--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কৰ  এটা কয়লা খনিত সংঘটিত হৈছে প্ৰচণ্ড  বিস্ফোৰণ। বিস্ফোৰণটোত এতিয়ালৈকে ২৫ জন খনি কৰ্মী নিহত হৈছে। নিহতৰ সংখ্যা আৰু অধিক হ’ব বুলি আশংকা কৰা হৈছে। তুৰস্ক চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে এতিয়ালৈকে  কয়লা খনিটোৰ পৰা  ২৫  জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। 

বিস্ফোৰণৰ পিছতে খনিটোৰ ভিতৰত হোৱা  ভূমিস্খলনৰ বাবে  বাহিৰ পৰা প্ৰৱেশ কৰিব পৰা পথ বন্ধ হৈ পৰিছে।  বহুলোক এতিয়াও খনিটোৰ ভিতৰতে আৱদ্ধ হৈ আছে।  তুৰস্কৰ উত্তৰ প্ৰদেশ বাৰটিনৰ এটা খনিত ঘটিছে এই  বিস্ফোৰণৰ ঘটনা।দুৰ্ঘটনাটোৰ সময়ত প্ৰায় ১১০ জন শ্ৰমিকে খনিটোত কাম কৰি আছিল। তেওঁলোকৰ আধাসংখ্যকে  খনিটোত প্ৰায় ৩০০ মিটাৰ গভীৰতাত কাম কৰি আছিল।

 তুৰ্কীৰ স্বাস্থ্য মন্ত্ৰী ফাহৰেটিন কোকাই কৈছে যে উদ্ধাৰ অভিযান চলি আছে আৰু আবদ্ধ হৈ থকা লোকসকলক শীঘ্ৰে উদ্ধাৰ কৰিব পৰা যাব। এতিয়ালৈকে খনিটোৰ পৰা ১১ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ চিকিৎসা চলি আছে। উদ্ধাৰকাৰীসকলে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে।

 কৃষ্ণ সাগৰৰ উপকূলৰ আমাচৰা অঞ্চলত অৱস্থিত খনিটোৰ পৰা উদ্ধাৰ কৰা সকলৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। বিস্ফোৰণটোত এতিয়াও সন্ধানহীন হৈ থকা সকলৰ পৰিয়ালৰ লোকসকলে  খনি অঞ্চলত ভিৰ কৰিছে। তুৰস্কৰ অভ্যন্তৰীণ মন্ত্ৰী সুলেইমান চুলুৱে কয়  যে খনিখনৰ ৩০০ ৰ পৰা ৩৫০ মিটাৰ গভীৰ অংশটো আটাইতকৈ বেছি অসুৰক্ষিত আছিল। 

তাত প্ৰায় ৪৯ জন শ্ৰমিকে কাম কৰি আছিল। উদ্ধাৰকাৰীসকল এতিয়াও তাত উপস্থিত হ’ব পৰা নাই। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে। তুৰ্কীৰ শক্তি মন্ত্ৰীয়ে কয় যে খনিত সঞ্চিত মিথেন গেছৰ ভাণ্ডাৰৰ বাবেই  বিস্ফোৰণটো ঘটিব পাৰে। তুৰস্কৰ  ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্ডোগানে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ কথা আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা