--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

 ই-কমাৰ্চ ৱেবছাইট আমাজন আৰু এক্সোটিক ইণ্ডিয়াই এইবাৰ ভগৱান কৃষ্ণৰ এক অশালীন ছবি প্ৰচাৰ কৰি নিজৰ বিপদ নিজেই মাতি আনিলে৷ জন্মাষ্টমীৰ সময়তেই  হিন্দু সকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ আৰু ৰাধাৰ অশালীন ফটোক আমাজনে ব্যৱসায় কৰাক লৈ ক্ষোভিত হৈ পৰিছে ভক্ত সকল৷ আৰু  প্ৰতিবাদ হিচাপে হিন্দু ভক্ত সকলে এতিয়া গঢ়ি তুলিছে বয়কট আমাজন ট্ৰেণ্ড৷
চিত্ৰখনত

আমাজনে  ব্যৱহাৰ কৰা এই বিশেষ ছবিখনত হিন্দু ভগৱান শ্ৰীকৃষ্ণক  আপত্তিজনক আৰু অশ্লীল ভঙ্গীত দেখুওৱা হৈছে।কেইবাজনো টুইটাৰ ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যমত  তেওঁলোকৰ অসন্তুষ্টি  প্ৰকাশ কৰিছে৷   চিত্ৰখনত ভগৱান কৃষ্ণ আৰু ৰাধাক একেলগে উলংগ অৱস্থাত দেখুওৱা হৈছে। আৰু এই ছবিখন বিক্ৰীৰ বাবে প্ৰচাৰ কৰিছিল ই কমাৰ্চ ৱেবছাইট আমাজনে৷ 

এই ফটোখনক কেন্দ্ৰ কৰি ক্ৰমান্বয়ে বিতৰ্ক বৃদ্ধি পাইছে৷ আৰু ক্ষোভিত ভক্ত সকলে  ন্যায়ৰ বাবে   ছ'চিয়েল মিডিয়াত আমাজন বয়কট কৰিবলৈ আহ্বান জনাইছে।


আনহাতে বহুতে দাবী কৰিছে যে আমাজনে আমাজনে ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে।  তদুপৰি শ্ৰীকৃষ্ণ আৰু ৰাধাৰ সম্পৰ্ক ইমান পবিত্ৰ হোৱা স্বত্বেও আমাজনে কেনেকৈ তেওঁলোকৰ অশ্লীল ফটো প্ৰচাৰ কৰিবলৈ সাহস পালে বুলিও বহুতে প্ৰশ্ন কৰিছে৷ লগতে ভৱিষ্যতে এনে ভুল নকৰিবলৈ হিন্দু ভক্তসকলে  সকিয়াই দিছে আমাজনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ