--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্রাম্পক হত্যা কৰাজনক ১০০০০ তৌমৰ অর্থাৎ প্রায় ৮৭০ কোটি টকাৰ পুৰষ্কাৰ দিয়া হ'ব বুলিও ঘোষণা কৰে লাৰিজানীয়ে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি দিছে ইৰানে। ৰাষ্ট্ৰপতিজনক হত্যা কৰিলে পুৰষ্কাৰ দিয়াৰ কথাও ঘোষণা কৰে ইৰানে। এই ভাবুকি দিয়ে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ এজন ঘনিষ্ঠ সহযোগী তথা উপদেষ্টা জভাদ লাৰিজানীয়ে। লাৰিজানীয়ে কয় যে ৰাষ্ট্ৰপতি ট্রাম্প নিজৰ ঘৰতে সম্পূৰ্ণ সুৰক্ষিত নহয়।


ট্রাম্পক হত্যা কৰাজনক ১০০০০ তৌমৰ অর্থাৎ প্রায় ৮৭০ কোটি টকাৰ পুৰষ্কাৰ দিয়া হ'ব বুলিও ঘোষণা কৰে লাৰিজানীয়ে। ট্রাম্পক লাৰিজানীয়ে কয়, 'আমাৰ ড্ৰ'ন ইমানেই শক্তিশালী যে ফ্লৰিডাত থকা ট্রাম্পৰ বাসভৱনো সুৰক্ষিত নহয়। ফ্লৰিডাত থকা ট্রাম্পৰ বাসভৱনত তেওঁ ছানবাথ কৰি থকাৰ সময়ত এখন সৰু ড্ৰ'ন তেওঁৰ নাভিত পৰিব পাৰে।' ই একেবাৰে সহজ কাম বুলি উল্লেখ কৰি কয় যে ছানবাথ কৰি থকাৰ সময়ত এখন সৰু ড্ৰ'নেৰে ট্ৰাম্পক আক্ৰমণ কৰাটো সহজ হ'ব।


উল্লেখযোগ্য যে ২০২০ চনত আমেৰিকাই ইৰানী কমাণ্ডাৰ কাছিমী ছুলেইমানক হত্যা কৰাৰ প্ৰতিশোধ লোৱাৰ বাবে ট্রাম্পক এনেদৰে হত্যাৰ ভাবুকি দিয়ে লাৰিজানীয়ে। সেই সময়ত ট্রাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত আছিল। জেনেৰেল কাছিমীৰ হত্যাৰ বাবে ইৰানে ট্রাম্পক দায়ী কৰি আহিছে। ইফালে এই ভাবুকিৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে এফ বি আই আৰু চি আই এই আগৰে পৰাই ট্রাম্পক আক্ৰমণ কৰিব পাৰে বুলি সতৰ্ক কৰি আহিছে।


ইৰানৰ নেতাজনৰ ভাবুকিৰ পাছত এতিয়া তেওঁৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। এ বি চি ১১-এ প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে ট্রাম্পৰ নিৰাপত্তাত সুৰুঙা থকাৰ অভিযোগত ছজন নিৰাপত্তা বিষয়াক নিলম্বিত কৰা হৈছে। ইফালে এই ভাবুকিৰ সময়তে অনলাইনত আন এক বিতর্কিত অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ নাম দিয়া হৈছে 'ব্লাড পেক্ট'। ইয়াৰ জৰিয়তে ট্রাম্পৰ লগতে ইৰানী নেতা আয়াতুল্লা খামেনেই তথা ইৰানৰ শাসনৰ শত্রু বুলি গণ্য কৰাসকলক হত্যা কৰাৰ বাবে পুঁজি সংগ্ৰহ কৰা হৈছে।


যোৱা ৮ জুলাইলৈকে এই অভিযানৰ জৰিয়তে ২.৭ কোটি ডলাৰতকৈ অধিক ধন সংগ্ৰহ কৰা বুলি দাবী কৰা হৈছে। এই অভিযানৰ সৈতে জড়িত ৱেবছাইটত কোৱা হৈছে যে ঈশ্বৰৰ শত্ৰু আৰু খামেনেইৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাসকলক যি ন্যায়ৰ অধীনলৈ আনিব তেওঁকেই পুৰষ্কাৰ দিয়া হ'ব। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ সৈতে জড়িত ফার্চ নিউজে এই অভিযান নিশ্চিত কৰে আৰু ইয়াৰ প্ৰতি দেশবাসীক সমর্থন জনোৱাৰ আহ্বান জনাইছে। ইফালে এই ভাবুকিৰ প্ৰসংগত প্রতিক্রিয়া প্রকাশ কৰি ট্রাম্পে কয়, 'মোৰ ছানবাথ কৰা সাত বছৰ হ'ল। ইয়াক মই বৰ ডাঙৰ ভাবুকি বুলি নাভাবোঁ।' ট্রাম্পে পাতলীয়া সুৰত এনেদৰে কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু