--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিভিছন জগতৰ সুপৰিচিত অভিনেত্ৰী নূপুৰ অলংকাৰে অভিনয় জগতক বিদায় দি সন্ন্যাসিনী হৈ পৰিছে। অভিনেত্ৰী নূপুৰ অলংকাৰে এই উদ্যোগৰ পৰা অৱসৰ গ্ৰহণ কৰি হিমালয়ৰ দিশে গুচি গৈছে। ২৭ বছৰ ধৰি এই উদ্যোগত কৰ্মৰত নূপুৰে সন্ন্যাস ধৰ্ম গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে।

অভিনেত্ৰী নূপুৰ অলংকাৰে ২৭ বছৰ এই উদ্যোগত কাম কৰি গ্লেমাৰৰ জগতখন এৰি থৈ গৈছে। নূপুৰ অলংকাৰে অভিনয় জগতৰ পৰা অৱসৰ লোৱাৰ তথ্য নিজেই সদৰী কৰিছে। নূপুৰে ফেব্ৰুৱাৰী মাহত অৱসৰ লৈছিল আৰু এতিয়া তেওঁ তীৰ্থযাত্ৰা আৰু দৰিদ্ৰ লোকসকলক সহায় কৰাত ব্যস্ত। নূপুৰ CINTAAৰ এগৰাকী সদস্যও হয়।

নূপুৰে এই উদ্যোগ এৰি এতিয়া এগৰাকী সন্ন্যাসিনী হৈ পৰিছে। তেওঁ কয় যে এতিয়া তেওঁৰ মনটো আধ্যাত্মিকতাত বান্ধ খাই পৰিছে আৰু গোটেই জীৱনজুৰি এই পথকেই নূপুৰে অনুসৰণ কৰিব। আধ্যাত্মিকতাৰ প্ৰতি নিজকে সমৰ্পিত কৰি মুম্বাইত থকা ফ্লেটটো ভাড়াত দি হিমালয়লৈ গুচি অহা বুলি কয় অভিনেত্ৰীগৰাকীয়ে। নূপুৰৰ স্বামী আৰু পৰিয়ালেও তেওঁৰ সিদ্ধান্ত মানি লৈছে আৰু এতিয়া নূপুৰ তেওঁলোকৰ পৰাও বিচ্ছিন্ন হৈ পৰিছে।

নুপুৰ অলংকাৰৰ বয়স ৪৯ বছৰ আৰু যোৱা ২৭ বছৰে শ্ব’বিজত কাম কৰি আহিছে। নুপুৰে ‘শক্তিমান’, ‘ঘৰ কী লক্ষ্মী বেতিয়া’, ‘দিয়া ঔৰ বাতি হাম’ আদিকে ধৰি ১৫০টাতকৈও অধিক টিভি শ্ব’ত কাম কৰিছে। ‘ৰাজা জী’, ‘সাৱৰীয়া’, ‘সোনালী কেবল’ আদি ছবিতো নুপুৰক দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি