--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তান সমৰ্থক সন্ত্ৰাসবাদীৰ ইটোৰ পাছত সিটো হত্যাকাণ্ডৰ মাজতে আমেৰিকাৰ পৰা এটা ডাঙৰ ঘটনা চৰ্চালৈ আহিছে। সামাজিক মাধ্যমত দাবী কৰা হৈছে যে আমেৰিকাত ভাৰতৰ ম’ষ্ট ৱাণ্টেড খালিস্তানী সন্ত্ৰাসবাদী তথা ছিখ ফৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে।

এই খৱৰ এইবাবেই ডাঙৰ কাৰণ গুৰপতৱন্ত সিং পান্নুৰ মৃত্যুৱে 'খালিস্তান আন্দোলন' ক ডাঙৰ আঘাত দিব পাৰে। ছ’চিয়েল মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি পান্নুৰ দুৰ্ঘটনা সংঘটিত হৈছে ইউ এছ হাইৱে ১০১ত। অৱশ্যে খালিস্তানী বা আমেৰিকা চৰকাৰেও এই সন্দৰ্ভত কোনো নিশ্চয়তা এতিয়ালৈকে দিয়া নাই।

৬০ দিনৰ ভিতৰতে হৰদীপ সিং নিজাৰ, অৱতাৰ সিং খাণ্ডা আৰু পৰমজিৎ সিং পাঞ্জৱাৰকে ধৰি তিনিজন খালিস্তান সমৰ্থক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। তেওঁলোকৰ মৃত্যুৰ পাছত গুৰপতৱন্ত সিং পান্নুৱে ৩ সপ্তাহ ধৰি আত্মগোপন কৰি আছিল। খালিস্তানী ইউটিউব চেনেলৰ আঁৰতো আছিল গুৰপতৱন্ত সিং পান্নু। শেহতীয়াকৈ খালিস্তানৰ সমৰ্থকক হত্যা কৰাৰ পাছত তেওঁ এটা ভিডিঅ’ মুকলি কৰি এই ঘটনাৰ বাবে কানাডা আৰু আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলক জগৰীয়া কৰে।
এইটোৱেই আছিল তেওঁৰ শেষ ভাবুকি দিয়া ভিডিঅ’। গুৰপতৱন্ত পান্নুৱে দীৰ্ঘদিন ধৰি আমেৰিকাত বহি পঞ্জাৱ গণভোট ২০২০ৰ নামত খালিস্তানী আন্দোলন চলাই আছিল।আৰু ইয়াত তেওঁ শিখসকলক উচটনি দিবলৈ চেষ্টা কৰিছিল৷


খালিস্তান অভিযানৰ সৈতে শিখসকলক সংযোগ কৰিবলৈ পান্নুৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল। পান্নুৰ নিৰ্দেশত চৰকাৰী আৰু ৰাজহুৱা স্থানত খালিস্তানী শ্লোগান লিখি উচটনি দিবলৈ কাম কৰা পঞ্জাৱত এনে বহু লোক ধৰা পৰিছিল।

শেহতীয়া খবৰ অনুসৰি খালিস্তানী নেতাৰ আকস্মিক মৃত্যু আৰু নিৰ্মূলৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত চলি থকা খালিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ আকাৰ আৰু প্ৰভাৱ হ্ৰাস পৰিব৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান