয় লোক  অনুপ কুমাৰে কয়, "বাহিৰৰ পৰা অযোধ্যাৰ খবৰ লৈ থকা  লোকসকলে ভাবে যে অযোধ্যাত কেনেকৈ কোনো মুছলমান লোক থাকিব পাৰে, কিন্তু এতিয়া তেওঁলোকে দেখিছে  মুছলমান কেৱল অযোধ্যাতে নাই, তেওঁলোকে  নিৰ্বাচনতো জিকিব পাৰে।’’

"অযোধ্যা বিশ্বতে ৰাম মন্দিৰৰ বাবে জনাজাত, কিন্তু এই ধৰ্মীয় চহৰখন মুছলমানসকলৰ বাবে যিমান পবিত্ৰ, হিন্দুসকলৰ বাবেও সিমানেই পবিত্ৰ। ইয়াত আপুনি বহুতো মছজিদ বিচাৰি পাব আৰু মুছলমান চুফীসকলৰ বহু শতাব্দী পুৰণি সমাধিক্ষেত্ৰও পাব," অযোধ্যাত বাস কৰা  ব্যৱসায়ী সৌৰভ সিঙে কয়।মন্দিৰচহৰ অযোধ্যাত বিজেপি প্ৰাৰ্থী গিৰীশ পতি ত্ৰিপাঠীয়ে মেয়ৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আশীষক ৩৫,৬৩৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ত্ৰিপাঠীয়ে ৭৭,৪৯৪ টা ভোট লাভ কৰে। অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ প্ৰাৰ্থী ৰেহানে ১৫,১০৭ টা ভোট লাভ কৰি তৃতীয় স্থান লাভ কৰে। ৰাজ্যিক নিৰ্বাচন আয়োগে জনোৱা অনুসৰি বিএছপি প্ৰাৰ্থী ৰাম মূৰ্তিয়ে ১২,৮৫২ টা আৰু কংগ্ৰেছৰ প্ৰমীলা ৰাজপুতে ৪,০৮৪ টা ভোট লাভ কৰি বিজয়ী হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ