--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিয়তিৰ কৰুণ পৰিহাস৷টাইটানিক জাহাজৰ ধ্বংসাৱশেষৰ স্থানলৈ যোৱা দুৰ্ভাগ্যজনক অভিযানত পিতৃৰ সৈতে যোৱা ১৯ বছৰীয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ চুলেমান ডাউড আৰু পিতৃ দুয়োজনৰে মৃত্যু ঘটিছে৷উল্লেখ কৰা অনুসৰি চুলেমানে এই যাত্ৰাত যোৱাত আতংকিত অনুভৱ কৰিছিল আৰু এই যাত্ৰাক লৈ গভীৰ সংশয় প্ৰকাশ কৰিছিল। গভীৰ সাগৰত ডুব যোৱা ছাবমেৰিন টাইটানত থকা পাঁচোজনেই বিস্ফোৰণত নিহত হয় আৰু ইয়াৰে ভিতৰত এজন চুলেমানো আছিল।

কানাডাৰ উপকূলৰ ওচৰত টাইটানৰ গভীৰ সাগৰৰ ডুব যোৱা ছাবমেৰিনখন সাগৰত যোৱাৰ আগৰ দিনকেইটাত চুলেমান ডাউডে টাইটানিকৰ ধ্বংসাৱশেষ অন্বেষণ কৰিবলৈ কৰা ভ্ৰমণৰ বাবে "দ্বিধাবোধ" কৰিছিল আৰু "আতংকিত" অনুভৱ কৰিছিল।

চুলেমানে টাইটানিকৰ ধ্বংসাৱশেষৰ স্থানলৈ যাত্ৰাত তেওঁৰ পিতৃ ব্ৰিটিছ-পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউদ (৪৮)ৰ সৈতে গৈছিল। টাইটান ছাবমাৰ্চিবলত নিহত হোৱা আন কেইজন হ’ল অ’চেনগেটৰ ৬১ বছৰীয়া চিইঅ’ ষ্টকটন ৰাছ আৰু টাইটানৰ পাইলট ব্ৰিটিছ ব্যৱসায়ী হামিছ হাৰ্ডিং (৫৮) আৰু ফ্ৰান্সৰ অভিযাত্ৰী পল-হেনৰী নাৰ্জিঅ’লেট (৭৭)।


এনবিচিক দিয়া এক সাক্ষাৎকাৰত চুলেমানৰ পেহীয়েক আজমেহ ডাউডে কয় যে, "এই অভিযানত পিতৃৰ সৈতে যোৱা চুলেমান ডাউডে যোৱাৰ ক্ষেত্ৰত দ্বিধাবোধ প্ৰকাশ কৰিছিল। তেওঁ ইয়াৰ বাবে বৰ বেছি সাজু নাছিল আৰু ভ্ৰমণৰ বাবে আতংকিত অনুভৱ কৰিছিল।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি