--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা জোনাছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। হলিউডত কাম কৰি আছে তেওঁ। প্ৰিয়ংকাই  ‘কুৱাণ্টিকো’, ‘বেৱাচ’, ‘দ্য মেট্ৰিক্স ৰিজাৰেকচনছ’ আদি ছবিত কাম কৰিছিল। দেশী গাৰ্লে এইবাৰ মাৰ্ভেল খ্যাতিৰ ৰুছ’ ব্রাদাৰ্ছৰ সৈতে কাম কৰিছে। কল্পবিজ্ঞান আৰু চোৰাংচোৱা থ্ৰিলাৰৰ মিশ্ৰণ এই ধাৰাবাহিকখনৰ নাম ‘চিটাডেল’।

এই বহুভাষিক ধাৰাবাহিকখনত প্ৰিয়ংকা চোপ্ৰা জোনাছক মুখ্য চৰিত্ৰত দেখা যাব। এই ধাৰাবাহিকখন অহা এপ্ৰিল মাহত OTT প্লেটফৰ্মত মুক্তি পাব। ‘চিটাডেল’ৰ জৰিয়তে প্ৰিয়ংকাই হলিউডৰ শীৰ্ষ তাৰকাৰ তালিকাত স্থান লাভ কৰিছে। কিন্তু এই টেবুলত স্থান পাবলৈ হ’লে অত্যন্ত পৰিশ্ৰম কৰিব লগা হ’ল বুলি প্ৰিয়ংকা চোপ্ৰা জোনাছে ক’লে।

প্ৰিয়ংকাই এটা অনুষ্ঠানত প্ৰকাশ কৰে যে তেওঁ প্ৰথম হলিউডলৈ অহাৰ সময়ত বৈষম্যৰ সন্মুখীন হৈছিল। হলিউডত ভৰি দিয়াৰ আগতে প্ৰিয়ংকা সমগ্ৰ বিশ্বতে ভাৰতীয় অভিনেত্ৰী হিচাপে পৰিচিত আছিল। ভাৰতীয় অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ কেৱল এটা বিশেষ অঞ্চলৰ দৰ্শকৰ বাবেহে গ্ৰহণযোগ্য। হলিউডলৈ আহি তেওঁ আৰম্ভণিতে এই ভাৱনাৰ বলি হ’বলগীয়া হৈছিল।

কিন্তু এয়া কেনেকৈ সলনি হ’ল? প্ৰিয়ংকাই কয় যে তেওঁ কঠোৰ পৰিশ্ৰম কৰি একাধিক অডিচন কৰি প্ৰযোজক আৰু পৰিচালকৰ আস্থা অৰ্জন কৰিছে। প্ৰিয়ংকাই লগতে কয়, ''ষ্ট্ৰীমিঙে এই আঞ্চলিক ধাৰণাটো সলনি কৰাত বহুখিনি সহায় কৰিছে। ষ্ট্ৰীমিংৰ আবিৰ্ভাৱৰ পিছত উদ্যোগটোৰ বিশ্বায়ন অতি প্ৰয়োজনীয় হৈ পৰিছিল। 'এগৰাকী ভাৰতীয় অভিনেত্ৰী হিচাপে মোৰ দক্ষতা সীমিত'- ষ্ট্ৰীমিংৰ আগমনৰ পিছত এই ভাৱনা সলনি হৈছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ