--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে নিশা সন্দেহজনক ড্ৰাগছ উদ্ধাৰ হোৱাৰ পাছতে হোৱাইট হাউছৰ ৱেষ্ট উইঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।প্ৰাথমিক তদন্তত এই পদাৰ্থবিধক কোকেইন বুলি জানিব পৰা গৈছে। ইয়াৰ পাছত হোৱাইট হাউছ খালী কৰি সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।

হোয়াইট হাউছত যেতিয়া কোকেইন উদ্ধাৰ কৰা হৈছিল, তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন তাত উপস্থিত নাছিল। সেই সময়ত ৰাষ্ট্ৰপতিজন ‘কেম্প ডেভিদ’ত আছিল। দৰাচলতে বাইডেন আৰু তেওঁৰ পৰিয়াল শুকুৰবাৰে কেম্প ডেভিদলৈ ৰাওনা হয় আৰু মঙলবাৰে হোৱাইট হাউছলৈ উভতি যায়।

এই কাণ্ড সন্দৰ্ভত বিষয়াসকলে কয় যে দেওবাৰে চোৰাংচোৱা সেৱাৰ এজেণ্টসকলে নিয়মীয়া তদন্ত চলাই আছিল, যেতিয়া তেওঁলোকে হোৱাইট হাউচৰ পশ্চিম উইঙত বগা গুড়ি পাইছিল আৰু প্ৰাথমিক তদন্তত এই পদাৰ্থটো কোকেইন বুলি ধৰা পৰিছিল। অৱশ্যে পশ্চিম শাখাৰ কোনো কার্যালয়ত এই পদাৰ্থ পোৱা নাই৷তাৎপৰ্যপূৰ্ণভাৱে কওঁ যে ৰাষ্ট্ৰপতি জো বাইডেন বাস কৰা কাৰ্যবাহী অট্টালিকাৰ সৈতে পশ্চিম উইং সংযুক্ত।

এছ’চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি দেওবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই ঘটনা। কোকেইন পোৱাৰ পাছত হোৱাইট হাউছ কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হয় যদিও অতি সোনকালেই পুনৰ মুকলি কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান