--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১১৫ টকা খৰচ কৰি বন্ধুকেইজনে কণী কিনি খাইছিল। কিন্তু বিল কোনে পৰিশোধ কৰিব সেই লৈ চাৰিওজন বন্ধুৰ মাজত কাজিয়া আৰম্ভ হ’ল। সেই কাজিয়াৰ ফলতে তিনিজন কিশোৰে এজন পোন্ধৰ বছৰীয়া কিশোৰক হত্যা কৰিলে। উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ ঘুঘুলি গাঁৱত সংঘটিত হৈছে এই ঘটনা।

যোৱা বৃহস্পতিবাৰে সন্ধিয়া চাৰিজন বন্ধুৱে কণীৰ তৰকাৰী খাবলৈ স্থানীয় দোকান এখনত কণী কিনিবলৈ গৈছিল। কণী কিনাৰ পাছত বিক্ৰেতাই ১১৫ টকা দিবলৈ কয়। সেই টকা কোনে দিব সেই লৈ বিবাদ আৰম্ভ হ’ল। তৰ্ক চলি থকাৰ লগে লগে বাকী তিনি বন্ধুৱে চোকা অস্ত্ৰৰে চন্দন নামৰ কিশোৰ এজনৰ ওপৰত জপিয়াই পৰিল। হত্যা কৰাৰ পিছত চন্দনৰ মৃতদেহটো ওচৰৰ ছোটা গণ্ডক নদীত ভাঁহি উঠে।

পুত্ৰই নিশাও ঘৰলৈ উভতি নোযোৱা দেখি চন্দনৰ পৰিয়ালে থানাত খবৰ দিয়ে। শুকুৰবাৰে পুৱা স্থানীয় ৰাইজে চন্দনৰ মৃতদেহ নদীত ওপঙি থকা দেখিছিল। ইতিমধ্যে ঘটনাৰ তদন্ত কৰি চন্দনৰ তিনি বন্ধুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মৃত শিশুটিৰ পিতৃয়ে তিনিজন লোকৰ বিৰুদ্ধে থানাত এফআইআৰ দাখিল কৰে। কিশোৰজনৰ মৃতদেহ মৃত্যুৰ কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা