--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ নামত একাংশ জঘন্য মনোবৃত্তিৰ লোকে মহিলা-যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা নতুন নহয়। কিন্তু এইবাৰ হোলীৰ সময়তে তেনে ভয়ংকৰ ঘটনাৰ সাক্ষী হ’ল এগৰাকী জাপানৰ যুৱতী।  শেহতীয়াকৈ  দিল্লীৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।  ভিডিঅ'টোত কেইজনমান  যুৱকে দিল্লীৰ পাহাৰগঞ্জত হোলী খেলাৰ নামত এগৰাকী জাপানী যুৱতীক যৌন উৎপীড়ন চলোৱা  দেখা গৈছে ।

যুৱতীগৰাকীৰ  মূৰত কণী ভাঙি দিয়া হৈছে । এই ঘটনাৰ বিষয়ে  মহিলাগৰাকীয়ে নিজেই টুইটাৰত বৰ্ণনা কৰিছে।  ইয়াৰ লগে লগে ঘটনাটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত  ভাইৰেল হৈ পৰিছে আৰু মানুহে অভিযুক্ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। যদিও এই সন্দৰ্ভত যুৱতীগৰাকীয়ে  কোনো অভিযোগ দাখিল কৰা নাই তথাপি ভিডিঅ’ চাই  দিল্লী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।শেহতীয়া খবৰ অনুসৰি দিল্লী আৰক্ষীয়ে মহিলাগৰাকীৰ সৈতে দুৰ্ব্যৱহাৰ কৰা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

 লগতে এজন নাবালককে ধৰি তিনিজন লোকক আটক কৰি সোধা-পোছা কৰা হৈছে। আৰক্ষী উপ-আয়ুক্ত  (কেন্দ্ৰীয়) সঞ্জয় কুমাৰ সেনে কয় যে গ্ৰেপ্তাৰ কৰা আটাইকেইজন যুৱক  পাহাৰগঞ্জ অঞ্চলৰ বাসিন্দা।

 ভিডিঅ'টো পোহৰলৈ অহাৰ পিছত দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) অধ্যক্ষ স্বাতী মালিৱালে টুইট কৰে, "মই যেতিয়াই এই ভিডিঅ'টো চাই আছো, সিমানে ই মোৰ তেজ গৰম হৈ পৰিছে। যিয়েই নহওঁক, মই তেওঁলোকৰ কাকো এৰি নিদিওঁ, আমি নিশ্চিত কৰিম যে তেওঁলোক কাৰাগাৰলৈ যাবই লাগিব। ’’ এজন নেট ব্যৱহাৰকাৰীয়ে লিখিছে  যে এই  ঘটনাটোত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।সেই  যুৱতীগৰাকী জাপানৰ আছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত দিল্লী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু ভুক্তভোগী মহিলাগৰাকীয়ে কালি তিক্ত অভিজ্ঞতালৈ ভাৰত ত্যাগ কৰিছে। ইনক্ৰিডিবল ইণ্ডিয়াৰ  প্ৰতিচ্ছবি নষ্ট কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সকলোৱে।


এগৰাকী নেটিজেনে লিখিছে যে যদি পৰ্যটকসকলক এনেদৰে ব্যৱহাৰ কৰা হয়, তেন্তে ই অতি  অপমানজনক, দিল্লী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লোৱা উচিত।জাপানী যুৱতীগৰাকীয়ে  টুইট কৰিছে যে তেওঁ বাংলাদেশ পাইছে আৰু মানসিক আৰু শাৰীৰিকভাৱে তেওঁ এতিয়া সুস্থ। ৰাষ্ট্ৰীয় মহিলা আয়োগেও ভিডিঅ'টো বিবেচনা কৰিছিল আৰু দিল্লী আৰক্ষীক বিষয়টোত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ কৈছে। মহিলা আয়োগৰ এটা টুইটত কোৱা হৈছে যে বিষয়টো গভীৰভাবে  লোৱা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement