--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ সুখ, সমৃদ্ধি আৰু শান্তিৰ বাবে বাস্তু অতি গুৰুত্বপূৰ্ণ। যদি ঘৰটো বাস্তু শাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হয়, তেন্তে বহু সমস্যাৰ পৰা উপশম পাব পাৰি। বহু সময়ত ঘৰৰ অনুচিত বাস্তুৰ বাবে পৰিয়ালত অসুবিধা বাঢ়ি যায় আৰু নেতিবাচক শক্তি আহিবলৈ আৰম্ভ কৰে। যাৰ কাৰণে মাতৃ লক্ষ্মী সেই ঘৰত বাস নকৰে।

বাস্তু শাস্ত্ৰৰ পূজাগৃহৰ পিছত পাকঘৰক যথেষ্ট গুৰুত্ব দিয়া হৈছে। কোৱা হয় যে পাকঘৰত কিবা দোষ থাকিলে ৰান্ধনীৰ লগতে গোটেই পৰিয়ালটোকো প্ৰভাৱিত কৰে। পাকঘৰৰ লগত জড়িত বাস্তুৰ দোষৰ বিষয়ে আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।

জানি লওক দিশসমূহ


- বাস্তু শাস্ত্ৰৰ মতে পাকঘৰ সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। ইয়াৰ উপৰিও উত্তৰ-পশ্চিম দিশত পাকঘৰ বনাব পাৰি।

- বাস্তু শাস্ত্ৰৰ মতে, ভুলতো উত্তৰ, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশত পাকঘৰ নিৰ্মাণ নকৰিব।

- বাস্তু শাস্ত্ৰৰ মতে যদি পাকঘৰটো দক্ষিণ দিশত নিৰ্মাণ কৰা হয়, তেন্তে চৌকাটো সদায় পূব দিশত ৰাখিব লাগে।

বাস্তুৰ মতে ডাইনিং টেবুলখন পাকঘৰত ৰাখিব নালাগে। প্ৰয়োজন হ’লে কেৱল পশ্চিম বা উত্তৰ-পশ্চিম দিশত ৰাখিব পাৰে।

- বাস্তুৰ মতে পাকঘৰৰ চিঙ্কটো সদায় উত্তৰ-পশ্চিম দিশত থাকিব লাগে।

বাস্তুৰ মতে যদি শস্য পাকঘৰত ৰাখিব লাগে তেন্তে পশ্চিম বা দক্ষিণ দিশটোৱেই উত্তম বুলি বিবেচিত হয়।

বাস্তুৰ মতে যদি ফ্ৰীজ পাকঘৰত ৰাখিব লাগে তেন্তে সদায় উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে।

বাস্তু দোষৰ পৰা কেনেকৈ হাত সাৰিব পাৰি

বাস্তুৰ মতে ঈশান কোণত (অৰ্থাৎ উত্তৰ-পূবৰ মাজৰ দিশ) পাকঘৰ শুভ বুলি গণ্য কৰা নহয়। কিন্তু যদি আপুনি এই ঠাইত পাকঘৰ বনাইছে, তেন্তে কিছুমান দিশত এই দোষৰ পৰা হাত সাৰিব পাৰি। পাকঘৰৰ চৌকাটো দক্ষিণ-পূব দিশত ৰাখক। পাকঘৰটো সদায় পৰিষ্কাৰ কৰি ৰাখক। উত্তৰ-পূব কোণত মাতা অন্নপূৰ্ণাৰ এখন ছবি ৰাখক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস