--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ আমেৰিকাৰ দেশ চিলিত নিশাটোৰ ভিতৰতে সৃষ্টি হৈছে ৬৬৫ ফুট দ গাঁত। এই গাঁতটো কেনেকৈ গঢ় লৈ উঠিল তাক লৈ বিজ্ঞানীসকল বিমোৰত পৰিছে। ৰাতিটোৰ ভিতৰতে গঠন হোৱা প্ৰায় ৮২ ফুট ব্যাসৰ এটা গাঁতক কেন্দ্ৰ কৰি বৰ্তমান বিভিন্ন ৰহস্য কেন্দ্ৰীভূত হৈ আছে। দক্ষিণ আমেৰিকাৰ দেশ চিলিৰ ৰাজধানী ছান্টিয়াগোৰ পৰা প্ৰায় ৪১৩ কিলোমিটাৰ উত্তৰে এই ক্ৰেটাৰ গঠন হৈছিল।

চিলিৰ যিটো ঠাইত এই গাঁত দেখা গৈছিল, সেই ঠাইত তামৰ খনি আছে। কিন্তু কানাডা আৰু জাপানৰ দুটা কোম্পানীৰ মালিকানাধীন খনিটোৰ পৰা এই গাঁতটো সৃষ্টি কৰা হৈছে নে নাই সেই বিষয়ে চিলিৰ বিজ্ঞানীসকল নিশ্চিত নহয়। চিলিৰ কৰ্তৃপক্ষই জনোৱা মতে, এই খোলাটৰ পৰা আধা কিলোমিটাৰৰ ভিতৰত কোনো জনসংখ্যা নাই।

প্ৰথম অৱস্থাত বিশেষজ্ঞসকলৰ মতে গাঁতটোৰ গভীৰতা কমেও ৬৬৫ ফুট। তদুপৰি গুহাটোৰ তলভাগত পানী ওলায়। 

বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই, খবৰ অনুসৰি চিলিৰ ‘নেচনেল চাৰ্ভিচ অৱ জিঅ’লজি এণ্ড মাইনিং’ৰ বিশেষজ্ঞসকলে সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ ঘটনাস্থলীলৈ গৈ আছে।

সোমবাৰে এক বিবৃতিত লুণ্ডিন মাইনিঙে জোৰ দি কয় যে এই ডুব যোৱা খহটোৱে কোনো কৰ্মী বা সম্প্ৰদায়ৰ লোকক প্ৰভাৱিত কৰা নাই। বিবৃতিটোত কোৱা হৈছে যে, "নিকটতম ঘৰ ৬০০ মিটাৰতকৈও অধিক দূৰত, আনহাতে যিকোনো জনবহুল অঞ্চল বা জনসেৱা আক্ৰান্ত অঞ্চলৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত।" প্ৰকাণ্ড গাঁতটোৰ কাৰণ নিৰ্ণয় কৰিবলৈ কোম্পানীটোৱে কাৰিকৰী বিশ্লেষণো চলাই থকা বুলি জানিব পৰা গৈছে। লুণ্ডিন মাইনিঙ উক্ত সম্পত্তিৰ ৮০ শতাংশ  মালিক হোৱাৰ বিপৰীতে বাকীখিনি জাপানৰ চুমিটোমো কৰ্প’ৰেশ্যনৰ হাতত আছে। এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ গভীৰ ডুব যোৱা খোলাটো আছিল চীনৰ চংকিং জিলাত, যাৰ গভীৰতা ২১৭১ ফুট আৰু বহল ৬৭৩৫ মিটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ