--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আহি পৰিছে পুনৰ এখন বলীউডৰ হাই প্ৰফাইল বিবাহ৷বলীউডৰ জ্যেষ্ঠ অভিনেতা ছাংকী পাণ্ডেৰ ভতিজা আলান্না পাণ্ডেৰ বিবাহে বৰ্তমান বলীউডত যথেষ্ট চৰ্চা লাভ কৰিছে৷ ২৭বছৰীয়া আলান্না পাণ্ডেয়ে ১৬ মাৰ্চত মুম্বাইত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক আইভাৰ মেকক্ৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ উৎসৱত আলান্নাৰ ভগ্নী অনন্যা পাণ্ডে আৰু সমগ্ৰ পাণ্ডে পৰিয়ালক  ধৰি ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালে অংশগ্ৰহণ কৰিছিল।

এই বিবাহ অনুষ্ঠানত বলীউডৰ কিং শ্বাহৰূখ খান আৰু শ্বাহৰূখৰ পত্নী গৌৰী খানো উপস্থিত হয়। খানদম্পতীৰ কেইবাটাও এই বিবাহ অনুষ্ঠানৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিছে। এটা ভিডিঅ'ত, শ্বাহৰূখে কইনা আলান্না আৰু দৰা আইভাৰৰ সৈতে এক আকৰ্ষণীয় মুহূৰ্ত ভাগ বতৰা কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত অনুৰাগীসকলে আদৰি লৈছে। ভিডিঅ’টিত শ্বাহৰূখ খানে আলান্নাক বিবাহ অনুষ্ঠানত উষ্ম আলিঙ্গন কৰিছিল আৰু আলান্নাই শ্বাহৰূখ খানক বিবাহ অভ্যৰ্থনালৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা দেখা গৈছে৷

তাৰ পিছত কিং খানে কইনা আলান্নাৰ পিছফালে থিয় হৈ থকা দৰা আইভাৰক আলিঙ্গন কৰে। দম্পতীহালক আশীৰ্বাদ দিয়া শ্বাহৰূখ খানেও আইভাৰক মৰমেৰে  পিঠিত চাপৰি মৰা দেখা গৈছিল। তদুপৰি উক্ত ভিডিঅ'টোতে গৌৰী আৰু আলান্নাই ইজনে সিজনক উষ্মভাৱে আলিঙ্গন কৰা দেখা গৈছিল।

সামাজিক মাধ্যমত আলান্নাৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত ইণ্টাৰনেট জগতত যথেষ্ট কৌতূহল আৰু উৎসুকতাৰ সৃষ্টি কৰিছে৷বহু অনুৰাগীয়ে শ্বাহৰূখ খান দম্পতী বিবাহত উপস্থিত হোৱাৰ বাবে শ্বাহৰূখক বিশাল হৃদয়ৰ বুলি উল্লেখ কৰাৰ বিপৰীতে নৱবিবাহিত দম্পতী আলান্না আৰু আইভাৰক বিবাহৰ শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস