--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ সুখ, সমৃদ্ধি আৰু শান্তিৰ বাবে বাস্তু অতি গুৰুত্বপূৰ্ণ। যদি ঘৰটো বাস্তু শাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হয়, তেন্তে বহু সমস্যাৰ পৰা উপশম পাব পাৰি। বহু সময়ত ঘৰৰ অনুচিত বাস্তুৰ বাবে পৰিয়ালত অসুবিধা বাঢ়ি যায় আৰু নেতিবাচক শক্তি আহিবলৈ আৰম্ভ কৰে। যাৰ কাৰণে মাতৃ লক্ষ্মী সেই ঘৰত বাস নকৰে।

বাস্তু শাস্ত্ৰৰ পূজাগৃহৰ পিছত পাকঘৰক যথেষ্ট গুৰুত্ব দিয়া হৈছে। কোৱা হয় যে পাকঘৰত কিবা দোষ থাকিলে ৰান্ধনীৰ লগতে গোটেই পৰিয়ালটোকো প্ৰভাৱিত কৰে। পাকঘৰৰ লগত জড়িত বাস্তুৰ দোষৰ বিষয়ে আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।

জানি লওক দিশসমূহ


- বাস্তু শাস্ত্ৰৰ মতে পাকঘৰ সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। ইয়াৰ উপৰিও উত্তৰ-পশ্চিম দিশত পাকঘৰ বনাব পাৰি।

- বাস্তু শাস্ত্ৰৰ মতে, ভুলতো উত্তৰ, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশত পাকঘৰ নিৰ্মাণ নকৰিব।

- বাস্তু শাস্ত্ৰৰ মতে যদি পাকঘৰটো দক্ষিণ দিশত নিৰ্মাণ কৰা হয়, তেন্তে চৌকাটো সদায় পূব দিশত ৰাখিব লাগে।

বাস্তুৰ মতে ডাইনিং টেবুলখন পাকঘৰত ৰাখিব নালাগে। প্ৰয়োজন হ’লে কেৱল পশ্চিম বা উত্তৰ-পশ্চিম দিশত ৰাখিব পাৰে।

- বাস্তুৰ মতে পাকঘৰৰ চিঙ্কটো সদায় উত্তৰ-পশ্চিম দিশত থাকিব লাগে।

বাস্তুৰ মতে যদি শস্য পাকঘৰত ৰাখিব লাগে তেন্তে পশ্চিম বা দক্ষিণ দিশটোৱেই উত্তম বুলি বিবেচিত হয়।

বাস্তুৰ মতে যদি ফ্ৰীজ পাকঘৰত ৰাখিব লাগে তেন্তে সদায় উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে।

বাস্তু দোষৰ পৰা কেনেকৈ হাত সাৰিব পাৰি

বাস্তুৰ মতে ঈশান কোণত (অৰ্থাৎ উত্তৰ-পূবৰ মাজৰ দিশ) পাকঘৰ শুভ বুলি গণ্য কৰা নহয়। কিন্তু যদি আপুনি এই ঠাইত পাকঘৰ বনাইছে, তেন্তে কিছুমান দিশত এই দোষৰ পৰা হাত সাৰিব পাৰি। পাকঘৰৰ চৌকাটো দক্ষিণ-পূব দিশত ৰাখক। পাকঘৰটো সদায় পৰিষ্কাৰ কৰি ৰাখক। উত্তৰ-পূব কোণত মাতা অন্নপূৰ্ণাৰ এখন ছবি ৰাখক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ