--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামাৰী আৰু লকডাউনৰ পিছৰে পৰা বলীউডত একপ্ৰকাৰৰ মন্দাৱস্থা চলিছে৷ এনে সময়তে বহু অভিনেতা-অভিনেত্ৰীয়ে ছবিৰ প্ৰস্তাৱ নোপোৱা হৈ পৰিছে৷ এইক্ষেত্ৰত বলীউডৰ কুইন কংগনা ৰাণাৱটো ব্যতিক্ৰম নহয়৷  কোনো প্ৰযোজকেই কংগনাক এতিয়া আৰু নতুনকৈ চিনেমাৰ প্ৰস্তাৱ নিদিয়া হৈছে৷ হৈছে চিন্তিত হৈ পৰিছে কংগনা৷ সমগ্ৰ দেশৰ ছবি ব্যৱসায় অস্থিৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিততে কংগনা ৰাণাৱটৰ দৰে তাৰকাসকলেও উপাৰ্জনৰ এটা বিকল্প পথৰ  কথা ভাবিবলৈ বাধ্য হৈছে৷

বলীউডত কংগনাক  'লিপ-কাটাৰ' বুলি জনা যায়। হকে-বিহকে নানান মন্তব্য কৰি কংগনা এতিয়া বহু প্ৰযোজকৰ বাবে অপ্ৰিও হৈ পৰিছে৷ সেইবাবেই  কংগনা ৰাণাৱটে একাধিকবাৰ কৈ আহিছে  যে তেওঁ আন তাৰকাৰ দৰে ছবিৰ প্ৰস্তাৱ নাপায়। কংগনাই সেয়ে উপাৰ্জনৰ বিকল্প উপায় বিচাৰি আছে। বলীউডৰ কুইনে  এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে, সেই পৰিকল্পনা কাৰ্যকৰী  হোৱা নাছিল। কিন্তু কিয়? এইবাৰ বলীউডৰ তাৰকাগৰাকীয়ে এই বিষয়ত মুখ খুলিছে।

কংগনা ৰাণাৱটে এতিয়া মুম্বাইত বাস কৰে ৷ কিন্তু হিমাচল প্ৰদেশৰ মানালীত তেওঁৰ এটা বিলাসী পৈতৃক ঘৰ আছে। মহামাৰীৰ সময়ত অভিনেত্ৰীগৰাকীয়ে তাতে আছিল। গতিকে অভিনেত্ৰীগৰাকীয়ে সেই ঘৰটোতেই  এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে, কংগনাই কৈছে  যে বিত্তীয় চাপৰ বাবে তেওঁ শেষত সেই সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিলে। ছ'চিয়েল মিডিয়াত এটা পুৰণি সাক্ষাৎকাৰৰ ক্লিপিং শ্বেয়াৰ কৰি কংগনাই লিখিছে, "মই ৰন্ধন ভালপাওঁ। মই যোৱা বছৰ হিমাচলত  এখন ৰেষ্টুৰেণ্ট খোলাৰ কথা আছিল। কিন্তু পইচাৰ অভাৱৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। অৱশ্যে অতি  সোনকালে কামটো আৰম্ভ হ'ব’’। কংগনাই দাবী কৰে, "যেতিয়া আমি হৃদয়ৰ পৰা কিবা কৰিব  বিচাৰো, তেতিয়া সেই আকাংক্ষা ভাগ্যত লিখা হয়।’’ 

কংগনা আশাবাদী যে তেওঁ শীঘ্ৰেই হিমাচল প্ৰদেশত তেওঁৰ ৰেষ্টুৰেণ্টখন  আৰম্ভ কৰিবলৈ সক্ষম হ'ব।
কংগনাই এমাহ আগতে তেওঁৰ 'ইমাৰ্জেন্সী' ছবিৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছে। অভিনয়ৰ উপৰিতেওঁ এই ছবিখন পৰিচালনা আৰু প্ৰযোজনাও কৰিছে। এই  ছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ নিজৰ ঘৰটোও বন্ধকত ৰাখিবলগীয়া হৈছে। ২০২২ চনত তেওঁৰ ছবি 'ধাকাড়ে'-এ  বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। অৱশ্যে কংগনা 'ইমাৰ্জেন্সী' কলৈ  যথেষ্ট আশাবাদী। অভিনেত্ৰীগৰাকী বৰ্তমান দক্ষিণৰ ছবি 'চন্দ্ৰমুখী ২'ৰ দৃশ্যগ্ৰহণতো ব্যস্ত হৈ আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ