--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মেধাৱী ছাত্ৰৰ আত্মহত্যা। ছাত্ৰজনে নিজৰ মৃত্যুৰ বাবে ডিপ্ৰেছনক দায়ী কৰিছে। এই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত। MPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ছাত্ৰজনে। ছাত্ৰজনৰ নাম ত্ৰিগুণ কাভলে। আৰক্ষীয়ে এখন ছুইচাইড নোট উদ্ধাৰ কৰে, য’ত তেওঁ নিজৰ মৃত্যুৰ বাবে কাকো জগৰীয়া কৰা নাই। আৰক্ষীয়ে ছুইচাইড নোট উদ্ধাৰ কৰিছে যদিও আত্মহত্যাৰ কাৰণ জানিবলৈ আৰক্ষীয়ে  চেষ্টা চলাইছে। ইয়াৰ বাবে মৃতকৰ আত্মীয় আৰু বন্ধু-বান্ধৱীক জেৰা কৰাত ব্যস্ত আৰক্ষী। 

আত্মহত্যাক ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে। মৃত ছাত্ৰজনে লিখিছে যে তেওঁ দীৰ্ঘদিন ধৰি ডিপ্ৰেছনত ভুগি আছে। তেওঁৰ মৃত্যুৰ বাবে ডিপ্ৰেছন দায়ী। ইয়াৰ বাবে অন্য কোনো দায়ী নহয়।

আৰক্ষীয়ে ছাত্ৰজনৰ পৰিয়ালৰ লোকক বিষয়টো অৱগত কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো আত্মীয়ৰ হাতত গতাই দিয়া হয়। ত্ৰিগুণ কাভলে (৩০) জালনা জিলাৰ বাসিন্দা আছিল। পুনেৰ বন্ধু-বান্ধৱীৰ সৈতে এটা এপাৰ্টমেণ্টত থাকি MPSC ৰ বাবে প্ৰস্তুতি চলাই আছিল। ত্ৰিগুণ কাভলেৰ ৰুমমেটে ক’লে যে তেওঁ সদায়ৰ দৰেই পুৱা ক্লাছলৈ ওলাই গৈছিল। দুপৰীয়া যেতিয়া তেওঁ উভতি আহিছিল, তেতিয়া তেওঁলোকৰ কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল। বহু সময় দুৱাৰত টোকৰ মৰাৰ পাছতো আৰু ত্ৰিগুণক চিঞৰি চিঞৰি মতাৰ পাছতো ভিতৰৰ পৰা কোনো সঁহাৰি অহা নাছিল।

তাৰ পাছত ৰূমমেটে চুবুৰীৰ মানুহক এই বিষয়ে অৱগত কৰি আৰক্ষীক ফোন কৰি থিতাতে মাতিলে। কোঠাৰ দুৱাৰ ভাঙি যেতিয়া আৰক্ষীয়ে কোঠাটোত প্ৰৱেশ কৰে, তেতিয়া দেখিলে যে ত্ৰিগুণ ফাঁচি লৈ ওলমি আছে। লগে লগে তেওঁক নমাই ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে ত্ৰিগুণৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে কথা পাতি কি কাৰণত তেওঁ ডিপ্ৰেছনত আছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু