--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শোকাৱহ পথ দুৰ্ঘটনা মৃত্যু হয় এগৰাকী উদীয়মান তেলেগু অভিনেত্ৰী তথা ইউটিউবাৰ৷ হায়দৰাবাদত পথত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হয় গায়ত্ৰী ওৰফে ডলী ডি ক্ৰুজৰ৷ জানিব পৰা মতে গায়ত্ৰী আৰু তেওঁৰ বন্ধু ৰাথোড়ৰ গাড়ীখনে হায়দৰাবাদৰ এটা ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়৷ ঘটনাত গায়ত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে ৰাথোডৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ১৮ মাৰ্চত এই শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল গায়ত্ৰী ওৰফে ডলী ডি ক্ৰুজে। বাতৰি অনুসৰি তেওঁ হোলী উদযাপনত অংশগ্ৰহণ কৰি বন্ধু ৰাথোড়ৰ সৈতে ঘৰলৈ উভতি আহিছিল। সেই সময়তে তেওঁলোকৰ গাড়ীখন পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰিছিল আৰু ওলোটি পৰিছিল। খবৰ অনুসৰি দুৰ্ঘটনাস্থলীতে গায়ত্ৰীক মৃত ঘোষণা কৰা হৈছিল।  

২৬ বছৰ বয়সত মৃত্যু তেলেগু অভিনেত্ৰী গায়ত্ৰীৰ

গায়ত্ৰী, যাক ডলী ডি ক্ৰুজ বুলিও জনা গৈছিল৷ তেলেগু ৱেব ছিৰিজ, মেডাম ছাৰ মেডাম এন্থেৰ দ্বাৰা খ্যাতি লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি তেওঁ ইউটিউব চেনেল জলচা ৰায়াডুৰ জৰিয়তেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ২৬ বছৰ। ইপিনে এই ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনে এজন পথচাৰীকো খুন্দা মাৰে৷ যি ঘটনাস্থলীতে মৃত্যুবৰণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান