--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃক্ক বা পিত্তথলীত পাথৰ হোৱাটো আজিকালি এটা সাধাৰণ সমস্যা। কিন্তু মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ লক্ষ্মীকান্ত মাধেকাৰৰ আঁঠুত তিয়ঁহৰ আকাৰৰ এটা শিল আছিল যাক যোৱা সপ্তাহত চিকিৎসকে অস্ত্ৰোপচাৰ কৰি বাহিৰলৈ উলিয়াই আনিছিল। মুম্বাইৰ এজন চিকিৎসকে এই সফল অস্ত্ৰোপচাৰ কৰিছে। শিলটোৰ দৈৰ্ঘ্য আছিল ১২ চেণ্টিমিটাৰ। চিকিৎসকে কয় যে এইটো এটা বিৰল ঘটনা। ইয়াক 'multiple giant synovial chondromatosis' বুলি কোৱা হয়। এইটো খুব কম লোকৰ মাজত পোৱা যায়। ৭০ বছৰীয়া ৰোগীজনে দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰে। তেওঁ যোৱা সপ্তাহত আঁঠু বিষৰ বাবে চিকিৎসকৰ কাষ চাপে। চিকিৎসকে এমআৰআই পৰীক্ষা কৰি দেখে লক্ষ্মীকান্তৰ আঁঠুত এটা তিয়ঁহ আকাৰৰ শিল আছে। এই দৃশ্য দেখি চিকিৎসকো আচৰিত হৈ পৰে। চিকিৎসকে লগে লগে লক্ষ্মীকান্তৰ অস্ত্ৰোপচাৰ কৰে। অস্ত্ৰোপচাৰৰ পাছত লক্ষ্মীকান্ত মাধেকাৰে তেওঁৰ পুত্ৰৰ বাইকখন চলাইছিল, যিটো তেওঁ যোৱা ১০ বছৰ ধৰি চলাব পৰা নাছিল। বৰ্তমান লক্ষ্মীকান্ত মাধেকাৰ সম্পূৰ্ণ সুস্থ। আৰু পঢ়কঃ ভাগ্যৰ পৰিহাস! আফগানিস্তানৰ বিত্তমন্ত্ৰীয়ে আমেৰিকাত চলাই আছে উবেৰ কেব

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন