--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'পাঠান'ৰ অভূতপূৰ্ব সফলতাই এতিয়া আনন্দিত কৰি তুলিছে শ্বাহৰুখ খানৰ অনুৰাগীসকলক। এনে সময়তে বহুতৰে মাজত এইবুলি চৰ্চা হৈছে যে শীঘ্ৰে হয়তো  'পাঠান'ৰ পাৰ্ট টু মুকলি হ’ব। আনকি আজি সাংবাদিকেও  'পাঠান'ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ আৰু শ্বাহৰুখ খানক  সংবাদমেলত  এই প্ৰশ্ন সুধিলে। 

উল্লেখ্য শ্বাহৰুখ খান চাৰি বছৰৰ পিছত ৰূপালী  পৰ্দালৈ ঘূৰি আহিছে। ছবিখনক লৈ বিতৰ্ক, সমগ্ৰ দেশজুৰি উত্তেজনা সৃষ্টি হোৱাৰ মাজতে'পাঠান'-এ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । বহু দিন ধৰি শ্বাহৰুখ খানে সংবাদমেল অনুষ্ঠিত কৰা   নাছিল। অৱশ্যে 'পাঠান'-এ ৫০০ কোটিৰ সীমা অতিক্ৰম কৰাৰ পিছতে শেহতীয়াকৈ  সংবাদমেলত অংশগ্ৰহণ কৰে টীম  'পাঠান'-এ। 

শ্বাহৰুখ খানে 'পাঠান'ৰ জনপ্ৰিয়তাৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ জনায়। দীপিকা পাডুকন, জন আব্ৰাহাম, পৰিচালক সিদ্ধাৰ্থ আনন্দ আদি ব্যক্তিসকল উপস্থিত থকা সংবাদমেলত সাংবাদিকে সুধিছিল  'পাঠান ২' আহি আছে নেকি? পৰিচালক সিদ্ধাৰ্থ আনন্দে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত  কয়, "ইনছাল্লাহ, ঈশ্বৰে ইচ্ছা কৰিলে, সেয়া নিশ্চিতভাৱে হ'ব।" 

 পৰিচালকৰ উত্তৰ শেষ হোৱাৰ লগে লগে শ্বাহৰুখে কয়, "এয়া  আমাৰ সকলোৰে জীৱনৰ বাবে  এক সুখৰ মুহূৰ্ত, গুৰুত্বপূৰ্ণ দিন।  আমি একেলগে ইমান আনন্দ পূৰ্বে কৰা নাই। যিদিনা সিদ্ধাৰ্থই  পুনৰ কয়, মই 'পাঠান ২'ৰ বাবে সম্পূৰ্ণ সাজু হৈ যাম। এয়া মোৰ বাবে এক  ডাঙৰ সন্মান। '' শ্বাহৰুখ খানে এনেদৰেই ছবি খনৰ পাৰ্ট টু নিৰ্মাণৰ ইংগিত দিলে। উল্লেখ্য বলীউডৰ ভালে কেইখন জনপ্ৰিয় ছবিৰ পাৰ্ট টু নিৰ্মাণ হৈছে। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে