--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমাজন ডেলিভাৰী বয় এজনে বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি প্ৰায় ৬৬ হাজাৰ টকা জমা কৰিছিল। ইয়াৰ পিছত তেওঁ এটা ডাঙৰ ৰিস্ক লৈছিল। তেওঁ জমা কৰি ৰখা সকলো টকা ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰে। এনে কৰাৰ ফলত মাত্ৰ ২৮ বছৰ বয়সতে তেওঁ কোটিপতি হৈ পৰিছে।

যুৱকজনৰ নাম কেইফ ভাট্টী। তেওঁৰ ঘৰ ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ ৱেষ্ট ড্ৰেটনত। তেওঁ নিজৰ সফলতাৰ কথা কওতে কয় যে আগতে বিদ্যালয়ৰ শিক্ষকসকলে সহপাঠীৰ সন্মুখত তেওঁক প্ৰায়ে অপমান আৰু ঠাট্টা কৰিছিল। সেয়েহে তেওঁ সংকল্প লৈছিল যে জীৱনত এদিন নহয় এদিন তেওঁ সফল হৈ দেখাবয়।

২০১৭ চনত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ আমাজনৰ ডেলিভাৰী বয় হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু তাৰ পিছত কেইফে এটা ডাঙৰ ৰিস্ক লৈছিল। তেওঁ নিজৰ সকলো সঞ্চয় ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰিছিল। তাৰ পিছত তেওঁ ‘ভেৰ্গে’ নামৰ এটা মুদ্ৰাত প্ৰায় ৬৬ হাজাৰ টকা বিনিয়োগ কৰে।

কেইদিনমানৰ পাছত মুদ্ৰাটোৰ দাম প্ৰচণ্ডভাৱে বৃদ্ধি পালে। এই বিনিয়োগৰ পৰা তেওঁ প্ৰায় ২৮ লাখ টকা উপাৰ্জন কৰিছিল। ইয়াৰ পিছতে তেওঁ আমাজনৰ চাকৰি এৰিলে। কেইফে কৈছিল- মই বিশ্বাস কৰিব পৰা নাছিলো। ইমান টকা আগতে দেখা নাছিলোঁ।

ভাগ্য ভাল যে কেইফে ৰিস্ক লোৱাৰ পুৰস্কাৰ পালে আৰু লাহে লাহে তেওঁৰ উপাৰ্জন বাঢ়িবলৈ ধৰিলে। এমাজন ত্যাগ কৰা কেইমাহমানৰ পাছতে তেওঁ প্ৰায় ৫ কোটি টকা উপাৰ্জন কৰে আৰু এবছৰৰ পাছত তেওঁৰ উপাৰ্জন দুগুণে বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ