--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰানাৱতৰ ছবি ‘ইমাৰ্জেন্সি’ই শেহতীয়াকৈ চিবিএফচিৰ পৰা ইউ/এ চাৰ্টিফিকেট লাভ কৰে ৷ কিন্তু এই যুঁজখন তেওঁৰ বাবে সহজ নাছিল। গোচৰটোৰ বিৰুদ্ধে যুঁজি মুক্তিৰ তাৰিখ পিছুৱাই দিয়া আৰু নিজৰ যোগ্যতাৰ ওপৰত উত্থাপিত প্ৰশ্নৰ সন্মুখীন হোৱাৰ পিছত কংগনাই পৰিচালনাৰ অভিষেকৰ বাবে চিবিএফচিৰ পৰা অনুমোদন লাভ কৰিবলৈ বহুখিনি সহ্য কৰিবলগীয়া হয়। এতিয়া অভিনেত্ৰীগৰাকীয়ে উদ্যোগটোৰ পৰা সমৰ্থনৰ অভাৱ অনুভৱ কৰাৰ কথা মুকলিকৈ কৈছে। তেওঁ কয় যে ‘আৰ্থিক অসুবিধাৰ বাবে তেওঁ মুম্বাইৰ পালি পাহাৰত অৱস্থিত নিজৰ বাংলোটো প্ৰায় ৩২ কোটি টকাত বিক্ৰী কৰিছে।’


কংগনা ৰানাৱতে সংবাদ মাধ্যমত প্ৰকাশ কৰে যে, "মোৰ ছবিখন মুক্তি পাবলৈ ওলাইছে। মই মোৰ সকলো সম্পত্তি ইয়াত বিনিয়োগ কৰিছো। সম্পত্তিৰ কাম এইটোৱেই - কঠিন সময়ৰ বাবে।" কংগনাৰ এই সম্পত্তি বিতৰ্কিত বুলি গণ্য কৰা হয় কাৰণ বৃহনমুম্বাই পৌৰ নিগমে(বিএমচি) ইয়াৰ এটা অংশ ভাঙি পেলাইছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ উদ্ধৱ থাকৰেক সমালোচনা কৰি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ সৈতে কংগনাই সংঘৰ্ষত লিপ্ত হয়। বিএমচিয়ে দাবী কৰে যে “অবৈধ পৰিৱৰ্তন”ৰ বাবেই এই অট্টালিকা ভাঙি পেলোৱা হৈছিল। 





কংগনা ৰানাৱতে কয় যে, "আগতেও এনেকুৱা হৈছে, পদ্মৱত আৰু উড়তা পাঞ্জাৱৰ দৰে ছবি  যিবোৰ অতি সহজে মুক্তি পাইছিল। কাৰোবাৰ নাক, কাৰোবাৰ ডিঙি কাটিবলৈ ভাবুকি দিয়া হৈছিল যদিও চৰকাৰে তেওঁলোকক উদ্ধাৰ কৰে আৰু ছবিকেইখন মুক্তি পায়। কিন্তু যেতিয়া আহিল মোৰ ছবিখন মুক্তিৰ কথা কোনেও, আনকি ছবি উদ্যোগেও মোক সমৰ্থন কৰা নাই আৰু মই এনে ধৰণৰ চিন্তাধাৰা দেখিছোঁ, য’ত মোৰ একো আশা নাই ৷’

তেওঁ কয়, "মোৰ ছবিখন মুক্তি নোপোৱাৰ বাবে চলচ্চিত্ৰ উদ্যোগে উদযাপন কৰিছে। মই পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া কোণত আছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক