--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰানাৱতৰ ছবি ‘ইমাৰ্জেন্সি’ই শেহতীয়াকৈ চিবিএফচিৰ পৰা ইউ/এ চাৰ্টিফিকেট লাভ কৰে ৷ কিন্তু এই যুঁজখন তেওঁৰ বাবে সহজ নাছিল। গোচৰটোৰ বিৰুদ্ধে যুঁজি মুক্তিৰ তাৰিখ পিছুৱাই দিয়া আৰু নিজৰ যোগ্যতাৰ ওপৰত উত্থাপিত প্ৰশ্নৰ সন্মুখীন হোৱাৰ পিছত কংগনাই পৰিচালনাৰ অভিষেকৰ বাবে চিবিএফচিৰ পৰা অনুমোদন লাভ কৰিবলৈ বহুখিনি সহ্য কৰিবলগীয়া হয়। এতিয়া অভিনেত্ৰীগৰাকীয়ে উদ্যোগটোৰ পৰা সমৰ্থনৰ অভাৱ অনুভৱ কৰাৰ কথা মুকলিকৈ কৈছে। তেওঁ কয় যে ‘আৰ্থিক অসুবিধাৰ বাবে তেওঁ মুম্বাইৰ পালি পাহাৰত অৱস্থিত নিজৰ বাংলোটো প্ৰায় ৩২ কোটি টকাত বিক্ৰী কৰিছে।’


কংগনা ৰানাৱতে সংবাদ মাধ্যমত প্ৰকাশ কৰে যে, "মোৰ ছবিখন মুক্তি পাবলৈ ওলাইছে। মই মোৰ সকলো সম্পত্তি ইয়াত বিনিয়োগ কৰিছো। সম্পত্তিৰ কাম এইটোৱেই - কঠিন সময়ৰ বাবে।" কংগনাৰ এই সম্পত্তি বিতৰ্কিত বুলি গণ্য কৰা হয় কাৰণ বৃহনমুম্বাই পৌৰ নিগমে(বিএমচি) ইয়াৰ এটা অংশ ভাঙি পেলাইছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ উদ্ধৱ থাকৰেক সমালোচনা কৰি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ সৈতে কংগনাই সংঘৰ্ষত লিপ্ত হয়। বিএমচিয়ে দাবী কৰে যে “অবৈধ পৰিৱৰ্তন”ৰ বাবেই এই অট্টালিকা ভাঙি পেলোৱা হৈছিল। 





কংগনা ৰানাৱতে কয় যে, "আগতেও এনেকুৱা হৈছে, পদ্মৱত আৰু উড়তা পাঞ্জাৱৰ দৰে ছবি  যিবোৰ অতি সহজে মুক্তি পাইছিল। কাৰোবাৰ নাক, কাৰোবাৰ ডিঙি কাটিবলৈ ভাবুকি দিয়া হৈছিল যদিও চৰকাৰে তেওঁলোকক উদ্ধাৰ কৰে আৰু ছবিকেইখন মুক্তি পায়। কিন্তু যেতিয়া আহিল মোৰ ছবিখন মুক্তিৰ কথা কোনেও, আনকি ছবি উদ্যোগেও মোক সমৰ্থন কৰা নাই আৰু মই এনে ধৰণৰ চিন্তাধাৰা দেখিছোঁ, য’ত মোৰ একো আশা নাই ৷’

তেওঁ কয়, "মোৰ ছবিখন মুক্তি নোপোৱাৰ বাবে চলচ্চিত্ৰ উদ্যোগে উদযাপন কৰিছে। মই পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া কোণত আছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু