--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ আমেৰিকাৰ জো বাইডেন প্ৰশাসনে সূৰ্যৰ পোহৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত এক অধ্যয়ন যোৱা শুকুৰবাৰে হোৱাইট হাউছৰ ৱেবছাইটত প্ৰকাশ পাইছিল।

হোয়াইট হাউছ অফিচ অৱ চাইন্স এণ্ড টেকন’লজি পলিচিয়ে প্ৰকাশ কৰিছে ‘ছ’লাৰ জিঅ’ইঞ্জিনিয়াৰিং’ সম্পৰ্কে এক প্ৰতিবেদন। প্ৰতিবেদন অনুসৰি সূৰ্যৰ পোহৰক আৱদ্ধ কৰি গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে গৱেষণা চলি আছে। যাৰ উদ্দেশ্য হৈছে উষ্ণতা নিয়ন্ত্ৰণত ৰাখি পৃথিৱীখন শীতল কৰি ৰখা।

এই অধ্যয়নত সৌৰ বিকিৰণৰ পৰিৱৰ্তনশীলতা (SRM)ৰ বৈজ্ঞানিক আৰু সামাজিক প্ৰভাৱ পৰীক্ষা কৰা হৈছে। আমেৰিকাৰ জলবায়ু নীতিৰ অধীনত ইয়াৰ সম্ভাৱ্য বিপদ আৰু লাভৰ পৰিমাণ নিৰ্ণয় কৰাৰ প্ৰয়াস। ইয়াৰ উপৰিও গৱেষকসকলে সেউজ গৃহ গেছৰ নিৰ্গমনৰ বিষয়টোও চোৱাচিতা কৰিছে।

হোৱাইট হাউছৰ প্ৰতিবেদন অনুসৰি এছ আৰ এমৰ দ্বাৰা কেইবছৰমানৰ ভিতৰতে গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱ্য হ্ৰাসৰ আভাস পোৱা গৈছে। অৱশ্যে এই ক্ষেত্ৰত প্ৰযুক্তি আমদানি কৰাৰ পূৰ্বে এছ আৰ এমৰ গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে প্ৰতিবেদনত।

এই গৱেষণাই ভৱিষ্যতে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰী আৰু কৰ্পৰেট প্ৰকল্পৰ বাবে ক্ষেত্ৰখন প্ৰস্তুত কৰি ৰাখিছে। সৌৰ বিকিৰণৰ পৰিৱৰ্তনে মানুহৰ স্বাস্থ্য, জৈৱ বৈচিত্ৰ্য, ভূ-ৰাজনীতিত প্ৰভাৱ পেলোৱা দেখা যায়। সূৰ্যৰ পোহৰ বন্ধ কৰিলে বতৰত প্ৰভাৱ পৰিব। খাদ্য যোগানতো ব্যাঘাত জন্মিব পাৰে। গতিকে সকলো দিশ পৰীক্ষা কৰি আগবাঢ়ি যাব বিচাৰিছে বাইডেন প্ৰশাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান