--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আহি পৰিছে পুনৰ এখন বলীউডৰ হাই প্ৰফাইল বিবাহ৷বলীউডৰ জ্যেষ্ঠ অভিনেতা ছাংকী পাণ্ডেৰ ভতিজা আলান্না পাণ্ডেৰ বিবাহে বৰ্তমান বলীউডত যথেষ্ট চৰ্চা লাভ কৰিছে৷ ২৭বছৰীয়া আলান্না পাণ্ডেয়ে ১৬ মাৰ্চত মুম্বাইত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক আইভাৰ মেকক্ৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ উৎসৱত আলান্নাৰ ভগ্নী অনন্যা পাণ্ডে আৰু সমগ্ৰ পাণ্ডে পৰিয়ালক  ধৰি ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালে অংশগ্ৰহণ কৰিছিল।

এই বিবাহ অনুষ্ঠানত বলীউডৰ কিং শ্বাহৰূখ খান আৰু শ্বাহৰূখৰ পত্নী গৌৰী খানো উপস্থিত হয়। খানদম্পতীৰ কেইবাটাও এই বিবাহ অনুষ্ঠানৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিছে। এটা ভিডিঅ'ত, শ্বাহৰূখে কইনা আলান্না আৰু দৰা আইভাৰৰ সৈতে এক আকৰ্ষণীয় মুহূৰ্ত ভাগ বতৰা কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত অনুৰাগীসকলে আদৰি লৈছে। ভিডিঅ’টিত শ্বাহৰূখ খানে আলান্নাক বিবাহ অনুষ্ঠানত উষ্ম আলিঙ্গন কৰিছিল আৰু আলান্নাই শ্বাহৰূখ খানক বিবাহ অভ্যৰ্থনালৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা দেখা গৈছে৷

তাৰ পিছত কিং খানে কইনা আলান্নাৰ পিছফালে থিয় হৈ থকা দৰা আইভাৰক আলিঙ্গন কৰে। দম্পতীহালক আশীৰ্বাদ দিয়া শ্বাহৰূখ খানেও আইভাৰক মৰমেৰে  পিঠিত চাপৰি মৰা দেখা গৈছিল। তদুপৰি উক্ত ভিডিঅ'টোতে গৌৰী আৰু আলান্নাই ইজনে সিজনক উষ্মভাৱে আলিঙ্গন কৰা দেখা গৈছিল।

সামাজিক মাধ্যমত আলান্নাৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত ইণ্টাৰনেট জগতত যথেষ্ট কৌতূহল আৰু উৎসুকতাৰ সৃষ্টি কৰিছে৷বহু অনুৰাগীয়ে শ্বাহৰূখ খান দম্পতী বিবাহত উপস্থিত হোৱাৰ বাবে শ্বাহৰূখক বিশাল হৃদয়ৰ বুলি উল্লেখ কৰাৰ বিপৰীতে নৱবিবাহিত দম্পতী আলান্না আৰু আইভাৰক বিবাহৰ শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী