--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰ বিজয়ী অভিনেত্ৰী এঞ্জেলিনা জ’লীয়ে জীৱনৰ আটাইতকৈ কঠিন সময়ৰ বিষয়ে খোলাখুলিকৈ ক’লে। অভিনেতা তথা স্বামী ব্ৰেড পিটৰ পৰা বিচ্ছেদৰ পূৰ্বে আৰু পিছত কেইবাদিনো কঠিন সময়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে ব্ৰেডৰ সৈতে ব্ৰেকআপৰ ছমাহ পূৰ্বে তেওঁৰ 'বেলছ পালচি’ ৰোগ ধৰা পৰিছিল।

অপেৰা গায়িকা মাৰিয়া কালাছৰ বায়’পিকত অভিনয় কৰিছে এঞ্জেলিনাই। তাৰ ওপৰত ভিত্তি কৰি তেওঁ ৱাল ষ্ট্ৰীট জাৰ্নেল আলোচনীক সাক্ষাৎকাৰ দিছিল। তাত এঞ্জেলিনাই ক’লে, “মোৰ শৰীৰে বেছি চাপ সহ্য কৰিব নোৱাৰে। তেজৰ চেনিৰ মাত্ৰা উঠা-নমা কৰিবলৈ আৰম্ভ কৰে। ব্ৰেডৰ সৈতে ব্ৰেকআপ কৰাৰ ছমাহ আগতে মোৰ বেলছ পালচি ধৰা পৰিছিল।"

লগতে কয়, ‘এতিয়া অভিনয় আৰম্ভ কৰা হ’লে মই কেতিয়াও অভিনেত্ৰী নহ’লোহেঁতেন। মোৰ কেৰিয়াৰৰ আৰম্ভণিতে গম পোৱা নাছিলো যে মোৰ ব্যক্তিগত জীৱনৰ কথা সকলোকে ক’ব লাগিব। কোনো ধাৰণা নাছিল।”

সাক্ষাৎকাৰটোত এঞ্জেলিনাই লগতে কয় যে যদি তেওঁ লছ এঞ্জেলছত থাকে তেন্তে তেওঁ অনবৰতে পাপাৰাজীৰ সন্মুখীন হ’বলগীয়া হয়। ব্ৰেড পিটৰ সৈতে তাইৰ ব্ৰেকআপৰ পিছত ই বৃদ্ধি পালে। 

ঞ্জেলিনাই কয়, “ব্ৰেকআপৰ পিছত জীৱনটো অধিক কঠিন হৈ পৰিছে। মুক্ত চলাচল বন্ধ হৈ গৈছে।” তাৰ পিছত হলিউড এৰি যোৱাৰ কথাও ভাবিছে বুলি তেওঁ কয়। কম্বোডিয়াত থকা নিজৰ ঘৰত অধিক সময় কটাব বিচাৰে জলীয়ে।

১৯৮২ চনত পিতৃ জন ভইটৰ সৈতে লুকিন টু গেট আউট ছবিত শিশু শিল্পী হিচাপে পৰ্দাত আত্মপ্ৰকাশ কৰে এঞ্জেলিনাই। ‘গাৰ্ল’, ‘ইণ্টাৰপ্ৰটেড’, ‘লাৰা ক্ৰফ্ট: টম্ব ৰেইডাৰ’, ‘ছল্ট’, ‘মেলেফিচেণ্ট’ আদি ছবিত অভিনয় কৰিছিল।

২০০৪ চনত ‘মিষ্টাৰ এণ্ড মিচেছ স্মিথ’ ছবিখনৰ শ্বুটিংৰ সময়ত জ’লী আৰু ব্ৰেডৰ লগ হয়। প্ৰায় ১০ বছৰ ডেটিং কৰাৰ পিছত ২০১৪ চনত তেওঁলোকৰ বিবাহ হয়। বিবাহৰ দুবছৰৰ অন্তত ২০১৬ চনত আইনগতভাৱে পৃথক হয়। ব্ৰেড আৰু এঞ্জেলিনাৰ বিবাহ বিচ্ছেদৰ পিছত দুয়োজনে তেওঁলোকৰ ছয়টা সন্তান মেডক্স, পেক্স, জাহাৰা, শ্বিলো আৰু যমজ সন্তান নক্স লিঅ’ন আৰু ভিভিয়ান মাৰ্চেলিনৰ তত্ত্বাৱধানক লৈ দীঘলীয়া আইনী যুঁজত লিপ্ত হয়। অৱশেষত এঞ্জেলিনাই ল’ৰা-ছোৱালীকেইটাক নিজৰ ওচৰলৈ লৈ গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক