--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত বলিউডৰ অভিনেত্ৰী সোণম কাপুৰৰ জীৱনত সেই মুহূৰ্তটো আহিল, যাৰ বাবে তেওঁ বহুমাহ অপেক্ষাৰত আছিল। অনিল কাপুৰৰ ঘৰত আজি নিশ্চয়কৈ উৎসৱমুখৰ পৰিৱেশ, কাৰণ সোণম কাপুৰ আৰু আনন্দ আহুজাৰ ঘৰলৈ আহিল নতুন অতিথি।

 হয়, আপুনি ঠিকেই পঢ়িছে, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সোণম কাপুৰ মাতৃ হ’ল। এটি পুত্ৰ সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই দিনটোৰ বাবে। স্পষ্টভাৱে এই খবৰটো পাই আহুজা পৰিয়াল আৰু কাপুৰ পৰিয়াল অতি সুখী। কোৱা হৈছে যে মাতৃ-পুত্ৰ বৰ্তমান দুয়োজনেই সুস্থ।

বলীউডৰ অভিনেত্ৰী তথা আলিয়া ভাটৰ শাহুৱেক নীতু কাপুৰে এই খবৰটো নিশ্চিত কৰি সোণম-আনন্দক অভিনন্দন জনাইছে। নীতু কাপুৰে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন লাভকাৰ্ড শ্বেয়াৰ কৰিছে, য’ত লিখা আছে, ২০ আগষ্টৰ দিনটো আমাৰ বাবে অতি সুখৰ কাৰণ এজন নতুন অতিথি আদৰণি জনাইছো। এই যাত্ৰাত সহায় কৰা সকলো চিকিৎসক, নাৰ্ছ, বন্ধু-বান্ধৱী আৰু পৰিয়ালবৰ্গলৈ অশেষ ধন্যবাদ।’

 উল্লেখ্য যে সোণম আৰু আনন্দৰ বিবাহৰ ৫ বছৰ সম্পূৰ্ণ হ’ল। ২০১৮ চনত দুয়োৱে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ ৫ বছৰ পাছত মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰীগৰাকী। ২১ মাৰ্চত সোণমে আনন্দ আহুজাৰ সৈতে মাতৃ হ’বলৈ গৈ আছে বুলি ফটো শ্বেয়াৰ কৰি সকলোৰে মাজত এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল।

 সোণম কাপুৰে গোটেই গৰ্ভাৱস্থাটো কিছুমান বিশেষ বিশেষ মুহূৰ্ত সোণম কাপুৰে ফটোশ্বুট কৰি শ্বেয়াৰো কৰিলে। পৰিয়ালৰ সৈতে বিদেশলৈ গৈছিল আৰু ছ’চিয়েল মিডিয়াত অহৰহ সক্ৰিয় আছিল। সোণমৰ বেবী শ্বাৱাৰটোও বৰ ধুমধামেৰে কৰা হৈছিল, যাৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু