--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত বলিউডৰ অভিনেত্ৰী সোণম কাপুৰৰ জীৱনত সেই মুহূৰ্তটো আহিল, যাৰ বাবে তেওঁ বহুমাহ অপেক্ষাৰত আছিল। অনিল কাপুৰৰ ঘৰত আজি নিশ্চয়কৈ উৎসৱমুখৰ পৰিৱেশ, কাৰণ সোণম কাপুৰ আৰু আনন্দ আহুজাৰ ঘৰলৈ আহিল নতুন অতিথি

 হয়, আপুনি ঠিকেই পঢ়িছে, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সোণম কাপুৰ মাতৃ হ’ল। এটি পুত্ৰ সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই দিনটোৰ বাবে। স্পষ্টভাৱে এই খবৰটো পাই আহুজা পৰিয়াল আৰু কাপুৰ পৰিয়াল অতি সুখী। কোৱা হৈছে যে মাতৃ-পুত্ৰ বৰ্তমান দুয়োজনেই সুস্থ।

বলীউডৰ অভিনেত্ৰী তথা আলিয়া ভাটৰ শাহুৱেক নীতু কাপুৰে এই খবৰটো নিশ্চিত কৰি সোণম-আনন্দক অভিনন্দন জনাইছে। নীতু কাপুৰে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন লাভকাৰ্ড শ্বেয়াৰ কৰিছে, য’ত লিখা আছে, ২০ আগষ্টৰ দিনটো আমাৰ বাবে অতি সুখৰ কাৰণ এজন নতুন অতিথি আদৰণি জনাইছো। এই যাত্ৰাত সহায় কৰা সকলো চিকিৎসক, নাৰ্ছ, বন্ধু-বান্ধৱী আৰু পৰিয়ালবৰ্গলৈ অশেষ ধন্যবাদ।’

 উল্লেখ্য যে সোণম আৰু আনন্দৰ বিবাহৰ ৫ বছৰ সম্পূৰ্ণ হ’ল। ২০১৮ চনত দুয়োৱে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ ৫ বছৰ পাছত মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰীগৰাকী। ২১ মাৰ্চত সোণমে আনন্দ আহুজাৰ সৈতে মাতৃ হ’বলৈ গৈ আছে বুলি ফটো শ্বেয়াৰ কৰি সকলোৰে মাজত এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল।

 সোণম কাপুৰে গোটেই গৰ্ভাৱস্থাটো কিছুমান বিশেষ বিশেষ মুহূৰ্ত সোণম কাপুৰে ফটোশ্বুট কৰি শ্বেয়াৰো কৰিলে। পৰিয়ালৰ সৈতে বিদেশলৈ গৈছিল আৰু ছ’চিয়েল মিডিয়াত অহৰহ সক্ৰিয় আছিল। সোণমৰ বেবী শ্বাৱাৰটোও বৰ ধুমধামেৰে কৰা হৈছিল, যাৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী