--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমাজন ডেলিভাৰী বয় এজনে বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি প্ৰায় ৬৬ হাজাৰ টকা জমা কৰিছিল। ইয়াৰ পিছত তেওঁ এটা ডাঙৰ ৰিস্ক লৈছিল। তেওঁ জমা কৰি ৰখা সকলো টকা ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰে। এনে কৰাৰ ফলত মাত্ৰ ২৮ বছৰ বয়সতে তেওঁ কোটিপতি হৈ পৰিছে।

যুৱকজনৰ নাম কেইফ ভাট্টী। তেওঁৰ ঘৰ ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ ৱেষ্ট ড্ৰেটনত। তেওঁ নিজৰ সফলতাৰ কথা কওতে কয় যে আগতে বিদ্যালয়ৰ শিক্ষকসকলে সহপাঠীৰ সন্মুখত তেওঁক প্ৰায়ে অপমান আৰু ঠাট্টা কৰিছিল। সেয়েহে তেওঁ সংকল্প লৈছিল যে জীৱনত এদিন নহয় এদিন তেওঁ সফল হৈ দেখাবয়।

২০১৭ চনত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ আমাজনৰ ডেলিভাৰী বয় হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু তাৰ পিছত কেইফে এটা ডাঙৰ ৰিস্ক লৈছিল। তেওঁ নিজৰ সকলো সঞ্চয় ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰিছিল। তাৰ পিছত তেওঁ ‘ভেৰ্গে’ নামৰ এটা মুদ্ৰাত প্ৰায় ৬৬ হাজাৰ টকা বিনিয়োগ কৰে।

কেইদিনমানৰ পাছত মুদ্ৰাটোৰ দাম প্ৰচণ্ডভাৱে বৃদ্ধি পালে। এই বিনিয়োগৰ পৰা তেওঁ প্ৰায় ২৮ লাখ টকা উপাৰ্জন কৰিছিল। ইয়াৰ পিছতে তেওঁ আমাজনৰ চাকৰি এৰিলে। কেইফে কৈছিল- মই বিশ্বাস কৰিব পৰা নাছিলো। ইমান টকা আগতে দেখা নাছিলোঁ।

ভাগ্য ভাল যে কেইফে ৰিস্ক লোৱাৰ পুৰস্কাৰ পালে আৰু লাহে লাহে তেওঁৰ উপাৰ্জন বাঢ়িবলৈ ধৰিলে। এমাজন ত্যাগ কৰা কেইমাহমানৰ পাছতে তেওঁ প্ৰায় ৫ কোটি টকা উপাৰ্জন কৰে আৰু এবছৰৰ পাছত তেওঁৰ উপাৰ্জন দুগুণে বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু