--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন এতিয়া ইডিৰ জিম্মাত। ধনৰ অবৈধ লেনদেনৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে আপৰ গুৰুত্বপূৰ্ণ নেতাগৰাকীক। এই গ্ৰেপ্তাৰক লৈ এতিয়া দেশৰ ৰাজনীতি তোলপাৰ হৈ আছে। দিল্লীৰ স্বাস্থ্যমন্ত্ৰীৰ পাছত এইবাৰ গ্ৰেপ্তাৰ হ’ব উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া। স্বয়ং এই দাবী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ভুৱা গোচৰত উপ মুখ্যমন্ত্ৰী ছিছোদিয়াক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশংকা প্ৰকাশ কৰিছে কেজৰিৱালে।

 

তেওঁ কয়, ‘সত্যেন্দ্ৰ জৈনৰ পাছত এইবাৰ কেন্দ্ৰীয় সংস্থাই ভুৱা গোচৰত মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। আমাৰ এটা সূত্ৰই প্ৰকাশ কৰিছে যে, কেন্দ্ৰই ছিছোদিয়াক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে।’ মনীষ ছিছোদিয়াক ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বিপ্লৱৰ প্ৰতিষ্ঠাতা বুলি অভিহিত কৰি কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অৰবিন্দ কেজৰিৱাল।

 

তেওঁ লগতে কয়, ‘ছিছোদিয়াই আশাৰ সঞ্চাৰ ঘটোৱা ১৮ লাখ শিক্ষাৰ্থীক মই সুধিব বিচাৰিছোঁ মনীষ ছিছোদিয়া দুৰ্নীতিগ্ৰস্ত নেকি? তোমালোকে কি ভাবা?’

 

কেন্দ্ৰৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰা কেজৰিৱালে আম আদমী পাৰ্টীৰ সকলো নেতাকে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, ‘মই প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনাইছোঁ যে, আপৰ সকলো নেতা-মন্ত্ৰীক তেওঁ কাৰাৰুদ্ধ কৰক। আৰু সকলো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকে তেওঁ এই গোচৰ একেলগে চলাবলৈ নিৰ্দেশ দিয়ক। আপোনালোকে যিমান বিচাৰে সিমান তালাচী চলাওক। এটা সময়ত এজন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ ফলত ৰাজহুৱা কাম-কাজ ব্যাহত হৈ পৰে।’

 

তেওঁ লগতে কয় যে, একাংশ লোকে কৈছে যে, এয়া সমাগত হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ বাবে কৰা হৈছে। একাংশই দাবী কৰিছে যে, এয়া পঞ্জাব নিৰ্বাচনৰ প্ৰতিশোধকল্পে কৰা হৈছে।কাৰণ যিয়েই নহওক আমি গ্ৰেপ্তাৰক ভয় নকৰোঁ। বিগত পাঁচ বছৰত আপ নেতাৰ বিৰুদ্ধে ভালেমান তালাচী চলোৱা হৈছে কিন্তু একোকেই জব্দ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক। কেৱল এয়াই নহয় কেজৰিৱাল চৰকাৰৰ মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ ৪.৮১ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ইডি-এ। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত