ডিজিটেল ডেস্ক: এটা ৰহস্যজনক টুইটেৰে দেশবাসীক উৎকণ্ঠিত কৰি ৰখা সৌৰভ গাংগুলীৰ লক্ষ্য আৰু উদ্দেশ্য পোহৰলৈ আহিল৷ আজি সন্ধিয়া বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা বুলি ওলোৱা এটা খবৰে দেশজুৰি লাভ কৰিছিল ব্যাপক চৰ্চা৷ আনকি, গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদ ত্যাগ কৰি ৰাজনৈতিক দলত যোগদান কৰিব পাৰে বুলি চৰ্চা চলিছিল৷ চৰ্চা চলিছিল সৌৰভ গাংগুলীয়ে বিচিচিআইৰ দায়িত্ব এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিব৷
কিন্তু, গাংগুলীৰ আশাত যেন চেচাপানী ঢালিলে বিচিচিআইৰ সচিব জয় শ্বাহে৷ জয় শ্বাহে সৌৰভ গাংগুলীয়ে বিচিচিআইৰ পৰা পদত্যাগ কৰা নাই স্পষ্ট কৰি দিয়াৰ পাছত এতিয়া জানিব পৰা গৈছে যে কোনো পদত্যাগ নহয়, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ মুৰব্বী হৈয়ে থাকিব৷ গাংগুলীয়ে মুকলি কৰিব নতুন এডুকেশ্বন এপ্৷
গাংগুলীয়ে তেওঁৰ টুইটত লিখিছিল, ১৯৯২ চনত ক্ৰিকেটৰ সৈতে মোৰ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ২০২২ বৰ্ষটো ৩০সংখ্যক বছৰ। তেতিয়াৰ পৰা ক্ৰিকেটে মোক বহুত দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই মোক আপোনালোক সকলোৰে সমৰ্থন দিছিল। মোৰ যাত্ৰাৰ অংশ হোৱা, মোক সমৰ্থন কৰা আৰু আজি মই য’ত আছোঁ তাত উপণীত হোৱাত সহায় কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাব বিচাৰো। আজি, মই কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছোঁ যিটোৱে সম্ভৱতঃ বহুলোকক সহায় কৰিব বুলি মই অনুভৱ কৰোঁ। মই আশা কৰোঁ যে মই মোৰ জীৱনৰ এই অধ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ সমৰ্থন অব্যাহত ৰাখিব৷
আৰু সেই টুইটৰ পাছতে বহুতে প্ৰাক্তন ভাৰতীয় অধিনায়কৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে অনুমান কৰি আছিল কিয়নো উৰাবাতৰি ওলাইছিল যে গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি ৰাজনীতিত যোগদান কৰিবলৈ সাজু হৈছে।
এই সকলো চৰ্চাৰ মাজতে বিচিচিআইৰ সচিব জয় শ্বাহে এনে সকলো জল্পনা-কল্পনাক নস্যাৎ কৰিছে৷ শ্বাহে সংবাদ সংস্থা এএনআইক কয়, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা নাই৷ এতিয়া গাংগুলীয়েও মুখ খুলিছে আৰু স্পষ্ট কৰি দিছে যে তেওঁ বিচিচিআইৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰা নাই। তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ এটা নতুন এডুকেশ্বন এপ্ আৰম্ভ কৰিবলৈ সাজু হৈছে।
বৰ্তমান, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গাংগুলীয়ে বিচিচিআইৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, যিটো পদ তেওঁ ২০১৯ৰ অক্টোবৰত গ্ৰহণ কৰিছিল। তেওঁৰ অধীনতে বিচিচিআইয়ে শেহতীয়াকৈ কোনো বাদানুবাদ নোহোৱাকৈ সম্পূৰ্ণৰূপে ভাৰতত এইবৰ্ষৰ আইপিএল আয়োজন কৰিছিল আৰু ব’ৰ্ডৰ সামগ্ৰিক প্ৰচেষ্টাক ক্ৰিকেটানুৰাগীসকলে প্ৰশংসা কৰিছিল।