--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আৰক্ষীৰ খাকী পোছাকত লাগিল কলিমা৷ গুজৰাটৰ কচ্ছ জিলাৰ তিনিজন আৰক্ষী কনিষ্টবলক নিলম্বিত কৰা হৈছে৷ বুধবাৰে এটা ভাইৰেল ভিডিঅ'ত দেখা গৈছিল যে, নিলম্বিত আৰক্ষীকেইজনে গাড়ী যাত্ৰাৰ সময়ত সংগীত উপভোগ কৰিছিল য'ত দেখা গৈছিল যে, তেওঁলোকে নৃত্য ৰাগীত মতলীয়া হৈ কোনো মাস্ক পৰিধান নকৰাকৈ আনন্দ কৰি আছিল ৷ কচ্ছ-পূবৰ আৰক্ষী অধীক্ষক ময়ূৰ পাটিলে অভিযুক্ত কনিষ্টবল সকলৰ বিৰুদ্ধে "অশালীন আচৰণ, যান-বাহনৰ নিয়ম উলংঘা কৰা আৰু আৰক্ষীৰ ভাবমূৰ্তি কলুষিত কৰা কাৰ্য্যত লিপ্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ "সংবাদ মাধ্যম আৰু কেইবাটাও ছ'চিয়েল মিডিয়া প্লেটৰ্ফমত এই ভিডিঅ’ বিয়পি পৰিছিল, য’ত দেখা গৈছিল, আৰক্ষী কৰ্মীসকলে চাৰিচকীয়া বাহনৰ ভিতৰত আৰক্ষীৰ পোছাক পিন্ধি উদ্যম গীতত নৃত্য প্ৰদৰ্শন কৰিছিল৷ গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন ভংগ কৰাৰ এনে কাৰ্য্য এটা শৃংখলাবদ্ধ আৰক্ষী বিভাগৰ বাবে কোনোপধ্য উপযুক্ত নহয় এনে কাৰ্যই আৰক্ষীৰ বিভাগটোলৈ বদনাম আনিছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে৷ নিলম্বিত কনিষ্টবল - জগদীশ চোলাঙ্কি, হৰেশ চৌধুৰী আৰু ৰাজা হীৰাগ৷ অভিযুক্ত আৰক্ষীকেইজনে গাড়ী চলোৱা সময়ত আনকি চিটবেল্টো পৰিধান কৰা নাছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?