--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ হিন্দু লোকৰ বসতিৰে পূৰ্ণ এটা ৱাৰ্ডত এগৰাকী নিৰ্দলীয় মুছলমান প্ৰাৰ্থী বিজয়ী হৈছে অযোধ্যাত৷ শেহতীয়াকৈ ঘোষণিত অযোধ্যাৰ পৌৰ নিৰ্বাচনৰ ফলাফলত এজন নিৰ্দলীয়  মুছলমান প্ৰাৰ্থীয়ে অযোধ্যাৰ হিন্দুত্ববাদী স্নায়ু কেন্দ্ৰ হিচাবে পৰিচিত  ৱাৰ্ডটোত জয়লাভ কৰাৰ কথাই এতিয়া বহুতকে  আচৰিত কৰি তুলিছে৷ সামগ্ৰীকভাবে বিজেপিয়ে অযোধ্যাত মেয়ৰ নিৰ্বাচনত জয়ী হৈছে৷ দলটোৱে ৬০ টা ৱাৰ্ডৰ ভিতৰত ২৭  টা লাভ কৰিছে।

 এছ.পি. আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে  ক্ৰমান্বয়ে ১৭  আৰু ১০  টা ৱাৰ্ডত জয়লাভ কৰিছে৷  স্থানীয় যুৱক চুলতান আনছাৰীয়ে ৰাম জন্মভূমি মন্দিৰ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিৰ নামেৰে থকা ৰাম অভিৰাম দাস ৱাৰ্ডত জয়লাভ কৰিছে।বিজয়ৰ পিছতে আনচাৰীয়ে কয়"এয়া হৈছে হিন্দু-মুছলমান ভাতৃত্ববোধ আৰু অযোধ্যাৰ দুয়োটা সম্প্ৰদায়ৰ শান্তিপূৰ্ণ সহাবস্থানৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। 

আমাৰ হিন্দু ভাতৃসকলৰ পৰা কোনো  পক্ষপাতিত্ব হোৱা নাছিল  লগতে তেওঁলোকে মোক আন ধৰ্মৰ লোকৰ দৰে  ব্যৱহাৰ কৰা নাছিল। তেওঁলোকে মোক সমৰ্থন কৰিছিল আৰু মোৰ বিজয় নিশ্চিত কৰিছিল," ।ৰাম জন্মভূমিত  অৱস্থিত এই ৱাৰ্ডত মুছলমান ভোটৰ অংশ হৈছে মুঠ ভোটৰ মাত্ৰ ১১ শতাংশ৷ ৱাৰ্ডটোত  ৪৪০ টা মুছলমান ভোট আছে৷ ইয়াৰ বিপৰীতে হিন্দু ভোটাৰৰ সংখ্যা হৈছে  ৩,৮৪৪ গৰাকী৷ এক কথাথ ক’বলৈ গ’লে হিন্দু ভোটাৰৰ ভোটেৰেই আনচাৰীয়ে পৌৰ নিৰ্বাচনত বিজয়ী হ’বলৈ সক্ষম হৈছে৷ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে মুঠ ২,৩৮৮ টা ভোটৰ ৪২ শতাংশ লাভ কৰিছে।

 তেওঁ আন এজন নিৰ্দলীয় প্ৰাৰ্থী নগেন্দ্ৰ মাঁঝিক ৪৪২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৱাৰ্ডটোত বিজেপিয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।হিন্দু অধ্যুষিত অঞ্চলৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ কোনো দ্বিধাবোধ কৰিছিল নেকি বুলি  সাংবাদিকে  সোধাত আনচাৰীয়ে কয়  "মই এই অঞ্চলৰ বাসিন্দা আৰু মোৰ জ্ঞান অনুসৰি মোৰ পূৰ্বপুৰুষসকলে ইয়াত ২০০ বছৰৰো অধিক কাল ধৰি বাস কৰি আহিছিল। যেতিয়া মই মোৰ হিন্দু বন্ধুবৰ্গৰ ওচৰত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিলো, তেওঁলোকে মোক আন্তৰিকতাৰে সমৰ্থন কৰিছিল আৰু মোক আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছিল।"

ৱাৰ্ডৰ স্থানীয় লোক  অনুপ কুমাৰে কয়, "বাহিৰৰ পৰা অযোধ্যাৰ খবৰ লৈ থকা  লোকসকলে ভাবে যে অযোধ্যাত কেনেকৈ কোনো মুছলমান লোক থাকিব পাৰে, কিন্তু এতিয়া তেওঁলোকে দেখিছে  মুছলমান কেৱল অযোধ্যাতে নাই, তেওঁলোকে  নিৰ্বাচনতো জিকিব পাৰে।’’

"অযোধ্যা বিশ্বতে ৰাম মন্দিৰৰ বাবে জনাজাত, কিন্তু এই ধৰ্মীয় চহৰখন মুছলমানসকলৰ বাবে যিমান পবিত্ৰ, হিন্দুসকলৰ বাবেও সিমানেই পবিত্ৰ। ইয়াত আপুনি বহুতো মছজিদ বিচাৰি পাব আৰু মুছলমান চুফীসকলৰ বহু শতাব্দী পুৰণি সমাধিক্ষেত্ৰও পাব," অযোধ্যাত বাস কৰা  ব্যৱসায়ী সৌৰভ সিঙে কয়।মন্দিৰচহৰ অযোধ্যাত বিজেপি প্ৰাৰ্থী গিৰীশ পতি ত্ৰিপাঠীয়ে মেয়ৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আশীষক ৩৫,৬৩৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ত্ৰিপাঠীয়ে ৭৭,৪৯৪ টা ভোট লাভ কৰে। অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ প্ৰাৰ্থী ৰেহানে ১৫,১০৭ টা ভোট লাভ কৰি তৃতীয় স্থান লাভ কৰে। ৰাজ্যিক নিৰ্বাচন আয়োগে জনোৱা অনুসৰি বিএছপি প্ৰাৰ্থী ৰাম মূৰ্তিয়ে ১২,৮৫২ টা আৰু কংগ্ৰেছৰ প্ৰমীলা ৰাজপুতে ৪,০৮৪ টা ভোট লাভ কৰি বিজয়ী হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন