--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আৰক্ষীৰ খাকী পোছাকত লাগিল কলিমা৷ গুজৰাটৰ কচ্ছ জিলাৰ তিনিজন আৰক্ষী কনিষ্টবলক নিলম্বিত কৰা হৈছে৷ বুধবাৰে এটা ভাইৰেল ভিডিঅ'ত দেখা গৈছিল যে, নিলম্বিত আৰক্ষীকেইজনে গাড়ী যাত্ৰাৰ সময়ত সংগীত উপভোগ কৰিছিল য'ত দেখা গৈছিল যে, তেওঁলোকে নৃত্য ৰাগীত মতলীয়া হৈ কোনো মাস্ক পৰিধান নকৰাকৈ আনন্দ কৰি আছিল ৷ কচ্ছ-পূবৰ আৰক্ষী অধীক্ষক ময়ূৰ পাটিলে অভিযুক্ত কনিষ্টবল সকলৰ বিৰুদ্ধে "অশালীন আচৰণ, যান-বাহনৰ নিয়ম উলংঘা কৰা আৰু আৰক্ষীৰ ভাবমূৰ্তি কলুষিত কৰা কাৰ্য্যত লিপ্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ "সংবাদ মাধ্যম আৰু কেইবাটাও ছ'চিয়েল মিডিয়া প্লেটৰ্ফমত এই ভিডিঅ’ বিয়পি পৰিছিল, য’ত দেখা গৈছিল, আৰক্ষী কৰ্মীসকলে চাৰিচকীয়া বাহনৰ ভিতৰত আৰক্ষীৰ পোছাক পিন্ধি উদ্যম গীতত নৃত্য প্ৰদৰ্শন কৰিছিল৷ গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন ভংগ কৰাৰ এনে কাৰ্য্য এটা শৃংখলাবদ্ধ আৰক্ষী বিভাগৰ বাবে কোনোপধ্য উপযুক্ত নহয় এনে কাৰ্যই আৰক্ষীৰ বিভাগটোলৈ বদনাম আনিছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে৷ নিলম্বিত কনিষ্টবল - জগদীশ চোলাঙ্কি, হৰেশ চৌধুৰী আৰু ৰাজা হীৰাগ৷ অভিযুক্ত আৰক্ষীকেইজনে গাড়ী চলোৱা সময়ত আনকি চিটবেল্টো পৰিধান কৰা নাছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক