--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ অক্টোবৰ মাহত পুনৰ ছবিগৃহত মুক্তি পাব ৰোমান্টিক ছবি 'চনম তেৰী কছম’। লগতে এই ছবিখনৰ নিৰ্মাতাসকলেও ছবিখনৰ দ্বিতীয় খণ্ড নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ইয়াৰ দ্বিতীয় খণ্ডত মুখ্য চৰিত্ৰত দেখা যাব অভিনেতা হৰ্ষবৰ্ধন ৰাণেক।

এই ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে প্ৰযোজকসকলে হৰ্ষবৰ্ধন ৰাণেক নিৰ্বাচন কৰি ছবিখনৰ চিত্ৰনাট্য চূড়ান্ত কৰিছে। অৱশ্যে এই ছবিখন কোনে পৰিচালনা কৰিব সেই তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই।

‘চনম তেৰী কছম’ ছবিখনলৈ ঘূৰি অহাটো পুৰণি বন্ধুক পুনৰ লগ পোৱাৰ দৰেই বুলি কৈছে হৰ্ষবৰ্ধনে। সদায় হৃদয়ৰ ওচৰত থকা বন্ধুজন। সংবাদ মাধ্যমত তেওঁ কয়, "যোৱা কেইবছৰমানৰ পৰা এই ছবিখনৰ প্ৰতি দৰ্শকে যি মৰম আৰু আদৰ দেখুৱাইছে সেয়া মোৰ বাবে কল্পনাতীত। এই ছবিখনৰ প্ৰথম খণ্ডৰ বাবে পৰিচালক দলৰ অংশ হ'বলৈ পাই মই সুখী, দীপক মুকুট ছাৰ অতি সোনকালে আহি আছে এটা কাহিনী লৈ, ইয়াৰ ছিকুৱেল আপোনালোক সকলোৰে বাবে হ'ব।"


‘চনম তেৰী কছম’ ছবিখনৰ কাহিনীৰ কথা ক’বলৈ গ’লে, এজন খঙাল যুৱকৰ কাহিনী, যিয়ে অতীতত অজ্ঞাতে কৰা কিছুমান অপৰাধৰ অংশ হৈ আহিছে। এই ছবিখনত মূল চৰিত্ৰ ইন্দৰ আৰু এগৰাকী লাইব্ৰেৰিয়ান যুৱতীৰ সৈতে প্ৰেম কাহিনী দেখুওৱা হৈছে। কিন্তু এটা ঘটনাই তেওঁলোকৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক