--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্রাম্পক হত্যা কৰাজনক ১০০০০ তৌমৰ অর্থাৎ প্রায় ৮৭০ কোটি টকাৰ পুৰষ্কাৰ দিয়া হ'ব বুলিও ঘোষণা কৰে লাৰিজানীয়ে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি দিছে ইৰানে। ৰাষ্ট্ৰপতিজনক হত্যা কৰিলে পুৰষ্কাৰ দিয়াৰ কথাও ঘোষণা কৰে ইৰানে। এই ভাবুকি দিয়ে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ এজন ঘনিষ্ঠ সহযোগী তথা উপদেষ্টা জভাদ লাৰিজানীয়ে। লাৰিজানীয়ে কয় যে ৰাষ্ট্ৰপতি ট্রাম্প নিজৰ ঘৰতে সম্পূৰ্ণ সুৰক্ষিত নহয়।


ট্রাম্পক হত্যা কৰাজনক ১০০০০ তৌমৰ অর্থাৎ প্রায় ৮৭০ কোটি টকাৰ পুৰষ্কাৰ দিয়া হ'ব বুলিও ঘোষণা কৰে লাৰিজানীয়ে। ট্রাম্পক লাৰিজানীয়ে কয়, 'আমাৰ ড্ৰ'ন ইমানেই শক্তিশালী যে ফ্লৰিডাত থকা ট্রাম্পৰ বাসভৱনো সুৰক্ষিত নহয়। ফ্লৰিডাত থকা ট্রাম্পৰ বাসভৱনত তেওঁ ছানবাথ কৰি থকাৰ সময়ত এখন সৰু ড্ৰ'ন তেওঁৰ নাভিত পৰিব পাৰে।' ই একেবাৰে সহজ কাম বুলি উল্লেখ কৰি কয় যে ছানবাথ কৰি থকাৰ সময়ত এখন সৰু ড্ৰ'নেৰে ট্ৰাম্পক আক্ৰমণ কৰাটো সহজ হ'ব।


উল্লেখযোগ্য যে ২০২০ চনত আমেৰিকাই ইৰানী কমাণ্ডাৰ কাছিমী ছুলেইমানক হত্যা কৰাৰ প্ৰতিশোধ লোৱাৰ বাবে ট্রাম্পক এনেদৰে হত্যাৰ ভাবুকি দিয়ে লাৰিজানীয়ে। সেই সময়ত ট্রাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত আছিল। জেনেৰেল কাছিমীৰ হত্যাৰ বাবে ইৰানে ট্রাম্পক দায়ী কৰি আহিছে। ইফালে এই ভাবুকিৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে এফ বি আই আৰু চি আই এই আগৰে পৰাই ট্রাম্পক আক্ৰমণ কৰিব পাৰে বুলি সতৰ্ক কৰি আহিছে।


ইৰানৰ নেতাজনৰ ভাবুকিৰ পাছত এতিয়া তেওঁৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। এ বি চি ১১-এ প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে ট্রাম্পৰ নিৰাপত্তাত সুৰুঙা থকাৰ অভিযোগত ছজন নিৰাপত্তা বিষয়াক নিলম্বিত কৰা হৈছে। ইফালে এই ভাবুকিৰ সময়তে অনলাইনত আন এক বিতর্কিত অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ নাম দিয়া হৈছে 'ব্লাড পেক্ট'। ইয়াৰ জৰিয়তে ট্রাম্পৰ লগতে ইৰানী নেতা আয়াতুল্লা খামেনেই তথা ইৰানৰ শাসনৰ শত্রু বুলি গণ্য কৰাসকলক হত্যা কৰাৰ বাবে পুঁজি সংগ্ৰহ কৰা হৈছে।


যোৱা ৮ জুলাইলৈকে এই অভিযানৰ জৰিয়তে ২.৭ কোটি ডলাৰতকৈ অধিক ধন সংগ্ৰহ কৰা বুলি দাবী কৰা হৈছে। এই অভিযানৰ সৈতে জড়িত ৱেবছাইটত কোৱা হৈছে যে ঈশ্বৰৰ শত্ৰু আৰু খামেনেইৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাসকলক যি ন্যায়ৰ অধীনলৈ আনিব তেওঁকেই পুৰষ্কাৰ দিয়া হ'ব। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ সৈতে জড়িত ফার্চ নিউজে এই অভিযান নিশ্চিত কৰে আৰু ইয়াৰ প্ৰতি দেশবাসীক সমর্থন জনোৱাৰ আহ্বান জনাইছে। ইফালে এই ভাবুকিৰ প্ৰসংগত প্রতিক্রিয়া প্রকাশ কৰি ট্রাম্পে কয়, 'মোৰ ছানবাথ কৰা সাত বছৰ হ'ল। ইয়াক মই বৰ ডাঙৰ ভাবুকি বুলি নাভাবোঁ।' ট্রাম্পে পাতলীয়া সুৰত এনেদৰে কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ