--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হৃদযন্ত্ৰ আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ শৰীৰৰ ধমনীসমূহৰ মাজেৰে অক্সিজেন আৰু পুষ্টিকৰ উপাদানৰেসমৃদ্ধ তেজ পাম্প কৰি শৰীৰৰ কলা আৰু অন্যান্য অংশলৈ প্ৰেৰণ কৰে। সেইবাবেই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন। যদি হৃদযন্ত্ৰৰ সঠিক যত্ন লোৱা নহয়, তেন্তে আমাৰ শৰীৰৰ আন অংগবোৰতো ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

অসুস্থ হৃদযন্ত্ৰই শৰীৰৰ আন অংগবোৰো অসুস্থ কৰি তুলিব পাৰে। গতিকে নিয়মীয়াকৈ হৃদযন্ত্ৰৰ স্বাস্থ্য পৰীক্ষা কৰাটো অতি প্ৰয়োজন। যদি আমি আমাৰ খাদ্যাভ্যাস, ব্যায়াম আৰু ব্যস্ত জীৱনশৈলীৰ লগতে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাওঁ তেন্তে আমি আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰো। সেয়েহে আজি আমি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে কোনবোৰ খাদ্য ভাল আৰু কোনবোৰ বেয়া জানো আহক।

* হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে খাদ্য-

১. মাছঃ-মাছত ভিটামিন-ডি, ওমেগা-৩ ফেটি এচিড আৰু প্ৰটিন থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।

২. ফ্লেক্সচিডঃ-ফ্লেক্সচিডত আঁহ, ওমেগা-৩ ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী।

৩. শাক-পাচলিঃ-শাক-পাচলিত ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ থাকে যিবোৰ হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।

৪. ফল:-ফলমূলত ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট আৰু আঁহ থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে অতি উত্তম।

৫. কণীঃ-কণীত প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিবোৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

* হৃদয়ৰ বাবে বেয়া খাদ্য-

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বেয়া খাদ্য যেনে-ট্ৰেন্সফেট, ছ’ডিয়াম আৰু চেনিৰ পৰিমাণ বেছি থকা খাদ্য সামগ্ৰী। ভজা খাদ্য, চিপচ, জলপান, প্ৰচেছড মাংস আৰু ফাষ্টফুড যিবোৰ হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক। ইয়াৰ উপৰি মদ আৰু ধঁপাতেও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলোৱাৰ লগতে যথেষ্ট ক্ষতি কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ