--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামাৰী আৰু লকডাউনৰ পিছৰে পৰা বলীউডত একপ্ৰকাৰৰ মন্দাৱস্থা চলিছে৷ এনে সময়তে বহু অভিনেতা-অভিনেত্ৰীয়ে ছবিৰ প্ৰস্তাৱ নোপোৱা হৈ পৰিছে৷ এইক্ষেত্ৰত বলীউডৰ কুইন কংগনা ৰাণাৱটো ব্যতিক্ৰম নহয়৷  কোনো প্ৰযোজকেই কংগনাক এতিয়া আৰু নতুনকৈ চিনেমাৰ প্ৰস্তাৱ নিদিয়া হৈছে৷ হৈছে চিন্তিত হৈ পৰিছে কংগনা৷ সমগ্ৰ দেশৰ ছবি ব্যৱসায় অস্থিৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিততে কংগনা ৰাণাৱটৰ দৰে তাৰকাসকলেও উপাৰ্জনৰ এটা বিকল্প পথৰ  কথা ভাবিবলৈ বাধ্য হৈছে৷

বলীউডত কংগনাক  'লিপ-কাটাৰ' বুলি জনা যায়। হকে-বিহকে নানান মন্তব্য কৰি কংগনা এতিয়া বহু প্ৰযোজকৰ বাবে অপ্ৰিও হৈ পৰিছে৷ সেইবাবেই  কংগনা ৰাণাৱটে একাধিকবাৰ কৈ আহিছে  যে তেওঁ আন তাৰকাৰ দৰে ছবিৰ প্ৰস্তাৱ নাপায়। কংগনাই সেয়ে উপাৰ্জনৰ বিকল্প উপায় বিচাৰি আছে। বলীউডৰ কুইনে  এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে, সেই পৰিকল্পনা কাৰ্যকৰী  হোৱা নাছিল। কিন্তু কিয়? এইবাৰ বলীউডৰ তাৰকাগৰাকীয়ে এই বিষয়ত মুখ খুলিছে।

কংগনা ৰাণাৱটে এতিয়া মুম্বাইত বাস কৰে ৷ কিন্তু হিমাচল প্ৰদেশৰ মানালীত তেওঁৰ এটা বিলাসী পৈতৃক ঘৰ আছে। মহামাৰীৰ সময়ত অভিনেত্ৰীগৰাকীয়ে তাতে আছিল। গতিকে অভিনেত্ৰীগৰাকীয়ে সেই ঘৰটোতেই  এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে, কংগনাই কৈছে  যে বিত্তীয় চাপৰ বাবে তেওঁ শেষত সেই সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিলে। ছ'চিয়েল মিডিয়াত এটা পুৰণি সাক্ষাৎকাৰৰ ক্লিপিং শ্বেয়াৰ কৰি কংগনাই লিখিছে, "মই ৰন্ধন ভালপাওঁ। মই যোৱা বছৰ হিমাচলত  এখন ৰেষ্টুৰেণ্ট খোলাৰ কথা আছিল। কিন্তু পইচাৰ অভাৱৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। অৱশ্যে অতি  সোনকালে কামটো আৰম্ভ হ'ব’’। কংগনাই দাবী কৰে, "যেতিয়া আমি হৃদয়ৰ পৰা কিবা কৰিব  বিচাৰো, তেতিয়া সেই আকাংক্ষা ভাগ্যত লিখা হয়।’’ 

কংগনা আশাবাদী যে তেওঁ শীঘ্ৰেই হিমাচল প্ৰদেশত তেওঁৰ ৰেষ্টুৰেণ্টখন  আৰম্ভ কৰিবলৈ সক্ষম হ'ব।
কংগনাই এমাহ আগতে তেওঁৰ 'ইমাৰ্জেন্সী' ছবিৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছে। অভিনয়ৰ উপৰিতেওঁ এই ছবিখন পৰিচালনা আৰু প্ৰযোজনাও কৰিছে। এই  ছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ নিজৰ ঘৰটোও বন্ধকত ৰাখিবলগীয়া হৈছে। ২০২২ চনত তেওঁৰ ছবি 'ধাকাড়ে'-এ  বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। অৱশ্যে কংগনা 'ইমাৰ্জেন্সী' কলৈ  যথেষ্ট আশাবাদী। অভিনেত্ৰীগৰাকী বৰ্তমান দক্ষিণৰ ছবি 'চন্দ্ৰমুখী ২'ৰ দৃশ্যগ্ৰহণতো ব্যস্ত হৈ আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী