--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বাবে এক সুখবৰ। সাংস্কৃতিক জগতলৈ আহিছে পুনৰ এক ভাল খবৰ। 'জননেতা' ভীমবৰ দেউৰীৰ ওপৰত নিৰ্মিত 'জিম’চাঁয়া' (All By Heart And Soul) শীৰ্ষক চিনেমাখন কেৰালাত অহা ২০ তাৰিখৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ষোড়শ সংস্কৰণৰ সন্মানীয় SIGNS উৎসৱৰ তথ্যচিত্ৰ (প্ৰতিযোগিতা) শিতানৰ বাবে নিৰ্বাচিত হৈছে।

এই উৎসৱত ২৩খন ছবিৰ বিপৰীতে সুকীয়া প্ৰতিযোগিতামূলক শিতানত ১৬খন চুটি কল্পকাহিনী আছে।

ছবিখন পৰিচালনা মনোজ বৰপূজাৰীৰ আৰু প্ৰযোজনা তুলিকা শৰ্মাৰ। YA Pictures & Letters-ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

উল্লেখ্য যে ভীমবৰ দেউৰী অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ। ১৯০৩ চনৰ ১৬ মে’ত শিৱসাগৰৰ পানীদিহিঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা লাভ কৰি এওঁ ওকালতিৰ লগতে সনাজসেৱাতো জড়িত হৈ পৰে। 

অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰে। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত সুমুৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৪৭ চনত মাত্ৰ ৪৪ বছৰ বয়সতে মৃত্যুবৰণ কৰা ভীমবৰ দেউৰীক 'জননেতা' বুলি অভিহিত কৰা হয়।

এইগৰাকী মহান ব্যক্তিৰ ওপৰত নিৰ্মাণ কৰা ছবিখনক লৈ যথেষ্ট উৎসাহী অসমৰ সুধী সমাজ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement