--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিয়তিৰ কৰুণ পৰিহাস৷টাইটানিক জাহাজৰ ধ্বংসাৱশেষৰ স্থানলৈ যোৱা দুৰ্ভাগ্যজনক অভিযানত পিতৃৰ সৈতে যোৱা ১৯ বছৰীয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ চুলেমান ডাউড আৰু পিতৃ দুয়োজনৰে মৃত্যু ঘটিছে৷উল্লেখ কৰা অনুসৰি চুলেমানে এই যাত্ৰাত যোৱাত আতংকিত অনুভৱ কৰিছিল আৰু এই যাত্ৰাক লৈ গভীৰ সংশয় প্ৰকাশ কৰিছিল। গভীৰ সাগৰত ডুব যোৱা ছাবমেৰিন টাইটানত থকা পাঁচোজনেই বিস্ফোৰণত নিহত হয় আৰু ইয়াৰে ভিতৰত এজন চুলেমানো আছিল।

কানাডাৰ উপকূলৰ ওচৰত টাইটানৰ গভীৰ সাগৰৰ ডুব যোৱা ছাবমেৰিনখন সাগৰত যোৱাৰ আগৰ দিনকেইটাত চুলেমান ডাউডে টাইটানিকৰ ধ্বংসাৱশেষ অন্বেষণ কৰিবলৈ কৰা ভ্ৰমণৰ বাবে "দ্বিধাবোধ" কৰিছিল আৰু "আতংকিত" অনুভৱ কৰিছিল।

চুলেমানে টাইটানিকৰ ধ্বংসাৱশেষৰ স্থানলৈ যাত্ৰাত তেওঁৰ পিতৃ ব্ৰিটিছ-পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউদ (৪৮)ৰ সৈতে গৈছিল। টাইটান ছাবমাৰ্চিবলত নিহত হোৱা আন কেইজন হ’ল অ’চেনগেটৰ ৬১ বছৰীয়া চিইঅ’ ষ্টকটন ৰাছ আৰু টাইটানৰ পাইলট ব্ৰিটিছ ব্যৱসায়ী হামিছ হাৰ্ডিং (৫৮) আৰু ফ্ৰান্সৰ অভিযাত্ৰী পল-হেনৰী নাৰ্জিঅ’লেট (৭৭)।


এনবিচিক দিয়া এক সাক্ষাৎকাৰত চুলেমানৰ পেহীয়েক আজমেহ ডাউডে কয় যে, "এই অভিযানত পিতৃৰ সৈতে যোৱা চুলেমান ডাউডে যোৱাৰ ক্ষেত্ৰত দ্বিধাবোধ প্ৰকাশ কৰিছিল। তেওঁ ইয়াৰ বাবে বৰ বেছি সাজু নাছিল আৰু ভ্ৰমণৰ বাবে আতংকিত অনুভৱ কৰিছিল।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস