--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তান সমৰ্থক সন্ত্ৰাসবাদীৰ ইটোৰ পাছত সিটো হত্যাকাণ্ডৰ মাজতে আমেৰিকাৰ পৰা এটা ডাঙৰ ঘটনা চৰ্চালৈ আহিছে। সামাজিক মাধ্যমত দাবী কৰা হৈছে যে আমেৰিকাত ভাৰতৰ ম’ষ্ট ৱাণ্টেড খালিস্তানী সন্ত্ৰাসবাদী তথা ছিখ ফৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে।

এই খৱৰ এইবাবেই ডাঙৰ কাৰণ গুৰপতৱন্ত সিং পান্নুৰ মৃত্যুৱে 'খালিস্তান আন্দোলন' ক ডাঙৰ আঘাত দিব পাৰে। ছ’চিয়েল মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি পান্নুৰ দুৰ্ঘটনা সংঘটিত হৈছে ইউ এছ হাইৱে ১০১ত। অৱশ্যে খালিস্তানী বা আমেৰিকা চৰকাৰেও এই সন্দৰ্ভত কোনো নিশ্চয়তা এতিয়ালৈকে দিয়া নাই।

৬০ দিনৰ ভিতৰতে হৰদীপ সিং নিজাৰ, অৱতাৰ সিং খাণ্ডা আৰু পৰমজিৎ সিং পাঞ্জৱাৰকে ধৰি তিনিজন খালিস্তান সমৰ্থক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। তেওঁলোকৰ মৃত্যুৰ পাছত গুৰপতৱন্ত সিং পান্নুৱে ৩ সপ্তাহ ধৰি আত্মগোপন কৰি আছিল। খালিস্তানী ইউটিউব চেনেলৰ আঁৰতো আছিল গুৰপতৱন্ত সিং পান্নু। শেহতীয়াকৈ খালিস্তানৰ সমৰ্থকক হত্যা কৰাৰ পাছত তেওঁ এটা ভিডিঅ’ মুকলি কৰি এই ঘটনাৰ বাবে কানাডা আৰু আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলক জগৰীয়া কৰে।
এইটোৱেই আছিল তেওঁৰ শেষ ভাবুকি দিয়া ভিডিঅ’। গুৰপতৱন্ত পান্নুৱে দীৰ্ঘদিন ধৰি আমেৰিকাত বহি পঞ্জাৱ গণভোট ২০২০ৰ নামত খালিস্তানী আন্দোলন চলাই আছিল।আৰু ইয়াত তেওঁ শিখসকলক উচটনি দিবলৈ চেষ্টা কৰিছিল৷


খালিস্তান অভিযানৰ সৈতে শিখসকলক সংযোগ কৰিবলৈ পান্নুৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল। পান্নুৰ নিৰ্দেশত চৰকাৰী আৰু ৰাজহুৱা স্থানত খালিস্তানী শ্লোগান লিখি উচটনি দিবলৈ কাম কৰা পঞ্জাৱত এনে বহু লোক ধৰা পৰিছিল।

শেহতীয়া খবৰ অনুসৰি খালিস্তানী নেতাৰ আকস্মিক মৃত্যু আৰু নিৰ্মূলৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত চলি থকা খালিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ আকাৰ আৰু প্ৰভাৱ হ্ৰাস পৰিব৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস