--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ পৰা আৰব উপদ্বীপত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আবুধাবি বিমানবন্দৰত  ৰাজকীয় আদৰণি জনায় সংযুক্ত আৰব আমিৰশ্বাহীৰ ক্ৰাউন প্ৰিন্সে। প্ৰথমে ৰাষ্ট্ৰপতি ভৱনত অভ্যৰ্থনা অনুষ্ঠান আৰু তাৰ পিছত মোডীৰ সন্মানত নিৰামিষ ভোজন কৰা হয়। উষ্ম আদৰণিৰ মাজতে দুয়োখন দেশে বাণিজ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ বাৰ্তা দিলে।

আজি ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে মোদীয়ে বৈঠকত মিলিত হয়। তাত দুয়োখন দেশৰ মাজত বাণিজ্যিক সহযোগিতাৰ এক নতুন ৰূপৰেখা সৃষ্টি কৰা হৈছে। এইবাৰ দুয়োখন দেশে বাণিজ্যৰ সময়ত নিজাকৈ মুদ্ৰা আৰু ইউপিআই বিনিময় ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ সন্মত হৈছে। কেৱল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সুবিধাৰ বাবেই নহয়, ভাৰতৰ শিক্ষাক আমিৰশ্বাহীৰ ওচৰলৈ অনাৰ এই নতুন পদক্ষেপ আবুধাবিত এটা আই আই টি কেম্পাছ নিৰ্মাণ কৰিবলৈ ওলাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে আশা প্ৰকাশ কৰিছে যে দুয়োখন দেশৰ মুদ্ৰাৰ ব্যৱহাৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পথ সহজ কৰি তুলিব। দুয়োখন দেশৰ মাজত চুক্তি হৈছে। মোদীয়ে কয় যে ভাৰত আৰু আমিৰশ্বাহীৰ সহযোগিতাৰ এয়া অতি গুৰুত্বপূৰ্ণ দিশ। ইয়াৰ ফলত দুয়োখন দেশৰ বাণিজ্য বৃদ্ধি পাব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱসায়িক সহযোগিতাৰ পথ সহজ হৈ পৰিব।''

প্ৰধানমন্ত্ৰীৰ মতে, যোৱা বছৰ আমিৰশ্বাহীৰ সৈতে সৰ্বাংগীন বাণিজ্য সহযোগিতা চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা দুয়োখন দেশৰ বাণিজ্যৰ পৰিমাণ প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতি নাহিয়ানৰ পন্থাৰ শলাগ লয় মোদীয়ে। তেওঁৰ ভাষাত "উন্নয়নৰ কামত ৰাষ্ট্ৰপতি নাহিয়ানৰ চিন্তাধাৰা সঁচাকৈয়ে প্ৰশংসনীয়। সি মোক ভাইৰ দৰে ভাল পায়। ৰাষ্ট্ৰপতি নাহিয়ান ভাৰতৰ প্ৰকৃত বন্ধু।”

মোদীয়ে বাণিজ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু আমিৰশ্বাহীৰ মাজত যিদৰে সহযোগিতা বৃদ্ধি পাইছে তাৰ আঁৰত ৰাষ্ট্ৰপতিৰ ভূমিকাক প্ৰশংসা কৰে। 

কিন্তু ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে কেৱল বাণিজ্যিক সহযোগিতাৰ জৰিয়তে নহয়, শিক্ষা বিনিময়ৰ জৰিয়তেও সম্পৰ্কৰ ভৱিষ্যত গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে। আৰু সেই উদ্দেশ্যে আবুধাবিত আই আই টি দিল্লীৰ এটা কেম্পাছ নিৰ্মাণ কৰা হ’ব। মোদীয়ে কয় যে, ‘আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় শিক্ষানুষ্ঠানসমূহৰ সম্প্ৰসাৰণৰ বাবে এয়া এক অতি উল্লেখযোগ্য সিদ্ধান্ত। শিক্ষাৰ বান্ধোনত একত্ৰিত হ’ব ভাৰত আৰু আমিৰশ্বাহী। উদ্ভাৱনী শক্তিৰ বিকাশ হ’ব। যিয়ে এই দুখন দেশৰ লগতে সমগ্ৰ বিশ্বকে সমৃদ্ধ কৰিব।

চলিত বৰ্ষৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব। আমিৰশ্বাহীয়ে এই সন্মিলনৰ নেতৃত্ব দিব। এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ স্বয়ং মোডীয়ে সন্মত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস