--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব হাৰ্ট দিৱস প্ৰতি বছৰে ২৯ ছেপ্টেম্বৰত পালন কৰা হয়, ইয়াৰ উদ্দেশ্য হৈছে হৃদযন্ত্ৰৰ স্বাস্থ্য সম্পৰ্কে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা। আমাৰ হৃদযন্ত্ৰই একেৰাহে স্পন্দন কৰি থাকে। এনে অৱস্থাত সুস্থ জীৱনৰ বাবে আমি আমাৰ হৃদযন্ত্ৰৰ যত্ন লোৱাটো প্ৰয়োজনীয়। কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে হৃদৰোগ মৃত্যুৰ এক প্ৰধান কাৰণ হৈ পৰিছে আৰু ইয়াৰ আশংকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হ’ব পাৰে অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু এলেহুৱা জীৱনশৈলী। এনেসমূহ কাৰনতে প্ৰথমে আপোনাৰ কলেষ্টেৰল বৃদ্ধি পায়, তাৰ পিছত ৰক্তচাপ বৃদ্ধি পায়, তাৰ পিছত হাৰ্ট এটেক আহে।‌ 

হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক কিছুমান খাদ্যৰ বিষয়ে জানো আহক: 

১) মিশ্ৰিত কফি:  মিশ্ৰিত কফিত কেলৰি আৰু চৰ্বি প্ৰচুৰ পৰিমাণে থাকে, লগতে ইয়াত থকা চেনিৰ ফলত তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পায়। আটাইতকৈ বেছি ক্ষতি কফিত থকা কেফেইনে কৰে, যিয়ে ৰক্তচাপ বৃদ্ধিৰ কাম কৰে, আৰু তাৰ পিছত উচ্চ বি পিৰ ফলত হাৰ্ট এটেক হয়।

২) ইনষ্টেণ্ট নুডলছ:  প্ৰতিজন কলেজীয়া ছাত্ৰ আৰু অবিবাহিত লোকৰ আটাইতকৈ প্ৰিয় খাদ্য নুডলছ। কিয়নো ইয়াক প্ৰস্তুত কৰাটো অতি সহজ, কিন্তু ইয়াক নিয়মিতভাৱে গ্ৰহণ কৰাসকলৰ স্বাস্থ্যৰ বাবে বেয়া বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াত তেল আৰু ছডিয়ামৰ ব্যৱহাৰ অধিক হয়, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু হাৰ্ট এটেকৰ কাৰণ হৈ পৰে।

৩) ফ্ৰেন্স ফ্ৰাই:  অতি গৰম তেলত ৰন্ধা হয় ফ্ৰেন্স ফ্ৰাই, য’ত প্ৰচুৰ পৰিমাণে ছডিয়াম, ফেট, কাৰ্ব থাকে, ইয়াক স্বাস্থ্যৰ বাবে অতি বিপদজনক বুলি গণ্য কৰা হয়, যিটো ক’ৰ’নাৰী ৰোগত আক্ৰান্ত হয়।

৪) পিজ্জা : পিজ্জা হৈছে বেছিভাগ যুৱক-যুৱতীৰে  প্ৰথম পছন্দ, কিন্তু ইয়াত চৰ্বি আৰু ছডিয়াম অধিক থাকে, ইয়াত উপস্থিত পনিৰে কলেষ্টেৰল আৰু ৰক্তচাপ বৃদ্ধি কৰিব পাৰে যাৰ ফলত হাৰ্ট এটেক হ’ব পাৰে। যদি আপুনি বিপদ কমাব বিচাৰে তেন্তে পিজ্জা প্ৰস্তুত কৰাত গোটা ঘেঁহু আৰু অলিভ অইল ব্যৱহাৰ কৰক।

৫) ৰঙা মাংস: ৰঙা মাংহত প্ৰচুৰ পৰিমাণে চেচুৰেটেড ফেট আৰু নিমখ থাকে, গতিকে এনে মাংস মাহত এবাৰহে সেৱন কৰাটো ভাল। যদিও ই প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰে, কিন্তু অতিৰিক্ত চৰ্বিয়ে কলেষ্টেৰল বৃদ্ধি কৰে আৰু হাৰ্ট এটেকৰ কাৰণ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু