--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃব্যস্ততাৰ মাজত আমি বহু কথাই পাহৰি যাওঁ।কিন্তু সকলো কথা পাহৰি গ’লেও এটা কথা পিছে পাহৰিলে বহুতৰে ঘৰত অশান্তি হোৱাৰ আশংকাই বেছি। বিশেষকৈ বহু বিবাহিত লোকৰ ক্ষেত্ৰত সেই কথাষাৰ পাহৰি যোৱাটো বিপদৰ সংকেত হ’ব পাৰে। সেই কথাষাৰ হৈছে পত্নীৰ জন্মদিন।

পত্নীৰ জনম্দিনটো পাহৰি যোৱাৰ ফলত বহু পৰিয়ালতে সাময়িক অশান্তি হোৱাটো স্বাভাৱিক কথা। যিগৰাকী পত্নীয়ে ইমান কষ্ট কৰি ঘৰ খন ধৰি ৰাখে তেওঁৰেই যদি জন্মদিনটো স্বামীয়ে পাহৰি যায় তেন্তে সেয়া বহু পত্নীৰ বাবে মনত আঘাত লাগিবলগীয়া কথাই হ’ব নিশ্চয়। পত্নীৰ জন্মদিনটো পাহৰি গ’লে স্বামীৰ কাৰাবাস পৰ্যন্ত হ’ব পাৰে। অৱশ্যে আমৰ দেশ ভাৰতবৰ্ষত তেনে কোনো কঠোৰ  আইন নাই। তেনে শাস্তিৰ বিধান আছে আমাৰ চুবুৰীয়া দেশ শ্ৰীলংকাত।

পৃথিৱীৰ বিভিন্ন দেশত কিছুমান অদ্ভুত আইন থকাৰ দৰে শ্ৰীলংকাতো আছে তেনে এখন আইন। যিখন আইনে পত্নীৰ জন্মদিন পাহৰি যোৱা স্বামীক পোনে পোনে পোৱাবগৈ পৰাৰে কাৰাগাৰ। 

আমাৰ চুবুৰীয়া দেশ শ্ৰীলংকাত এনে ধৰণৰ অদ্ভুত নিয়ম প্ৰচলন হৈ আছে। সেই দেশ খনত পত্নীৰ জন্মদিন  পাহৰি গ'লে ইয়াক অপৰাধ হিচাবে গণ্য কৰা হয়।শ্ৰীলংকাৰ চামোৱা দ্বীপত  বাস কৰা লোকসকলৰ মাজত এনে আইন প্ৰচলন হৈ আছে। 

পত্নীক জন্মদিনৰ শুভেচ্ছা নজনোৱা  বা পত্নীৰ জন্মদিন উদযাপন নকৰাৰ অৰ্থ হৈছে স্বামীয়ে পত্নীক পাহৰি গৈছে। এনে পৰিস্থিতিত পত্নীয়ে আৰক্ষী চকীলৈ যাব পাৰে আৰু স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে। শাস্তি স্বৰূপে, আৰক্ষীয়ে স্বামীক এদিনৰ বাবে জিম্মাত ৰাখিবও পাৰে, জৰিমনাও বিহিব পাৰে। সেয়ে দ্বীপটোৰ পুৰুষসকলে আন কথা পাহৰিলেও অন্ততঃ পত্নীৰ জন্মদিনটো কেতিয়াও নাপাহৰে। 

ফলত দ্বীপটোত বাস কৰা স্বামী-স্ত্ৰীসকলৰ মাজত বুজাপৰাও বহু বেছি বুলি বহুতে কৈ আহিছে। ভাৰততো তেনে আইন এখন থকাহেঁতেন কিমান লোকে যে নিতৌ লকআপত সোমাবলগীয়া হ’লহেঁতেন!








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু