--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ বহু অভিনেতাই নিজৰ অভিনয় কৌশলেৰ জৰিয়তে বহু শিৰোনাম দখল কৰিছিল। তেনে এজন অভিনেতা হৈছে ৰণদীপ হুডা। চাহেব বিবি ঔৰ গেংষ্টাৰ, সৰবজিত, হাইৱে, চুলতান আদি ছবিত অভিনয় কৰি উদ্যোগটোত স্থান দখল কৰা হাৰিয়ানাৰ ৰণদীপ হুদা এনে এজন বলীউড শ্ৰেষ্ঠ অভিনেতা যিয়ে প্ৰতিটো চৰিত্ৰৰ জৰিয়তে ছবিখনলৈ জীৱন কঢ়িয়াই আনে। অভিনেতাজন মুখ্য চৰিত্ৰতেই হওক বা পাৰ্শ্ব চৰিত্ৰতেই হওক, প্ৰতিটো চৰিত্ৰই নিজৰ মাজতে বিশেষ। ২০ আগষ্টত ৪৫ সংখ্যক জন্মদিন উদযাপন কৰিছে অভিনেতা গৰাকীয়ে।

হাৰিয়ানাৰ ৰোহতক জিলাৰ বাসিন্দা ৰণদীপৰ জন্ম হৈছিল ১৯৭৬ চনত। দেউতাক পেছাত এজন অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু মাতৃ এগৰাকী সমাজকৰ্মী। ৰণদীপৰ বয়স যেতিয়া ৮ বছৰ হৈছিল তেতিয়া তেওঁৰ পৰিয়ালে তেওঁক সোণেপাটৰ এম এন এছ এছ বৰ্ডিং স্কুললৈ পঠিয়াইছিল। তাৰ পৰাই তেওঁ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছতে তেওঁ দিল্লীৰ প্ৰতিষ্ঠিত আৰ কে পুৰমত নামভৰ্তি কৰে। ইয়াৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে অষ্ট্ৰেলিয়া চহৰলৈ যায়। তাত তেওঁ মাৰ্কেটিং আৰু বিজনেছ মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অষ্ট্ৰেলিয়াত পঢ়া-শুনা কৰি থাকোঁতে ৰণদীপে চীনা ৰেষ্টুৰেণ্ট এখনত কাম কৰিছিল, গাড়ী চাফা কৰিছিল আনকি টেক্সিও চলাইছিল। ২ বছৰৰ পাছত তেওঁ ভাৰতলৈ উভতি আহি বিমান সংস্থাৰ মাৰ্কেটিং বিভাগত চাকৰি কৰি কৰ্মজীৱনৰ পাতনি মেলে।

২০০১ চনত মীৰা নাইৰৰ মনছুন ৱেডিং নামৰ ছবিখনেৰে ৰনদীপে বলীউডত অভিষেক ঘটায়। এই ছবিখনত তেওঁ এগৰাকী প্ৰবাসীৰ চৰিত্ৰত অভিনয় কৰিছিল। মনছুন ৱেডিংত  শক্তিশালী চৰিত্ৰত অভিনয় কৰাৰ ৪বছৰৰ পাছত তেওঁ দ্বিতীয়টো প্ৰজেক্ট পাইছিল। ইয়াৰ পাছত ২০০৫ চনত ৰণদীপে আণ্ডাৰৱৰ্ল্ড ওপৰত ডি ছবিৰ জৰিয়তে বহু শিৰোনাম দখল কৰিছিল। এই ছবিখনেই আছিল ৰনদীপৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট। এই ছবিখনে ৰণদীপক তাৰকা কৰি তুলিছিল।

ৰণদীপ হুদা তেওঁৰ কৰ্মক লৈ ইমানেই একাগ্ৰ আছিল যে ২০১৬ চনত ঐশ্বৰ্য ৰায়ৰ সৈতে তেওঁৰ ছবি সৰবজিত মুক্তি পালে। এই ছবিখনত মুখ্য চৰিত্ৰত আছিল ৰণদীপ। সৰবজিতৰ পৰিচালনা কৰিছিল ওমুং কুমাৰে। এটা প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছিল এই ছবিখন। উল্লেখযোগ্য যে সৰবজিত এজন ভাৰতীয় আছিল যি ২২ বছৰ পাকিস্তানত কাৰাগাৰত বন্দী হৈ আছিল। বৰ্তমান পাকিস্তানৰ কাৰাগাৰত সংঘটিত হোৱা এক ঘটনাৰ বাবে কিছুবছৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিল।

এই ছবিখনৰ বাবে সৰবজিতৰ লুকত সোমাবলৈ ৰণদীপে বহুত কষ্ট কৰিবলগীয়া হৈছিল। এই সময়ত ৰনদীপে কঠোৰ প্ৰশিক্ষণ লৈ ৰাইজৰ সন্মুখত এনে ৰূপত আহিলে চকুত চিনিব পৰাটো কঠিন হৈ পৰিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মাত্ৰ ২৮ দিনতে ৰণদীপৰ ওজন কমিছিল ১৮ কেজি। ইয়াৰ বাবে ৰণদীপৰ ভগ্নী ডাঃ অঞ্জলি হুডাই তেওঁক সহায় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু