--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘হেৰী পটাৰ’ৰ খ্যাত অভিনেতা তথা হলিউডৰ কিংবদন্তি ৰবি কলট্ৰেইনৰ মৃত্যু হৈছে। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। হলিউডৰ ছুপাৰহিট ছবি হেৰী পটাৰ আৰু তাৰ চৰিত্ৰবোৰ কোনে পাহৰিব পাৰে। এই আইকনিক ছবিখনত ৰুবাছ হেগ্ৰিডৰ চৰিত্ৰত অভিনয় কৰা হলিউডৰ ছুপাৰষ্টাৰ ৰবি কলট্ৰেইনৰ মৃত্যু হৈছে।  ৰবি কলট্ৰেইনৰ মৃত্যুত মনোৰঞ্জন জগতত শোকৰ বন্যা নামিছে ।

খবৰ অনুসৰি ৰবি কলট্ৰেনে যোৱা দুবছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল। ১৪ অক্টোবৰত স্কটলেণ্ডৰ লাৰ্বাৰ্টত থকা নিজৰ ঘৰৰ ওচৰৰ এখন চিকিৎসালয়ত ৰবি কলট্ৰেইনৰ মৃত্যু হয়। জানিব পৰা মতে দুই-তিনি দিন ধৰি ৰবি কলট্ৰেইনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ত চিকিৎসকৰ তত্বাৱধানত ৰবি কলট্ৰেইনৰ চিকিৎসা চলি আছিল। কিন্তু শুকুৰবাৰে  জীৱন-মৃত্যুৰ সংগ্ৰামত পৰাস্ত হৈ এই পৃথিৱীৰ পৰা বিদায় লয় অভিনেতাগৰাকীয়ে।

ৰবি কলট্ৰেনৰ মৃত্যুত হলিউড চলচ্চিত্ৰ জগতৰ বৃহৎ ক্ষতি হৈছে। হেৰী পটাৰ ছবিখনত ৰবি কলট্ৰেইনৰ জৰিয়তে অভিনয় কৰা হেগ্ৰিডৰ চৰিত্ৰটো বহু চৰ্চাৰ বিষয় হৈ পৰিছিল। দৰ্শকে এই চৰিত্ৰটো বহু মৰমেৰে আদৰিও লৈছিল। ইয়াৰ লগতে সমালোচকসকলে ৰবি কলট্ৰেনৰ আচৰিত অভিনয়কো প্ৰশংসা কৰে।

কেৱল হেৰী পটাৰেই নহয়, এনে বহুতো ছবি আৰু টিভি ধাৰাবাহিক আছিল, য’ত ৰবি কলট্ৰেনে তেওঁৰ উজ্জ্বল অভিনয়ৰ পৰিচয় দিছিল। হেৰী পটাৰৰ উপৰিও ৰবি কলট্ৰেনে জেমছ বণ্ড (গোল্ডেন আই), নেচনেল ট্ৰেজাৰী আৰু টিভি শ্ব’ ক্ৰেকাৰত ভাল কাম কৰিছিল। বৰ্তমান সকলো অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ৰবি কলট্ৰেইনৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক