--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পিএমকেএছৱাই আঁচনিৰ  অধীনত  লোৱা ১০ কোটি টকাৰ ৰাজসাহায্যৰ বিষয়টোৱে এতিয়া অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো আনকি বিষয়টো গুৰুত্বসহকাৰে প্ৰকাশ পাইছে। ৰাজসাহায্যৰ বিশয়টো চৰ্চা হৈ থকাৰ মাজতে সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মাজত এক্সত এখন বাক যুদ্ধ চলা সকলোৱে দেখিছে।

 মুখ্যমন্ত্ৰী শৰ্মাই আনকি সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ তৰাৰো ভাবুকি দিছে। এনে সময়তে  মুখ্যমন্ত্ৰী পত্নীৰ কোম্পানীলৈ ১০ কোটি টকাৰ ৰাজসাহায্য সন্দৰ্ভত  কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পিযুষ গোৱেললৈ পত্ৰ  লিখিলে সাংসদ গৌৰৱ গগৈয়ে।পত্ৰ খনত  সাংসদ গগৈয়ে  বিষয়টো কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীগৰাকীক হস্তক্ষেপ কৰি ৰাইজৰ আগত সকলো কথা  স্পষ্ট কৰিবলৈ আহ্বান জনাই ।জানো আহক সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পিযুষ গোৱেললৈ লিখা পত্ৰ খনত কি আছে। 


পত্ৰ খনত গৌৰৱ গগৈয়ে লিখিছে- প্ৰতি ,শ্ৰী পীয়ুষ গোৱেল,মাননীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী
ভাৰত চৰকাৰৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যক প্ৰদান   কৰা প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ (পিএমকেএছৱাই) ৰাজসাহায্য আৱণ্টনৰ বিষয়টোৰ প্ৰতি আপোনাৰ সদয় দৃষ্টি আকৰ্ষণ কৰিবলৈ মই আপোনালোকলৈ এই পত্ৰ  লিখিছো।লক্ষ্য কৰা হৈছে যে প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ (পিএমকেএছৱাই) অধীনত খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয় আৰু কৃষি ক্লাষ্টাৰৰ বাবে আন্তঃগাঁথনি সৃষ্টিৰ আঁচনিয়ে মেচাৰ্ছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টক (দহ কোটি টকা) টকা আৱণ্টন কৰিছে, যাৰ উদ্যোক্তা হৈছে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী শ্ৰীমতী ৰিণিকি ভূঞা। 
২০২৩ চনৰ ২২ মাৰ্চ তাৰিখে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ কাৰ্যালয়ে লোকসভাত উদ্যোগসমূহৰ প্ৰসাৰৰ বাবে চৰকাৰে অসমত বিনিয়োগৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দি কৈছিল যে  উত্তৰ-পূবৰ ৰাজ্যসমূহত পিএমকেএছৱাইৰ  অধীনত সমৰ্থিত খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ এখন তালিকা  প্ৰদান কৰিছে।

তালিকাৰ নম্বৰ ৭-ত, মেচাৰ্ছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নাম উল্লেখ কৰা হৈছে। প্ৰাসংগিকভাৱে, অনুমোদিত গ্ৰাণ্ট-ইন-এইডৰ পৰিমাণ ১০,০০,০০,০০০/- টকা (দহ কোটি টকা) বুলি উল্লেখ কৰা হৈছে। হিতাধিকাৰীৰ তালিকা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইটতো পোৱা যাব।

লোকসভাত আপোনাৰ উত্তৰ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইটত পোৱা হিতাধিকাৰীৰ তালিকাৰ পৰা এইটো স্পষ্ট যে মেচাৰ্ছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত ১০,০০,০০,০০০/- টকা (দহ কোটি টকা) অনুমোদিত হৈছে। অৱশ্যে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, যাৰ পৰিয়ালৰ সদস্যসকল উক্ত সংস্থাটোৰ গৰাকী আৰু সেয়া নিয়ন্ত্ৰণ কৰে, তেওঁ ভাৰত চৰকাৰৰ পৰা কোনো ধন প্ৰাপ্ত কৰা বা দাবী কৰাৰ কথা অস্বীকাৰ কৰিছে। সেয়েহে, ৰাজহুৱা স্বচ্ছতাৰ স্বাৰ্থত, মই বিনম্ৰভাৱে বিষয়টোত আপোনাৰ সদয় হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছো ,যাতে প্ৰকৃত তথ্যবোৰ মুকলিকৈ ওলাই আহে।
 সাংসদ গৌৰৱ গগৈয়ে প্ৰেৰণ কৰা এই পত্ৰ পোৱাৰ পিছত কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে কি উত্তৰ দিয়ে সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ’ব বুলি বহুতে মন্তব্য কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা