--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ আমেৰিকাৰ জো বাইডেন প্ৰশাসনে সূৰ্যৰ পোহৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত এক অধ্যয়ন যোৱা শুকুৰবাৰে হোৱাইট হাউছৰ ৱেবছাইটত প্ৰকাশ পাইছিল।

হোয়াইট হাউছ অফিচ অৱ চাইন্স এণ্ড টেকন’লজি পলিচিয়ে প্ৰকাশ কৰিছে ‘ছ’লাৰ জিঅ’ইঞ্জিনিয়াৰিং’ সম্পৰ্কে এক প্ৰতিবেদন। প্ৰতিবেদন অনুসৰি সূৰ্যৰ পোহৰক আৱদ্ধ কৰি গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে গৱেষণা চলি আছে। যাৰ উদ্দেশ্য হৈছে উষ্ণতা নিয়ন্ত্ৰণত ৰাখি পৃথিৱীখন শীতল কৰি ৰখা।

এই অধ্যয়নত সৌৰ বিকিৰণৰ পৰিৱৰ্তনশীলতা (SRM)ৰ বৈজ্ঞানিক আৰু সামাজিক প্ৰভাৱ পৰীক্ষা কৰা হৈছে। আমেৰিকাৰ জলবায়ু নীতিৰ অধীনত ইয়াৰ সম্ভাৱ্য বিপদ আৰু লাভৰ পৰিমাণ নিৰ্ণয় কৰাৰ প্ৰয়াস। ইয়াৰ উপৰিও গৱেষকসকলে সেউজ গৃহ গেছৰ নিৰ্গমনৰ বিষয়টোও চোৱাচিতা কৰিছে।

হোৱাইট হাউছৰ প্ৰতিবেদন অনুসৰি এছ আৰ এমৰ দ্বাৰা কেইবছৰমানৰ ভিতৰতে গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱ্য হ্ৰাসৰ আভাস পোৱা গৈছে। অৱশ্যে এই ক্ষেত্ৰত প্ৰযুক্তি আমদানি কৰাৰ পূৰ্বে এছ আৰ এমৰ গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে প্ৰতিবেদনত।

এই গৱেষণাই ভৱিষ্যতে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰী আৰু কৰ্পৰেট প্ৰকল্পৰ বাবে ক্ষেত্ৰখন প্ৰস্তুত কৰি ৰাখিছে। সৌৰ বিকিৰণৰ পৰিৱৰ্তনে মানুহৰ স্বাস্থ্য, জৈৱ বৈচিত্ৰ্য, ভূ-ৰাজনীতিত প্ৰভাৱ পেলোৱা দেখা যায়। সূৰ্যৰ পোহৰ বন্ধ কৰিলে বতৰত প্ৰভাৱ পৰিব। খাদ্য যোগানতো ব্যাঘাত জন্মিব পাৰে। গতিকে সকলো দিশ পৰীক্ষা কৰি আগবাঢ়ি যাব বিচাৰিছে বাইডেন প্ৰশাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস