--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৃহস্পতিবাৰে  দেশৰ ১৫খন ৰাজ্যৰ ৯৩টা স্থানত নিজৰ কৰ্মকৰ্তাসকলক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত পি এফ আইয়ে ১২ ঘণ্টীয়া হাৰতাল আহ্বান কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত পি এফ আইৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ও এম এ চালাম, ৰাষ্ট্ৰীয় সম্পাদক নাছাৰুদ্দিন ইলামাৰাম, কেৰেলাৰ সভাপতি চি পি মহম্মদ বছিৰক গ্ৰেপ্তাৰ কৰা হয়।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিবলৈ  শিলগুটি নিক্ষেপো কৰা হৈছে  আৰু অগ্নি সংযোগৰ ঘটনাও  সংঘটিত হৈছে৷  
বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই দেশজুৰি বৃহৎ অভিযান চলাই পিএফআইৰ শীৰ্ষ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই বন্ধৰ আহ্বান জনায়।
 ৰাজ্যজুৰি এদিনীয়া বন্ধৰ আয়োজন কৰাৰ বাবে কেৰেলা উচ্চ ন্যায়ালয়ে পি এফ আই নেতাসকলৰ বিৰুদ্ধেও মোটা গোচৰ ৰুজু কৰিছে। পূৰ্বৰ কেৰেলা উচ্চ ন্যায়ালয়ৰ  নিৰ্দেশ অনুসৰি,  অনুমতি অবিহনে কোনেও ৰাজ্যত বন্ধৰ আহ্বান জনাব নোৱাৰে।
 
ৰাজ্যখনৰ তিৰুৱনন্তপুৰম, কোল্লাম, পাঠনামথিট্টা, আলাপুজা, এৰনাকুলাম, কোঝিকোড, ৱায়ানাডত বিভিন্ন বাহনত  শিলগুটি নিক্ষেপ কৰা হৈছিল। আনকি , কান্নুৰৰ নাৰায়ণপাৰাত বাতৰি কাকত বিতৰণ কৰা এখন বাহনত পেট্ৰ’ল বোমা নিক্ষেপ কৰা হয়।

 কেৰেলা আৰক্ষীয়ে কয় যে তেওঁলোকে ৰাজ্যখনত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে জিলা আৰক্ষী অধীক্ষকসকলক আইন-শৃংখলা বজাই ৰখাটো নিশ্চিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে  বিবৃতি প্ৰকাশ কৰি কয় যে,  আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

খবৰ অনুসৰি, গৃহমন্ত্ৰী অমিত শ্বাহে সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ঘটনাটো পৰ্যালোচনা কৰে৷ য’ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালও উপস্থিত আছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লগতে কয় যে, ধন সৰবৰাহ প্ৰতিৰোধ আইন উলংঘা কৰা বুলি ধৰা পৰিলে ইডিৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপিত হ’ব পাৰে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু