--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শোকাৱহ পথ দুৰ্ঘটনা মৃত্যু হয় এগৰাকী উদীয়মান তেলেগু অভিনেত্ৰী তথা ইউটিউবাৰ৷ হায়দৰাবাদত পথত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হয় গায়ত্ৰী ওৰফে ডলী ডি ক্ৰুজৰ৷ জানিব পৰা মতে গায়ত্ৰী আৰু তেওঁৰ বন্ধু ৰাথোড়ৰ গাড়ীখনে হায়দৰাবাদৰ এটা ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়৷ ঘটনাত গায়ত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে ৰাথোডৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ১৮ মাৰ্চত এই শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল গায়ত্ৰী ওৰফে ডলী ডি ক্ৰুজে। বাতৰি অনুসৰি তেওঁ হোলী উদযাপনত অংশগ্ৰহণ কৰি বন্ধু ৰাথোড়ৰ সৈতে ঘৰলৈ উভতি আহিছিল। সেই সময়তে তেওঁলোকৰ গাড়ীখন পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰিছিল আৰু ওলোটি পৰিছিল। খবৰ অনুসৰি দুৰ্ঘটনাস্থলীতে গায়ত্ৰীক মৃত ঘোষণা কৰা হৈছিল।  

২৬ বছৰ বয়সত মৃত্যু তেলেগু অভিনেত্ৰী গায়ত্ৰীৰ

গায়ত্ৰী, যাক ডলী ডি ক্ৰুজ বুলিও জনা গৈছিল৷ তেলেগু ৱেব ছিৰিজ, মেডাম ছাৰ মেডাম এন্থেৰ দ্বাৰা খ্যাতি লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি তেওঁ ইউটিউব চেনেল জলচা ৰায়াডুৰ জৰিয়তেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ২৬ বছৰ। ইপিনে এই ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনে এজন পথচাৰীকো খুন্দা মাৰে৷ যি ঘটনাস্থলীতে মৃত্যুবৰণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন