--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'পাঠান'ৰ অভূতপূৰ্ব সফলতাই এতিয়া আনন্দিত কৰি তুলিছে শ্বাহৰুখ খানৰ অনুৰাগীসকলক। এনে সময়তে বহুতৰে মাজত এইবুলি চৰ্চা হৈছে যে শীঘ্ৰে হয়তো  'পাঠান'ৰ পাৰ্ট টু মুকলি হ’ব। আনকি আজি সাংবাদিকেও  'পাঠান'ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ আৰু শ্বাহৰুখ খানক  সংবাদমেলত  এই প্ৰশ্ন সুধিলে। 

উল্লেখ্য শ্বাহৰুখ খান চাৰি বছৰৰ পিছত ৰূপালী  পৰ্দালৈ ঘূৰি আহিছে। ছবিখনক লৈ বিতৰ্ক, সমগ্ৰ দেশজুৰি উত্তেজনা সৃষ্টি হোৱাৰ মাজতে'পাঠান'-এ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । বহু দিন ধৰি শ্বাহৰুখ খানে সংবাদমেল অনুষ্ঠিত কৰা   নাছিল। অৱশ্যে 'পাঠান'-এ ৫০০ কোটিৰ সীমা অতিক্ৰম কৰাৰ পিছতে শেহতীয়াকৈ  সংবাদমেলত অংশগ্ৰহণ কৰে টীম  'পাঠান'-এ। 

শ্বাহৰুখ খানে 'পাঠান'ৰ জনপ্ৰিয়তাৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ জনায়। দীপিকা পাডুকন, জন আব্ৰাহাম, পৰিচালক সিদ্ধাৰ্থ আনন্দ আদি ব্যক্তিসকল উপস্থিত থকা সংবাদমেলত সাংবাদিকে সুধিছিল  'পাঠান ২' আহি আছে নেকি? পৰিচালক সিদ্ধাৰ্থ আনন্দে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত  কয়, "ইনছাল্লাহ, ঈশ্বৰে ইচ্ছা কৰিলে, সেয়া নিশ্চিতভাৱে হ'ব।" 

 পৰিচালকৰ উত্তৰ শেষ হোৱাৰ লগে লগে শ্বাহৰুখে কয়, "এয়া  আমাৰ সকলোৰে জীৱনৰ বাবে  এক সুখৰ মুহূৰ্ত, গুৰুত্বপূৰ্ণ দিন।  আমি একেলগে ইমান আনন্দ পূৰ্বে কৰা নাই। যিদিনা সিদ্ধাৰ্থই  পুনৰ কয়, মই 'পাঠান ২'ৰ বাবে সম্পূৰ্ণ সাজু হৈ যাম। এয়া মোৰ বাবে এক  ডাঙৰ সন্মান। '' শ্বাহৰুখ খানে এনেদৰেই ছবি খনৰ পাৰ্ট টু নিৰ্মাণৰ ইংগিত দিলে। উল্লেখ্য বলীউডৰ ভালে কেইখন জনপ্ৰিয় ছবিৰ পাৰ্ট টু নিৰ্মাণ হৈছে। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক