--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১১৫ টকা খৰচ কৰি বন্ধুকেইজনে কণী কিনি খাইছিল। কিন্তু বিল কোনে পৰিশোধ কৰিব সেই লৈ চাৰিওজন বন্ধুৰ মাজত কাজিয়া আৰম্ভ হ’ল। সেই কাজিয়াৰ ফলতে তিনিজন কিশোৰে এজন পোন্ধৰ বছৰীয়া কিশোৰক হত্যা কৰিলে। উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ ঘুঘুলি গাঁৱত সংঘটিত হৈছে এই ঘটনা।

যোৱা বৃহস্পতিবাৰে সন্ধিয়া চাৰিজন বন্ধুৱে কণীৰ তৰকাৰী খাবলৈ স্থানীয় দোকান এখনত কণী কিনিবলৈ গৈছিল। কণী কিনাৰ পাছত বিক্ৰেতাই ১১৫ টকা দিবলৈ কয়। সেই টকা কোনে দিব সেই লৈ বিবাদ আৰম্ভ হ’ল। তৰ্ক চলি থকাৰ লগে লগে বাকী তিনি বন্ধুৱে চোকা অস্ত্ৰৰে চন্দন নামৰ কিশোৰ এজনৰ ওপৰত জপিয়াই পৰিল। হত্যা কৰাৰ পিছত চন্দনৰ মৃতদেহটো ওচৰৰ ছোটা গণ্ডক নদীত ভাঁহি উঠে।

পুত্ৰই নিশাও ঘৰলৈ উভতি নোযোৱা দেখি চন্দনৰ পৰিয়ালে থানাত খবৰ দিয়ে। শুকুৰবাৰে পুৱা স্থানীয় ৰাইজে চন্দনৰ মৃতদেহ নদীত ওপঙি থকা দেখিছিল। ইতিমধ্যে ঘটনাৰ তদন্ত কৰি চন্দনৰ তিনি বন্ধুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মৃত শিশুটিৰ পিতৃয়ে তিনিজন লোকৰ বিৰুদ্ধে থানাত এফআইআৰ দাখিল কৰে। কিশোৰজনৰ মৃতদেহ মৃত্যুৰ কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল