--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান আশ্ৰয় লোৱা বাবে গুলীয়াই হত্যা কৰা হল এগৰাকী জনপ্ৰিয় আফগান গায়িকাক। তালিবানে আফগানিস্তান দখল কৰাত প্ৰাণৰ মমতাত প্ৰতিবেশী দেশ পাকিস্তানত আশ্ৰয় লৈছিল জনপ্ৰিয় কণ্ঠশিল্পী হাছিবা নূৰীয়ে। পাকিস্তানত আশ্ৰয় লোৱাটোৱেই কাল হ’ল হাছিবা নূৰীৰ। তেওঁক গুলীয়াই হত্যা কৰিলে তালিবানীয়ে। ঘটনাৰ পিছতে সমগ্ৰ পাকিস্তানতে উত্তেজনাৰ সৃষ্টি হৈছে। পাক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য, ২০২১ চনত হাছিবা তালিবানৰ পৰা পলায়ন কৰি পাকিস্তানলৈ আহিছিল। তেতিয়াৰ পৰা তেওঁ পাকিস্তানৰ পেছাৱৰত আছিল। তাতেই অচিনাক্ত দুৰ্বৃত্তই গায়িকাগৰাকীক গুলীয়াই হত্যা কৰে। 

পাকিস্তানত আশ্ৰয় লৈ হাছিবা নূৰীয়ে আফগানিস্তানৰ তালিবান শাসনৰ বিৰুদ্ধে মাত মাতি আহিছিল। আনকি তেওঁ কেইবাবাৰো আফগানী নাৰীয়ে সন্মুখীন হোৱা দুখ-দুৰ্দশাৰ কথা কৈছিল। লগতে মুক্তকণ্ঠে কৈছিল যে তালিবানে কেনেকৈ নাৰীক অত্যাচাৰ কৰি আছে। তালিবানৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবেই গায়িকাগৰাকীক হত্যা কৰা হল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

গায়িকাগৰাকীক গুলীয়াই হত্যা কৰাৰ পাছতে তেওঁৰ অনুৰাগীসকল শোকত ম্ৰিয়মাণ হৈ পৰিছে। এই বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰে বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ