--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

 ই-কমাৰ্চ ৱেবছাইট আমাজন আৰু এক্সোটিক ইণ্ডিয়াই এইবাৰ ভগৱান কৃষ্ণৰ এক অশালীন ছবি প্ৰচাৰ কৰি নিজৰ বিপদ নিজেই মাতি আনিলে৷ জন্মাষ্টমীৰ সময়তেই  হিন্দু সকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ আৰু ৰাধাৰ অশালীন ফটোক আমাজনে ব্যৱসায় কৰাক লৈ ক্ষোভিত হৈ পৰিছে ভক্ত সকল৷ আৰু  প্ৰতিবাদ হিচাপে হিন্দু ভক্ত সকলে এতিয়া গঢ়ি তুলিছে বয়কট আমাজন ট্ৰেণ্ড৷
চিত্ৰখনত

আমাজনে  ব্যৱহাৰ কৰা এই বিশেষ ছবিখনত হিন্দু ভগৱান শ্ৰীকৃষ্ণক  আপত্তিজনক আৰু অশ্লীল ভঙ্গীত দেখুওৱা হৈছে।কেইবাজনো টুইটাৰ ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যমত  তেওঁলোকৰ অসন্তুষ্টি  প্ৰকাশ কৰিছে৷   চিত্ৰখনত ভগৱান কৃষ্ণ আৰু ৰাধাক একেলগে উলংগ অৱস্থাত দেখুওৱা হৈছে। আৰু এই ছবিখন বিক্ৰীৰ বাবে প্ৰচাৰ কৰিছিল ই কমাৰ্চ ৱেবছাইট আমাজনে৷ 

এই ফটোখনক কেন্দ্ৰ কৰি ক্ৰমান্বয়ে বিতৰ্ক বৃদ্ধি পাইছে৷ আৰু ক্ষোভিত ভক্ত সকলে  ন্যায়ৰ বাবে   ছ'চিয়েল মিডিয়াত আমাজন বয়কট কৰিবলৈ আহ্বান জনাইছে।


আনহাতে বহুতে দাবী কৰিছে যে আমাজনে আমাজনে ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে।  তদুপৰি শ্ৰীকৃষ্ণ আৰু ৰাধাৰ সম্পৰ্ক ইমান পবিত্ৰ হোৱা স্বত্বেও আমাজনে কেনেকৈ তেওঁলোকৰ অশ্লীল ফটো প্ৰচাৰ কৰিবলৈ সাহস পালে বুলিও বহুতে প্ৰশ্ন কৰিছে৷ লগতে ভৱিষ্যতে এনে ভুল নকৰিবলৈ হিন্দু ভক্তসকলে  সকিয়াই দিছে আমাজনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু