--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মন্দিৰৰ কেতিয়াবা অলৌকিক ঘটনা কিছুমানৰ কথা শুনিবলৈ পোৱা যায়। তেনে এক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত। কোৱা হয় মন্দিৰৰ পৰা চুৰ কৰিলে চোৰে কেতিয়াও শান্তি নাপায়। মহাৰাষ্ট্ৰৰ নাগপুৰৰ এটা হনুমান মন্দিৰৰ পৰা ৰূপৰ গদা চুৰ কৰিছিল এটা চোৰে। হনুমানৰ গদা চুৰি কৰি অনুশোচনাত দগ্ধ হৈ পৰিল চোৰজন। তেওঁ অনুতাপ কৰি মন্দিৰলৈ আহি গদা ঘূৰাই দিলে আৰু প্ৰভু হনুমানৰ ওচৰত ক্ষমা খুজিলে। ইয়াৰ চিচিটিভি ফুটেজ এতিয়া ভাইৰেল হৈ পৰিছে। বৰ্তমান চোৰটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

নাগপুৰৰ কানহানত হনুমানজীৰ মন্দিৰৰ পৰা ৰূপৰ গদা চুৰি কৰা চোৰজনৰ নাম সন্দীপ লক্ষনে।এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিল যেতিয়া ৮ অক্টোবৰত কানহানত অৱস্থিত হনুমান মন্দিৰৰ ৰূপৰ গদা চুৰি হোৱাৰ অভিযোগ আৰক্ষীক দিছিল মন্দিৰৰ পুৰোহিতে। এই অভিযোগৰ ভিত্তিত কানহান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। চিচিটিভিৰ ফুটেজত দেখা যায় যে এজন লোকে ৰূপৰ গদাটো চুৰি কৰি লৈ গৈছিল। তদন্ত চলি থকাৰ মাজতেই ৯ অক্টোবৰত অভিযুক্তই গদাটো মন্দিৰত ঘূৰাই দি থৈ যায়।

চিচিটিভিৰ ফুটেজৰ ভিত্তিত যেতিয়া আৰক্ষীয়ে অভিযুক্ত সন্দীপ লক্ষনেক গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁ আৰক্ষীক জনায় যে গদাটো চুৰি কৰাৰ পাছতেই তেওঁৰ শান্তি নোহোৱা হৈছিল। পৃথিৱীৰ সমগ্ৰ অশান্তিয়ে যেন তেওঁক আৱৰি ধৰিছিল তেওঁৰ তেনেকুৱা অনুভৱ হৈছিল। গদাটো মন্দিৰত থৈ নহালৈকে তেওঁ কোনোদিন শান্তি নাপাব বুলি অনুভৱ কৰে আৰু নিজৰ কামক লৈ তেওঁ অনুশোচনাত ভুগে। যাৰফলত তেওঁ গদাটো পুনৰ মন্দিৰত থৈ আহিবলৈ বাধ্য হৈ পৰে। বৰ্তমান গোচৰটোৰ তদন্ত চলি আছে। স্থানীয় লোক আৰু মন্দিৰৰ কৰ্তৃপক্ষই মন্তব্য কৰে যে এয়া প্ৰভু হনুমানজীৰে চমৎকাৰ। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক