--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ নামত একাংশ জঘন্য মনোবৃত্তিৰ লোকে মহিলা-যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা নতুন নহয়। কিন্তু এইবাৰ হোলীৰ সময়তে তেনে ভয়ংকৰ ঘটনাৰ সাক্ষী হ’ল এগৰাকী জাপানৰ যুৱতী।  শেহতীয়াকৈ  দিল্লীৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।  ভিডিঅ'টোত কেইজনমান  যুৱকে দিল্লীৰ পাহাৰগঞ্জত হোলী খেলাৰ নামত এগৰাকী জাপানী যুৱতীক যৌন উৎপীড়ন চলোৱা  দেখা গৈছে ।

যুৱতীগৰাকীৰ  মূৰত কণী ভাঙি দিয়া হৈছে । এই ঘটনাৰ বিষয়ে  মহিলাগৰাকীয়ে নিজেই টুইটাৰত বৰ্ণনা কৰিছে।  ইয়াৰ লগে লগে ঘটনাটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত  ভাইৰেল হৈ পৰিছে আৰু মানুহে অভিযুক্ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। যদিও এই সন্দৰ্ভত যুৱতীগৰাকীয়ে  কোনো অভিযোগ দাখিল কৰা নাই তথাপি ভিডিঅ’ চাই  দিল্লী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।শেহতীয়া খবৰ অনুসৰি দিল্লী আৰক্ষীয়ে মহিলাগৰাকীৰ সৈতে দুৰ্ব্যৱহাৰ কৰা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

 লগতে এজন নাবালককে ধৰি তিনিজন লোকক আটক কৰি সোধা-পোছা কৰা হৈছে। আৰক্ষী উপ-আয়ুক্ত  (কেন্দ্ৰীয়) সঞ্জয় কুমাৰ সেনে কয় যে গ্ৰেপ্তাৰ কৰা আটাইকেইজন যুৱক  পাহাৰগঞ্জ অঞ্চলৰ বাসিন্দা।

 ভিডিঅ'টো পোহৰলৈ অহাৰ পিছত দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) অধ্যক্ষ স্বাতী মালিৱালে টুইট কৰে, "মই যেতিয়াই এই ভিডিঅ'টো চাই আছো, সিমানে ই মোৰ তেজ গৰম হৈ পৰিছে। যিয়েই নহওঁক, মই তেওঁলোকৰ কাকো এৰি নিদিওঁ, আমি নিশ্চিত কৰিম যে তেওঁলোক কাৰাগাৰলৈ যাবই লাগিব। ’’ এজন নেট ব্যৱহাৰকাৰীয়ে লিখিছে  যে এই  ঘটনাটোত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।সেই  যুৱতীগৰাকী জাপানৰ আছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত দিল্লী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু ভুক্তভোগী মহিলাগৰাকীয়ে কালি তিক্ত অভিজ্ঞতালৈ ভাৰত ত্যাগ কৰিছে। ইনক্ৰিডিবল ইণ্ডিয়াৰ  প্ৰতিচ্ছবি নষ্ট কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সকলোৱে।


এগৰাকী নেটিজেনে লিখিছে যে যদি পৰ্যটকসকলক এনেদৰে ব্যৱহাৰ কৰা হয়, তেন্তে ই অতি  অপমানজনক, দিল্লী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লোৱা উচিত।জাপানী যুৱতীগৰাকীয়ে  টুইট কৰিছে যে তেওঁ বাংলাদেশ পাইছে আৰু মানসিক আৰু শাৰীৰিকভাৱে তেওঁ এতিয়া সুস্থ। ৰাষ্ট্ৰীয় মহিলা আয়োগেও ভিডিঅ'টো বিবেচনা কৰিছিল আৰু দিল্লী আৰক্ষীক বিষয়টোত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ কৈছে। মহিলা আয়োগৰ এটা টুইটত কোৱা হৈছে যে বিষয়টো গভীৰভাবে  লোৱা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত