--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যস্ততাপূৰ্ণ এই জীৱনত কেতিয়াবা নিজলৈকে সময় নিমিলা হয়, এনে পৰিস্থিতিত মুম্বাইৰ দুজন মানৱদৰদী লোকে এটি অচিনাকি শিশুৰ জীৱন বচাবলৈ গৈ কি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া জানিলে তেওঁলোকৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা জাগি উঠিব। এটি ৫ বছৰীয়া শিশুৱে তেওঁৰ মাতৃৰ সৈতে বেষ্ট বাছত যাত্ৰা কৰি আছিল। হঠাতে শিশুটি  বাছত অসুস্থ হ'ল আৰু শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিল। এনে পৰিস্থিতিত কণ্ডাক্টৰ আৰু ড্ৰাইভাৰে লগে লগে ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকে সকলো যাত্ৰীক নমাই বাছখন খালী কৰি দিছিল আৰু মাতৃসহ শিশুটিক লৈ বাচখন চলাই চিকিৎসালয়লৈ লৈ গৈছিল। যাতে সঠিক সময়ত চিকিৎসা লাভ কৰি শিশুটি সুস্থ হৈ উঠিব পাৰে। তানভি গাভাংকাৰ নামৰ এগৰাকী মহিলাই এই ঘটনাটো ফেচবুকত শ্বেয়াৰ কৰিছিল। মানুহে সেই ঘটনাৰ বিষয়ে জানি কৈছিল 'আমি নিশ্চিত যে মানৱতা জীয়াই আছে!' তানভি গাভাংকাৰে লিখিছিল- ''সাধাৰণতে মই মোৰ অভিজ্ঞতাৰ ওপৰত কোনো পোষ্ট লিখা নাই। কিন্তু এইবাৰ মই নিজকে এইটো ঘটনাৰ বিষয়ে লিখাত বাধা দিব নোৱাৰিলোঁ। ঘটনাটো কালি মুম্বাইৰ শিৱাজী পাৰ্কৰ ঠাকুৰ চিকিৎসালয়ত সংঘটিত হৈছিল। মই দুপৰীয়া প্ৰায় ১.৩০ বজাত চিকিৎসালয়ৰ পৰা যাবলৈ ওলাইছিলো, সেই সময়তে দেখিছিলোঁ এজন বাছ কণ্ডাক্টৰ, ড্ৰাইভাৰ আৰু ২-৩জন মানুহ চিকিৎসালয়লৈ দৌৰি আহিছে। বাছ কণ্ডাক্টৰজনে এটা সৰু শিশুক কোলাত লৈ আহিছিল আৰু এগৰাকী অসহায় মাতৃয়ে কান্দি আছিল। এয়া দেখি চিকিৎসালয়ৰ কৰ্মচাৰীসকলে শিশুটোক সহায় কৰিবলৈ দৌৰি গৈছিল। নাৰ্চে লগে লগে শিশুটিক প্ৰাথমিক চিকিৎসা দিছিল। মই জানিব পাৰিলোঁ যে মাকৰ সৈতে বাছত যাত্ৰা কৰোঁতে শিশুটোৰ চিজাৰ হৈছিল আৰু তেওঁৰ স্বাস্থ্য গুৰুতৰভাৱে অৱনতি হৈছিল। ড্ৰাইভাৰজনে এই বিষয়ে গম পোৱাৰ লগে লগে বাছখন ৰখাইছিল আৰু সকলো যাত্ৰীক নমাই খালী কৰি দিছিল। ইয়াৰ পাছত তেওঁ বাছখন ঘূৰাই লগে লগে শিশুটোক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। ড্ৰাইভাৰ আৰু বাছ কণ্ডাক্টৰজনে শিশুটোক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে ৰাতিপুৱাৰ পৰা উপাৰ্জন কৰা সকলো ধন চিকিৎসালয়ত দিছিল। চিকিৎসালয়খনে শিশুটোক ভৰ্তি কৰা আৰু চিকিৎসা কৰাৰ আগতে মাচুল বিচৰা নাছিল কিন্তু চিকিৎসাত যাতে কোনো পলম নহয় তাৰবাবে ড্ৰাইভাৰ আৰু বাছ কণ্ডাক্টৰজনে এই সিদ্ধান্ত লৈছিল। তেওঁলোকৰ তৎপৰতাতে শিশুটিৰ প্ৰাণৰক্ষা পৰে। অলপ দেৰি হোৱা হ'লেই শিশুটিৰ হয়তো জীৱন ৰক্ষা কৰিব পৰা নগ'লহেঁতেন। 'বেষ্ট'ৰ মহাপ্ৰৱন্ধক লোকেশ চন্দ্ৰই ড্ৰাইভাৰ আৰু কণ্ডাক্টৰজনক তেওঁলোকৰ তৎক্ষণাৎ পদক্ষেপৰ বাবে সম্বৰ্ধনা জনায়, তেওঁলোকক পুৰস্কৃত কৰা হ'ব বুলি ঘোষণা কৰে লোকেশ চন্দ্ৰই। শিশুটিৰ প্ৰাণৰক্ষা কৰা বাবে কণ্ডাক্টৰ আৰু ড্ৰাইভাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে সকলো লোকে। আৰু পঢ়কঃ ইছলাম নহয় এইবাৰ হিন্দু ধৰ্মৰ বাবে অভিনয় জগতক বিদায় জনালে এইগৰাকী অভিনেত্ৰীয়ে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন