--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হৃদযন্ত্ৰ আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ শৰীৰৰ ধমনীসমূহৰ মাজেৰে অক্সিজেন আৰু পুষ্টিকৰ উপাদানৰেসমৃদ্ধ তেজ পাম্প কৰি শৰীৰৰ কলা আৰু অন্যান্য অংশলৈ প্ৰেৰণ কৰে। সেইবাবেই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন। যদি হৃদযন্ত্ৰৰ সঠিক যত্ন লোৱা নহয়, তেন্তে আমাৰ শৰীৰৰ আন অংগবোৰতো ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

অসুস্থ হৃদযন্ত্ৰই শৰীৰৰ আন অংগবোৰো অসুস্থ কৰি তুলিব পাৰে। গতিকে নিয়মীয়াকৈ হৃদযন্ত্ৰৰ স্বাস্থ্য পৰীক্ষা কৰাটো অতি প্ৰয়োজন। যদি আমি আমাৰ খাদ্যাভ্যাস, ব্যায়াম আৰু ব্যস্ত জীৱনশৈলীৰ লগতে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাওঁ তেন্তে আমি আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰো। সেয়েহে আজি আমি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে কোনবোৰ খাদ্য ভাল আৰু কোনবোৰ বেয়া জানো আহক।

* হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে খাদ্য-

১. মাছঃ-মাছত ভিটামিন-ডি, ওমেগা-৩ ফেটি এচিড আৰু প্ৰটিন থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।

২. ফ্লেক্সচিডঃ-ফ্লেক্সচিডত আঁহ, ওমেগা-৩ ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী।

৩. শাক-পাচলিঃ-শাক-পাচলিত ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ থাকে যিবোৰ হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।

৪. ফল:-ফলমূলত ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট আৰু আঁহ থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে অতি উত্তম।

৫. কণীঃ-কণীত প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিবোৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

* হৃদয়ৰ বাবে বেয়া খাদ্য-

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বেয়া খাদ্য যেনে-ট্ৰেন্সফেট, ছ’ডিয়াম আৰু চেনিৰ পৰিমাণ বেছি থকা খাদ্য সামগ্ৰী। ভজা খাদ্য, চিপচ, জলপান, প্ৰচেছড মাংস আৰু ফাষ্টফুড যিবোৰ হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক। ইয়াৰ উপৰি মদ আৰু ধঁপাতেও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলোৱাৰ লগতে যথেষ্ট ক্ষতি কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস