--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হংকঙৰ বিৰুদ্ধে ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত চলি থকা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ মেচত আজি ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই স্পৰ্শ কৰিছে টি-২০ ক্ৰিকেটৰ এক ঈৰ্ষণীয় মাইলষ্ট’ন। আজিৰ মেচখনত হংকঙৰ অধিনায়ক নিজাকত খানে টচত জয়ী হৈ ভাৰতক প্ৰথমে বেটিং কৰিবলৈ জনোৱাৰ পিছত ইনিংছ মুকলি কৰা অধিনায়ক ৰোহিত শৰ্মাই ১৩ টা বলত ২১ ৰান সংগ্ৰহ কৰে।

এই ইনিংছটোৰ প্ৰথমটো ৰান সংগ্ৰহ কৰাৰ লগে লগেই ৰোহিযে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত ৩,৫০০ ৰাণ সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয়। আজিৰ ইনিংছটোৰ পিছত ৰোহিত শৰ্মাই আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত ৩,৫২০ ৰান সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মাৰ পিছতেই নিউজিলেণ্ডৰ অপেনাৰ মাৰ্টিন গুপ্টিলেও এই মাইলষ্ট’ন স্পৰ্শ কৰাৰ পথত আছে। 

গুপ্টিলে বৰ্তমানলৈকে ৩,৪৯৭ ৰান সংখ্যক কৰি সৰ্বাধিক ৰান সংগ্ৰহৰ তালিতাত দ্বিতীয় স্থানত আছে। আনহাতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলী এই তালিকাত তৃতীয় স্থানত আছে। কোহলীয়ে বৰ্তমানলৈকে ৯৩ টা টি-২০ ইনিংছত ৩,৪০২ ৰান সংগ্ৰহ কৰিছে।

টি-২০ ক্ৰিকেটৰ এই ৰেকৰ্ডৰ উপৰিও ৰোহিতে আজিৰ মেচখনত  আন এক অভিনৱ সাফল্যও অৰ্জন কৰে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত অপেনাৰ হিচাপে কেৰিয়াৰৰ ১২,০০০ ৰানো আজি সম্পূৰ্ণ কৰে ৰোহিতে। ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ পিছত এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয় দ্ৰুততম বেটাৰ হিচাপে পৰিগণিত হয় ৰোহিত শৰ্মা। তেণ্ডুলকাৰে ২৭৫ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে ৰোহিত শৰ্মাক ইয়াৰ বাবে প্ৰয়োজন হয় ২৭৬ টা ইনিংছৰ। 

অপেনাৰ হিচাপে ১২০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰা ভাৰতৰ চতুৰ্থ গৰাকী বেটাৰ হিচাপে স্বীকৃত হয় ৰোহিত। তেওঁৰ পূৰ্বে টেণ্ডুলকাৰৰ লগতে সুনীল গাভাস্কাৰ আৰু বীৰেন্দ্ৰ ছেহৱাগে এই সফলতা অৰ্জন কৰিছিল। গাভাস্কাৰে অপেনাৰ হিচাপে ২৮২ টা ইনিংছত ১২,০০০ ৰান সম্পূৰ্ণ কৰাৰ বিপৰীতে ছেহৱাগে ৩১২ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল। 

হংকঙৰ বিৰুদ্ধে খেলখনৰ সৈতে ৰোহিতে পুৰুষৰ এছিয়া কাপত সৰ্বাধিক মেচ খেলা ক্ৰিকেটাৰৰ ৰেকৰ্ডো প্ৰতিষ্ঠা কৰে। কেৰিয়াৰত ২৯ সংখ্যক এছিয়া কাপ মেচ খেলা ৰোহিতে যিহেতু শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মাহেলা জয়বৰ্ধনেৰ নামত থকা ২৮ খন মেচৰ ৰেকৰ্ড অতিক্ৰম কৰিছে।

ইতিমধ্যে বৰ্তমান চলি থকা মেচখনত ভাৰতে প্ৰথমে বেট ধৰি ২ উইকেটৰ বিনিময়ত ১৯২ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটাৰ সূৰ্যকুমাৰ যাদৱে বিস্ফোৰক বেটিঙেৰে ২৬ বলত ৬৮ ৰান আৰু কোহলীয়ে ৪৪ বলত ৫৯ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। অপেনাৰ ৰাহুলে ৩৬ আৰু ৰোহিতে ২১ ৰানৰ অৱদান আগবঢ়ায়।

আনহাতে ১৯৩ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি হংকঙে বৰ্তমানলৈকে ১০ অভাৰত ২ টা উইকেট হেৰুৱাই ৬৫ ৰান সংগ্ৰহ কৰিছে। অপেনাৰদ্বয় নিজাকত খানে ১০ কৰি ৰান আউট হোৱাৰ বিপৰীতে আনগৰাকী অপেনাৰ য়াচিম মুৰ্টাজা ৯ ৰান সংগ্ৰহ কৰি অৰ্শদ্বীপ সিঙৰ বলত আভেশ খানৰ হাতত কেচ দি বিদায় লয়। বৰ্তমান বাবৰ হেদায়তে ৩৭ আৰু কিঞ্চিত শ্বাহে ৪ ৰান সংগ্ৰহ কৰি বেটিং কৰি আছে। হাতত ৮ টা উইকেট অক্ষত থকা অৱস্থাত হংকঙক জয়ৰ বাবে ১০ অভাৰত ১২৮ ৰানৰ প্ৰয়োজন। উল্লেখ্য যে আজিৰ মেচখনত জয়ী হ’লেই ভাৰতে চুপাৰ ৪ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী