--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কৰ  এটা কয়লা খনিত সংঘটিত হৈছে প্ৰচণ্ড  বিস্ফোৰণ। বিস্ফোৰণটোত এতিয়ালৈকে ২৫ জন খনি কৰ্মী নিহত হৈছে। নিহতৰ সংখ্যা আৰু অধিক হ’ব বুলি আশংকা কৰা হৈছে। তুৰস্ক চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে এতিয়ালৈকে  কয়লা খনিটোৰ পৰা  ২৫  জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। 

বিস্ফোৰণৰ পিছতে খনিটোৰ ভিতৰত হোৱা  ভূমিস্খলনৰ বাবে  বাহিৰ পৰা প্ৰৱেশ কৰিব পৰা পথ বন্ধ হৈ পৰিছে।  বহুলোক এতিয়াও খনিটোৰ ভিতৰতে আৱদ্ধ হৈ আছে।  তুৰস্কৰ উত্তৰ প্ৰদেশ বাৰটিনৰ এটা খনিত ঘটিছে এই  বিস্ফোৰণৰ ঘটনা।দুৰ্ঘটনাটোৰ সময়ত প্ৰায় ১১০ জন শ্ৰমিকে খনিটোত কাম কৰি আছিল। তেওঁলোকৰ আধাসংখ্যকে  খনিটোত প্ৰায় ৩০০ মিটাৰ গভীৰতাত কাম কৰি আছিল।

 তুৰ্কীৰ স্বাস্থ্য মন্ত্ৰী ফাহৰেটিন কোকাই কৈছে যে উদ্ধাৰ অভিযান চলি আছে আৰু আবদ্ধ হৈ থকা লোকসকলক শীঘ্ৰে উদ্ধাৰ কৰিব পৰা যাব। এতিয়ালৈকে খনিটোৰ পৰা ১১ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ চিকিৎসা চলি আছে। উদ্ধাৰকাৰীসকলে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে।

 কৃষ্ণ সাগৰৰ উপকূলৰ আমাচৰা অঞ্চলত অৱস্থিত খনিটোৰ পৰা উদ্ধাৰ কৰা সকলৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। বিস্ফোৰণটোত এতিয়াও সন্ধানহীন হৈ থকা সকলৰ পৰিয়ালৰ লোকসকলে  খনি অঞ্চলত ভিৰ কৰিছে। তুৰস্কৰ অভ্যন্তৰীণ মন্ত্ৰী সুলেইমান চুলুৱে কয়  যে খনিখনৰ ৩০০ ৰ পৰা ৩৫০ মিটাৰ গভীৰ অংশটো আটাইতকৈ বেছি অসুৰক্ষিত আছিল। 

তাত প্ৰায় ৪৯ জন শ্ৰমিকে কাম কৰি আছিল। উদ্ধাৰকাৰীসকল এতিয়াও তাত উপস্থিত হ’ব পৰা নাই। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে। তুৰ্কীৰ শক্তি মন্ত্ৰীয়ে কয় যে খনিত সঞ্চিত মিথেন গেছৰ ভাণ্ডাৰৰ বাবেই  বিস্ফোৰণটো ঘটিব পাৰে। তুৰস্কৰ  ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্ডোগানে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ কথা আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক