--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন এতিয়া ইডিৰ জিম্মাত। ধনৰ অবৈধ লেনদেনৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে আপৰ গুৰুত্বপূৰ্ণ নেতাগৰাকীক। এই গ্ৰেপ্তাৰক লৈ এতিয়া দেশৰ ৰাজনীতি তোলপাৰ হৈ আছে। দিল্লীৰ স্বাস্থ্যমন্ত্ৰীৰ পাছত এইবাৰ গ্ৰেপ্তাৰ হ’ব উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া। স্বয়ং এই দাবী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ভুৱা গোচৰত উপ মুখ্যমন্ত্ৰী ছিছোদিয়াক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশংকা প্ৰকাশ কৰিছে কেজৰিৱালে।

 

তেওঁ কয়, ‘সত্যেন্দ্ৰ জৈনৰ পাছত এইবাৰ কেন্দ্ৰীয় সংস্থাই ভুৱা গোচৰত মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। আমাৰ এটা সূত্ৰই প্ৰকাশ কৰিছে যে, কেন্দ্ৰই ছিছোদিয়াক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে।’ মনীষ ছিছোদিয়াক ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বিপ্লৱৰ প্ৰতিষ্ঠাতা বুলি অভিহিত কৰি কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অৰবিন্দ কেজৰিৱাল।

 

তেওঁ লগতে কয়, ‘ছিছোদিয়াই আশাৰ সঞ্চাৰ ঘটোৱা ১৮ লাখ শিক্ষাৰ্থীক মই সুধিব বিচাৰিছোঁ মনীষ ছিছোদিয়া দুৰ্নীতিগ্ৰস্ত নেকি? তোমালোকে কি ভাবা?’

 

কেন্দ্ৰৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰা কেজৰিৱালে আম আদমী পাৰ্টীৰ সকলো নেতাকে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, ‘মই প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনাইছোঁ যে, আপৰ সকলো নেতা-মন্ত্ৰীক তেওঁ কাৰাৰুদ্ধ কৰক। আৰু সকলো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকে তেওঁ এই গোচৰ একেলগে চলাবলৈ নিৰ্দেশ দিয়ক। আপোনালোকে যিমান বিচাৰে সিমান তালাচী চলাওক। এটা সময়ত এজন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ ফলত ৰাজহুৱা কাম-কাজ ব্যাহত হৈ পৰে।’

 

তেওঁ লগতে কয় যে, একাংশ লোকে কৈছে যে, এয়া সমাগত হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ বাবে কৰা হৈছে। একাংশই দাবী কৰিছে যে, এয়া পঞ্জাব নিৰ্বাচনৰ প্ৰতিশোধকল্পে কৰা হৈছে।কাৰণ যিয়েই নহওক আমি গ্ৰেপ্তাৰক ভয় নকৰোঁ। বিগত পাঁচ বছৰত আপ নেতাৰ বিৰুদ্ধে ভালেমান তালাচী চলোৱা হৈছে কিন্তু একোকেই জব্দ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক। কেৱল এয়াই নহয় কেজৰিৱাল চৰকাৰৰ মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ ৪.৮১ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ইডি-এ। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন