--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মেধাৱী ছাত্ৰৰ আত্মহত্যা। ছাত্ৰজনে নিজৰ মৃত্যুৰ বাবে ডিপ্ৰেছনক দায়ী কৰিছে। এই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত। MPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ছাত্ৰজনে। ছাত্ৰজনৰ নাম ত্ৰিগুণ কাভলে। আৰক্ষীয়ে এখন ছুইচাইড নোট উদ্ধাৰ কৰে, য’ত তেওঁ নিজৰ মৃত্যুৰ বাবে কাকো জগৰীয়া কৰা নাই। আৰক্ষীয়ে ছুইচাইড নোট উদ্ধাৰ কৰিছে যদিও আত্মহত্যাৰ কাৰণ জানিবলৈ আৰক্ষীয়ে  চেষ্টা চলাইছে। ইয়াৰ বাবে মৃতকৰ আত্মীয় আৰু বন্ধু-বান্ধৱীক জেৰা কৰাত ব্যস্ত আৰক্ষী। 

আত্মহত্যাক ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে। মৃত ছাত্ৰজনে লিখিছে যে তেওঁ দীৰ্ঘদিন ধৰি ডিপ্ৰেছনত ভুগি আছে। তেওঁৰ মৃত্যুৰ বাবে ডিপ্ৰেছন দায়ী। ইয়াৰ বাবে অন্য কোনো দায়ী নহয়।

আৰক্ষীয়ে ছাত্ৰজনৰ পৰিয়ালৰ লোকক বিষয়টো অৱগত কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো আত্মীয়ৰ হাতত গতাই দিয়া হয়। ত্ৰিগুণ কাভলে (৩০) জালনা জিলাৰ বাসিন্দা আছিল। পুনেৰ বন্ধু-বান্ধৱীৰ সৈতে এটা এপাৰ্টমেণ্টত থাকি MPSC ৰ বাবে প্ৰস্তুতি চলাই আছিল। ত্ৰিগুণ কাভলেৰ ৰুমমেটে ক’লে যে তেওঁ সদায়ৰ দৰেই পুৱা ক্লাছলৈ ওলাই গৈছিল। দুপৰীয়া যেতিয়া তেওঁ উভতি আহিছিল, তেতিয়া তেওঁলোকৰ কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল। বহু সময় দুৱাৰত টোকৰ মৰাৰ পাছতো আৰু ত্ৰিগুণক চিঞৰি চিঞৰি মতাৰ পাছতো ভিতৰৰ পৰা কোনো সঁহাৰি অহা নাছিল।

তাৰ পাছত ৰূমমেটে চুবুৰীৰ মানুহক এই বিষয়ে অৱগত কৰি আৰক্ষীক ফোন কৰি থিতাতে মাতিলে। কোঠাৰ দুৱাৰ ভাঙি যেতিয়া আৰক্ষীয়ে কোঠাটোত প্ৰৱেশ কৰে, তেতিয়া দেখিলে যে ত্ৰিগুণ ফাঁচি লৈ ওলমি আছে। লগে লগে তেওঁক নমাই ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে ত্ৰিগুণৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে কথা পাতি কি কাৰণত তেওঁ ডিপ্ৰেছনত আছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক