--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা জোনাছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। হলিউডত কাম কৰি আছে তেওঁ। প্ৰিয়ংকাই  ‘কুৱাণ্টিকো’, ‘বেৱাচ’, ‘দ্য মেট্ৰিক্স ৰিজাৰেকচনছ’ আদি ছবিত কাম কৰিছিল। দেশী গাৰ্লে এইবাৰ মাৰ্ভেল খ্যাতিৰ ৰুছ’ ব্রাদাৰ্ছৰ সৈতে কাম কৰিছে। কল্পবিজ্ঞান আৰু চোৰাংচোৱা থ্ৰিলাৰৰ মিশ্ৰণ এই ধাৰাবাহিকখনৰ নাম ‘চিটাডেল’।

এই বহুভাষিক ধাৰাবাহিকখনত প্ৰিয়ংকা চোপ্ৰা জোনাছক মুখ্য চৰিত্ৰত দেখা যাব। এই ধাৰাবাহিকখন অহা এপ্ৰিল মাহত OTT প্লেটফৰ্মত মুক্তি পাব। ‘চিটাডেল’ৰ জৰিয়তে প্ৰিয়ংকাই হলিউডৰ শীৰ্ষ তাৰকাৰ তালিকাত স্থান লাভ কৰিছে। কিন্তু এই টেবুলত স্থান পাবলৈ হ’লে অত্যন্ত পৰিশ্ৰম কৰিব লগা হ’ল বুলি প্ৰিয়ংকা চোপ্ৰা জোনাছে ক’লে।

প্ৰিয়ংকাই এটা অনুষ্ঠানত প্ৰকাশ কৰে যে তেওঁ প্ৰথম হলিউডলৈ অহাৰ সময়ত বৈষম্যৰ সন্মুখীন হৈছিল। হলিউডত ভৰি দিয়াৰ আগতে প্ৰিয়ংকা সমগ্ৰ বিশ্বতে ভাৰতীয় অভিনেত্ৰী হিচাপে পৰিচিত আছিল। ভাৰতীয় অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ কেৱল এটা বিশেষ অঞ্চলৰ দৰ্শকৰ বাবেহে গ্ৰহণযোগ্য। হলিউডলৈ আহি তেওঁ আৰম্ভণিতে এই ভাৱনাৰ বলি হ’বলগীয়া হৈছিল।

কিন্তু এয়া কেনেকৈ সলনি হ’ল? প্ৰিয়ংকাই কয় যে তেওঁ কঠোৰ পৰিশ্ৰম কৰি একাধিক অডিচন কৰি প্ৰযোজক আৰু পৰিচালকৰ আস্থা অৰ্জন কৰিছে। প্ৰিয়ংকাই লগতে কয়, ''ষ্ট্ৰীমিঙে এই আঞ্চলিক ধাৰণাটো সলনি কৰাত বহুখিনি সহায় কৰিছে। ষ্ট্ৰীমিংৰ আবিৰ্ভাৱৰ পিছত উদ্যোগটোৰ বিশ্বায়ন অতি প্ৰয়োজনীয় হৈ পৰিছিল। 'এগৰাকী ভাৰতীয় অভিনেত্ৰী হিচাপে মোৰ দক্ষতা সীমিত'- ষ্ট্ৰীমিংৰ আগমনৰ পিছত এই ভাৱনা সলনি হৈছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী