--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘হেৰী পটাৰ’ৰ খ্যাত অভিনেতা তথা হলিউডৰ কিংবদন্তি ৰবি কলট্ৰেইনৰ মৃত্যু হৈছে। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। হলিউডৰ ছুপাৰহিট ছবি হেৰী পটাৰ আৰু তাৰ চৰিত্ৰবোৰ কোনে পাহৰিব পাৰে। এই আইকনিক ছবিখনত ৰুবাছ হেগ্ৰিডৰ চৰিত্ৰত অভিনয় কৰা হলিউডৰ ছুপাৰষ্টাৰ ৰবি কলট্ৰেইনৰ মৃত্যু হৈছে।  ৰবি কলট্ৰেইনৰ মৃত্যুত মনোৰঞ্জন জগতত শোকৰ বন্যা নামিছে ।

খবৰ অনুসৰি ৰবি কলট্ৰেনে যোৱা দুবছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল। ১৪ অক্টোবৰত স্কটলেণ্ডৰ লাৰ্বাৰ্টত থকা নিজৰ ঘৰৰ ওচৰৰ এখন চিকিৎসালয়ত ৰবি কলট্ৰেইনৰ মৃত্যু হয়। জানিব পৰা মতে দুই-তিনি দিন ধৰি ৰবি কলট্ৰেইনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ত চিকিৎসকৰ তত্বাৱধানত ৰবি কলট্ৰেইনৰ চিকিৎসা চলি আছিল। কিন্তু শুকুৰবাৰে  জীৱন-মৃত্যুৰ সংগ্ৰামত পৰাস্ত হৈ এই পৃথিৱীৰ পৰা বিদায় লয় অভিনেতাগৰাকীয়ে।

ৰবি কলট্ৰেনৰ মৃত্যুত হলিউড চলচ্চিত্ৰ জগতৰ বৃহৎ ক্ষতি হৈছে। হেৰী পটাৰ ছবিখনত ৰবি কলট্ৰেইনৰ জৰিয়তে অভিনয় কৰা হেগ্ৰিডৰ চৰিত্ৰটো বহু চৰ্চাৰ বিষয় হৈ পৰিছিল। দৰ্শকে এই চৰিত্ৰটো বহু মৰমেৰে আদৰিও লৈছিল। ইয়াৰ লগতে সমালোচকসকলে ৰবি কলট্ৰেনৰ আচৰিত অভিনয়কো প্ৰশংসা কৰে।

কেৱল হেৰী পটাৰেই নহয়, এনে বহুতো ছবি আৰু টিভি ধাৰাবাহিক আছিল, য’ত ৰবি কলট্ৰেনে তেওঁৰ উজ্জ্বল অভিনয়ৰ পৰিচয় দিছিল। হেৰী পটাৰৰ উপৰিও ৰবি কলট্ৰেনে জেমছ বণ্ড (গোল্ডেন আই), নেচনেল ট্ৰেজাৰী আৰু টিভি শ্ব’ ক্ৰেকাৰত ভাল কাম কৰিছিল। বৰ্তমান সকলো অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ৰবি কলট্ৰেইনৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক