--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা ৰহস্যজনক টুইটেৰে দেশবাসীক উৎকণ্ঠিত কৰি ৰখা সৌৰভ গাংগুলীৰ লক্ষ্য আৰু উদ্দেশ্য পোহৰলৈ আহিল৷ আজি সন্ধিয়া বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা বুলি ওলোৱা এটা খবৰে দেশজুৰি লাভ কৰিছিল ব্যাপক চৰ্চা৷ আনকি, গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদ ত্যাগ কৰি ৰাজনৈতিক দলত যোগদান কৰিব পাৰে বুলি চৰ্চা চলিছিল৷ চৰ্চা চলিছিল সৌৰভ গাংগুলীয়ে বিচিচিআইৰ দায়িত্ব এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিব৷

কিন্তু, গাংগুলীৰ আশাত যেন চেচাপানী ঢালিলে বিচিচিআইৰ সচিব জয় শ্বাহে৷ জয় শ্বাহে সৌৰভ গাংগুলীয়ে বিচিচিআইৰ পৰা পদত্যাগ কৰা নাই স্পষ্ট কৰি দিয়াৰ পাছত এতিয়া জানিব পৰা গৈছে যে কোনো পদত্যাগ নহয়,  সৌৰভ গাংগুলীয়ে বিচিচিআইৰ মুৰব্বী হৈয়ে থাকিব৷ গাংগুলীয়ে মুকলি কৰিব নতুন এডুকেশ্বন এপ্৷ 

গাংগুলীয়ে তেওঁৰ টুইটত লিখিছিল, ১৯৯২ চনত ক্ৰিকেটৰ সৈতে মোৰ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ২০২২ বৰ্ষটো ৩০সংখ্যক বছৰ। তেতিয়াৰ পৰা ক্ৰিকেটে মোক বহুত দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই মোক আপোনালোক সকলোৰে সমৰ্থন দিছিল। মোৰ যাত্ৰাৰ অংশ হোৱা, মোক সমৰ্থন কৰা আৰু আজি মই য’ত আছোঁ তাত উপণীত হোৱাত সহায় কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাব বিচাৰো। আজি, মই কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছোঁ যিটোৱে সম্ভৱতঃ বহুলোকক সহায় কৰিব বুলি মই অনুভৱ কৰোঁ। মই আশা কৰোঁ যে মই মোৰ জীৱনৰ এই অধ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ সমৰ্থন অব্যাহত ৰাখিব৷

আৰু সেই টুইটৰ পাছতে বহুতে প্ৰাক্তন ভাৰতীয় অধিনায়কৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে অনুমান কৰি আছিল কিয়নো উৰাবাতৰি ওলাইছিল যে গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি ৰাজনীতিত যোগদান কৰিবলৈ সাজু হৈছে।

এই সকলো চৰ্চাৰ মাজতে বিচিচিআইৰ সচিব জয় শ্বাহে এনে সকলো জল্পনা-কল্পনাক নস্যাৎ কৰিছে৷ শ্বাহে সংবাদ সংস্থা এএনআইক কয়, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা নাই৷ এতিয়া গাংগুলীয়েও মুখ খুলিছে আৰু স্পষ্ট কৰি দিছে যে তেওঁ বিচিচিআইৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰা নাই। তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ এটা নতুন এডুকেশ্বন এপ্ আৰম্ভ কৰিবলৈ সাজু হৈছে।

বৰ্তমান, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গাংগুলীয়ে বিচিচিআইৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, যিটো পদ তেওঁ ২০১৯ৰ অক্টোবৰত গ্ৰহণ কৰিছিল। তেওঁৰ অধীনতে বিচিচিআইয়ে শেহতীয়াকৈ কোনো বাদানুবাদ নোহোৱাকৈ সম্পূৰ্ণৰূপে ভাৰতত এইবৰ্ষৰ আইপিএল আয়োজন কৰিছিল আৰু ব’ৰ্ডৰ সামগ্ৰিক প্ৰচেষ্টাক ক্ৰিকেটানুৰাগীসকলে প্ৰশংসা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত