--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰ বিজয়ী অভিনেত্ৰী এঞ্জেলিনা জ’লীয়ে জীৱনৰ আটাইতকৈ কঠিন সময়ৰ বিষয়ে খোলাখুলিকৈ ক’লে। অভিনেতা তথা স্বামী ব্ৰেড পিটৰ পৰা বিচ্ছেদৰ পূৰ্বে আৰু পিছত কেইবাদিনো কঠিন সময়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে ব্ৰেডৰ সৈতে ব্ৰেকআপৰ ছমাহ পূৰ্বে তেওঁৰ 'বেলছ পালচি’ ৰোগ ধৰা পৰিছিল।

অপেৰা গায়িকা মাৰিয়া কালাছৰ বায়’পিকত অভিনয় কৰিছে এঞ্জেলিনাই। তাৰ ওপৰত ভিত্তি কৰি তেওঁ ৱাল ষ্ট্ৰীট জাৰ্নেল আলোচনীক সাক্ষাৎকাৰ দিছিল। তাত এঞ্জেলিনাই ক’লে, “মোৰ শৰীৰে বেছি চাপ সহ্য কৰিব নোৱাৰে। তেজৰ চেনিৰ মাত্ৰা উঠা-নমা কৰিবলৈ আৰম্ভ কৰে। ব্ৰেডৰ সৈতে ব্ৰেকআপ কৰাৰ ছমাহ আগতে মোৰ বেলছ পালচি ধৰা পৰিছিল।"

লগতে কয়, ‘এতিয়া অভিনয় আৰম্ভ কৰা হ’লে মই কেতিয়াও অভিনেত্ৰী নহ’লোহেঁতেন। মোৰ কেৰিয়াৰৰ আৰম্ভণিতে গম পোৱা নাছিলো যে মোৰ ব্যক্তিগত জীৱনৰ কথা সকলোকে ক’ব লাগিব। কোনো ধাৰণা নাছিল।”

সাক্ষাৎকাৰটোত এঞ্জেলিনাই লগতে কয় যে যদি তেওঁ লছ এঞ্জেলছত থাকে তেন্তে তেওঁ অনবৰতে পাপাৰাজীৰ সন্মুখীন হ’বলগীয়া হয়। ব্ৰেড পিটৰ সৈতে তাইৰ ব্ৰেকআপৰ পিছত ই বৃদ্ধি পালে। 

ঞ্জেলিনাই কয়, “ব্ৰেকআপৰ পিছত জীৱনটো অধিক কঠিন হৈ পৰিছে। মুক্ত চলাচল বন্ধ হৈ গৈছে।” তাৰ পিছত হলিউড এৰি যোৱাৰ কথাও ভাবিছে বুলি তেওঁ কয়। কম্বোডিয়াত থকা নিজৰ ঘৰত অধিক সময় কটাব বিচাৰে জলীয়ে।

১৯৮২ চনত পিতৃ জন ভইটৰ সৈতে লুকিন টু গেট আউট ছবিত শিশু শিল্পী হিচাপে পৰ্দাত আত্মপ্ৰকাশ কৰে এঞ্জেলিনাই। ‘গাৰ্ল’, ‘ইণ্টাৰপ্ৰটেড’, ‘লাৰা ক্ৰফ্ট: টম্ব ৰেইডাৰ’, ‘ছল্ট’, ‘মেলেফিচেণ্ট’ আদি ছবিত অভিনয় কৰিছিল।

২০০৪ চনত ‘মিষ্টাৰ এণ্ড মিচেছ স্মিথ’ ছবিখনৰ শ্বুটিংৰ সময়ত জ’লী আৰু ব্ৰেডৰ লগ হয়। প্ৰায় ১০ বছৰ ডেটিং কৰাৰ পিছত ২০১৪ চনত তেওঁলোকৰ বিবাহ হয়। বিবাহৰ দুবছৰৰ অন্তত ২০১৬ চনত আইনগতভাৱে পৃথক হয়। ব্ৰেড আৰু এঞ্জেলিনাৰ বিবাহ বিচ্ছেদৰ পিছত দুয়োজনে তেওঁলোকৰ ছয়টা সন্তান মেডক্স, পেক্স, জাহাৰা, শ্বিলো আৰু যমজ সন্তান নক্স লিঅ’ন আৰু ভিভিয়ান মাৰ্চেলিনৰ তত্ত্বাৱধানক লৈ দীঘলীয়া আইনী যুঁজত লিপ্ত হয়। অৱশেষত এঞ্জেলিনাই ল’ৰা-ছোৱালীকেইটাক নিজৰ ওচৰলৈ লৈ গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান