--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ বহু অভিনেতাই নিজৰ অভিনয় কৌশলেৰ জৰিয়তে বহু শিৰোনাম দখল কৰিছিল। তেনে এজন অভিনেতা হৈছে ৰণদীপ হুডা। চাহেব বিবি ঔৰ গেংষ্টাৰ, সৰবজিত, হাইৱে, চুলতান আদি ছবিত অভিনয় কৰি উদ্যোগটোত স্থান দখল কৰা হাৰিয়ানাৰ ৰণদীপ হুদা এনে এজন বলীউড শ্ৰেষ্ঠ অভিনেতা যিয়ে প্ৰতিটো চৰিত্ৰৰ জৰিয়তে ছবিখনলৈ জীৱন কঢ়িয়াই আনে। অভিনেতাজন মুখ্য চৰিত্ৰতেই হওক বা পাৰ্শ্ব চৰিত্ৰতেই হওক, প্ৰতিটো চৰিত্ৰই নিজৰ মাজতে বিশেষ। ২০ আগষ্টত ৪৫ সংখ্যক জন্মদিন উদযাপন কৰিছে অভিনেতা গৰাকীয়ে।

হাৰিয়ানাৰ ৰোহতক জিলাৰ বাসিন্দা ৰণদীপৰ জন্ম হৈছিল ১৯৭৬ চনত। দেউতাক পেছাত এজন অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু মাতৃ এগৰাকী সমাজকৰ্মী। ৰণদীপৰ বয়স যেতিয়া ৮ বছৰ হৈছিল তেতিয়া তেওঁৰ পৰিয়ালে তেওঁক সোণেপাটৰ এম এন এছ এছ বৰ্ডিং স্কুললৈ পঠিয়াইছিল। তাৰ পৰাই তেওঁ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছতে তেওঁ দিল্লীৰ প্ৰতিষ্ঠিত আৰ কে পুৰমত নামভৰ্তি কৰে। ইয়াৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে অষ্ট্ৰেলিয়া চহৰলৈ যায়। তাত তেওঁ মাৰ্কেটিং আৰু বিজনেছ মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অষ্ট্ৰেলিয়াত পঢ়া-শুনা কৰি থাকোঁতে ৰণদীপে চীনা ৰেষ্টুৰেণ্ট এখনত কাম কৰিছিল, গাড়ী চাফা কৰিছিল আনকি টেক্সিও চলাইছিল। ২ বছৰৰ পাছত তেওঁ ভাৰতলৈ উভতি আহি বিমান সংস্থাৰ মাৰ্কেটিং বিভাগত চাকৰি কৰি কৰ্মজীৱনৰ পাতনি মেলে।

২০০১ চনত মীৰা নাইৰৰ মনছুন ৱেডিং নামৰ ছবিখনেৰে ৰনদীপে বলীউডত অভিষেক ঘটায়। এই ছবিখনত তেওঁ এগৰাকী প্ৰবাসীৰ চৰিত্ৰত অভিনয় কৰিছিল। মনছুন ৱেডিংত  শক্তিশালী চৰিত্ৰত অভিনয় কৰাৰ ৪বছৰৰ পাছত তেওঁ দ্বিতীয়টো প্ৰজেক্ট পাইছিল। ইয়াৰ পাছত ২০০৫ চনত ৰণদীপে আণ্ডাৰৱৰ্ল্ড ওপৰত ডি ছবিৰ জৰিয়তে বহু শিৰোনাম দখল কৰিছিল। এই ছবিখনেই আছিল ৰনদীপৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট। এই ছবিখনে ৰণদীপক তাৰকা কৰি তুলিছিল।

ৰণদীপ হুদা তেওঁৰ কৰ্মক লৈ ইমানেই একাগ্ৰ আছিল যে ২০১৬ চনত ঐশ্বৰ্য ৰায়ৰ সৈতে তেওঁৰ ছবি সৰবজিত মুক্তি পালে। এই ছবিখনত মুখ্য চৰিত্ৰত আছিল ৰণদীপ। সৰবজিতৰ পৰিচালনা কৰিছিল ওমুং কুমাৰে। এটা প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছিল এই ছবিখন। উল্লেখযোগ্য যে সৰবজিত এজন ভাৰতীয় আছিল যি ২২ বছৰ পাকিস্তানত কাৰাগাৰত বন্দী হৈ আছিল। বৰ্তমান পাকিস্তানৰ কাৰাগাৰত সংঘটিত হোৱা এক ঘটনাৰ বাবে কিছুবছৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিল।

এই ছবিখনৰ বাবে সৰবজিতৰ লুকত সোমাবলৈ ৰণদীপে বহুত কষ্ট কৰিবলগীয়া হৈছিল। এই সময়ত ৰনদীপে কঠোৰ প্ৰশিক্ষণ লৈ ৰাইজৰ সন্মুখত এনে ৰূপত আহিলে চকুত চিনিব পৰাটো কঠিন হৈ পৰিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মাত্ৰ ২৮ দিনতে ৰণদীপৰ ওজন কমিছিল ১৮ কেজি। ইয়াৰ বাবে ৰণদীপৰ ভগ্নী ডাঃ অঞ্জলি হুডাই তেওঁক সহায় কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
'অপাৰেশ্যন সিন্দূৰ' শেষ হোৱা নাই, সন্ত্রাসবাদীক সমর্থন দি থাকিলে পৰিণাম বিষম হ'ব: ৰাজনাথ সিং
এইবাৰ নিষিদ্ধ গো-মাংস উদ্ধাৰ কামৰূপৰ মদন কামদেৱ দেৱালয়ৰ সমীপত
'চিটি চেণ্টাৰ'ৰ খাদ্য বিপণীৰ নুডলছত ওলাল নিষিদ্ধ মাংস
মেঘালয়, মণিপুৰসহ ৭খন ৰাজ্যৰ নাম উল্লেখেৰে আমেৰিকাৰ সতর্কবাণী
অম্বুবাচীত কি কি কাম কৰিব নালাগে?
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত