--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ ৮৪ বছৰ আগতে অনুৰূপ ধৰণৰ কাহিনী লিখিছিল। তেওঁ আছিল আগাথা ক্ৰীষ্টি। তেওঁ নিজেও হয়তো ভবা নাছিল যে কিতাপখনৰ পৃষ্ঠাত থকা পৰিঘটনাবোৰে কেতিয়াবা বাস্তৱৰ সৈতে মিলাব পাৰে। সেইটোও নিজৰ ঘৰতে।

শেহতীয়াকৈ ব্ৰিটেইনৰ ডেভনত থকা লেখকৰ ঘৰত এদল পৰ্যটক উপস্থিত হয়। তেওঁলোক কেইবাঘণ্টা ধৰি লেখকৰ ঘৰতে আবদ্ধ হৈ পৰিল। ধুমুহাৰ ফলত ৰহস্য সাহিত্যিক আগাথাৰ ঘৰলৈ যোৱাৰ পথ বন্ধ হৈ পৰে সৰি পৰা গছ। ফলত শ শ পৰ্যটক আবদ্ধ হৈ পৰে।

শুকুৰবাৰে আগাথাৰ ঘৰলৈ আহিছিল কেইবাজনো পৰ্যটক। হঠাৎ বতৰ বৰ বেয়া হৈ পৰিল। চিএনএনৰ তথ্য অনুসৰি ধুমুহাৰ ফলত ঘৰটোৰ একমাত্ৰ প্ৰৱেশ পথটো এটা সৰি পৰা গছত আবদ্ধ হৈ পৰে। ৰাস্তাটো সংকীৰ্ণ হোৱাৰ বাবে কাষেৰে যাতায়ত কৰাটো সম্ভৱ নাছিল।

উল্লেখ্য যে ঘৰটো ব্ৰিটিছ নেচনেল ট্ৰাষ্টৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰা হয়। তেওঁলোকে কয় যে গছ সৰি পৰাৰ খবৰ পোৱাৰ পিছত সংস্থাটোৰ ৱেবছাইটত খবৰ দিয়া হৈছিল, যাতে পৰ্যটকসকলে চিন্তা নকৰে। গছবোৰ আঁতৰোৱাৰ কি ব্যৱস্থা কৰা হৈছে, সেই বিষয়েও জনোৱা হৈছে। আগাথাৰ ঘৰত আবদ্ধ হৈ থকা পৰ্যটকসকলে চাহ খাই, বাৰীত খেলা-ধূলা কৰি সময় কটালে।

বহু আগাথাৰ অনুৰাগীয়ে এই কাণ্ডৰ সৈতে সাদৃশ্য বিচাৰি পাইছিল তেওঁৰ ‘এণ্ড থেন ডেৰ ৱেৰ ন’ন’ নামৰ কিতাপখনত। সেই উপন্যাসখনত ১০ জনক এটা ঘৰলৈ নিমন্ত্ৰণ কৰা হৈছিল। ইজনে সিজনৰ বাবে অচিনাকি আছিল। ইয়াৰ পিছত তেওঁলোকক এজন এজনকৈ হত্যা কৰা হ’ল। হত্যাকাৰীও তাৰ ভিতৰত এজন। ডেভনত আগাথাৰ ঘৰলৈ অহা পৰ্যটকসকলে অৱশ্যে নিৰাপদে ঘৰলৈ উভতি আহিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প