--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মন্দিৰৰ কেতিয়াবা অলৌকিক ঘটনা কিছুমানৰ কথা শুনিবলৈ পোৱা যায়। তেনে এক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত। কোৱা হয় মন্দিৰৰ পৰা চুৰ কৰিলে চোৰে কেতিয়াও শান্তি নাপায়। মহাৰাষ্ট্ৰৰ নাগপুৰৰ এটা হনুমান মন্দিৰৰ পৰা ৰূপৰ গদা চুৰ কৰিছিল এটা চোৰে। হনুমানৰ গদা চুৰি কৰি অনুশোচনাত দগ্ধ হৈ পৰিল চোৰজন। তেওঁ অনুতাপ কৰি মন্দিৰলৈ আহি গদা ঘূৰাই দিলে আৰু প্ৰভু হনুমানৰ ওচৰত ক্ষমা খুজিলে। ইয়াৰ চিচিটিভি ফুটেজ এতিয়া ভাইৰেল হৈ পৰিছে। বৰ্তমান চোৰটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

নাগপুৰৰ কানহানত হনুমানজীৰ মন্দিৰৰ পৰা ৰূপৰ গদা চুৰি কৰা চোৰজনৰ নাম সন্দীপ লক্ষনে।এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিল যেতিয়া ৮ অক্টোবৰত কানহানত অৱস্থিত হনুমান মন্দিৰৰ ৰূপৰ গদা চুৰি হোৱাৰ অভিযোগ আৰক্ষীক দিছিল মন্দিৰৰ পুৰোহিতে। এই অভিযোগৰ ভিত্তিত কানহান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। চিচিটিভিৰ ফুটেজত দেখা যায় যে এজন লোকে ৰূপৰ গদাটো চুৰি কৰি লৈ গৈছিল। তদন্ত চলি থকাৰ মাজতেই ৯ অক্টোবৰত অভিযুক্তই গদাটো মন্দিৰত ঘূৰাই দি থৈ যায়।

চিচিটিভিৰ ফুটেজৰ ভিত্তিত যেতিয়া আৰক্ষীয়ে অভিযুক্ত সন্দীপ লক্ষনেক গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁ আৰক্ষীক জনায় যে গদাটো চুৰি কৰাৰ পাছতেই তেওঁৰ শান্তি নোহোৱা হৈছিল। পৃথিৱীৰ সমগ্ৰ অশান্তিয়ে যেন তেওঁক আৱৰি ধৰিছিল তেওঁৰ তেনেকুৱা অনুভৱ হৈছিল। গদাটো মন্দিৰত থৈ নহালৈকে তেওঁ কোনোদিন শান্তি নাপাব বুলি অনুভৱ কৰে আৰু নিজৰ কামক লৈ তেওঁ অনুশোচনাত ভুগে। যাৰফলত তেওঁ গদাটো পুনৰ মন্দিৰত থৈ আহিবলৈ বাধ্য হৈ পৰে। বৰ্তমান গোচৰটোৰ তদন্ত চলি আছে। স্থানীয় লোক আৰু মন্দিৰৰ কৰ্তৃপক্ষই মন্তব্য কৰে যে এয়া প্ৰভু হনুমানজীৰে চমৎকাৰ। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু